নেশ্যনেল ডেস্ক,২৯ জুন : যোৱা ৩ মে'ৰ পৰা মণিপুৰৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে । পৰিস্থিতি উন্নত হোৱা নাই যদিও চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইয়াৰ মাজতে বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । এই ভ্ৰমণকালত নেতাগৰাকীয়ে সাহায্য শিবিৰ পৰিদৰ্শন কৰিব আৰু তাত থকা ভুক্তভোগীসকলক সাক্ষাৎ কৰিব । নাগৰিক সমাজৰ লগতে বিভিন্ন সংগঠনৰ সৈতেও তেওঁ বাৰ্তালাপ কৰিব ।
এক দলীয় সূত্ৰই জনোৱা মতে ৩ মে'ত হিংসাত্মক পৰিস্থিতি আৰম্ভ হোৱাৰ পাছত এয়া কংগ্ৰেছ নেতাগৰাকীৰ প্ৰথমটো মণিপুৰ ভ্ৰমণ । ইম্ফলত উপস্থিত হোৱাৰ পাছতে ৰাহুল গান্ধীয়ে সংঘৰ্ষৰ কেন্দ্ৰ চুৰাচান্দপুৰ ভ্ৰমণ কৰিব । তাৰ পাছত তেওঁ বিষ্ণুপুৰ জিলাৰ মইৰাঙলৈ যাব আৰু ঘৰ এৰি পলায়ন কৰি শিবিৰত আশ্ৰয় লোৱাসকলৰ সৈতে বাৰ্তালাপ কৰিব ।
দলীয় সূত্ৰই জনোৱা মতে ৰাহুল গান্ধীয়ে শুকুৰবাৰে ইম্ফলৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰিব আৰু পাছত কিছুমান নাগৰিক সমাজ বা সংগঠনৰ সৈতে বাৰ্তালাপ কৰিব ।
লক্ষণীয়ভাৱে গৃহমন্ত্ৰী অমিত শ্বাহেও ইয়াৰ পূৰ্বে ৰাজ্যখন ভ্ৰমণ কৰিছিল । সেই ভ্ৰমণকালত তেওঁ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছিল । বৈঠকৰ পাছত তেওঁ ৰাজ্যখনৰ জনসাধাৰণক আশ্বাস দিছিল যে ৰাজ্যখনৰ পৰিৱেশ নষ্ট কৰিবলৈ চেষ্টা কৰা যিকোনো লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব । হিংসা প্ৰতিহত কৰাৰ বাবেও পদক্ষেপ লোৱা হ'ব । অৱশ্যে এতিয়ালৈ ৰাজ্যখনৰ পৰিস্থিতি উন্নত নোহোৱাত এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যবাসী ।
ইফালে ৰাজ্যখনৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত হোৱা জাতিগত হিংসাত এতিয়ালৈকে ১০০ ৰো অধিক লোক নিহত হৈছে । হাজাৰ হাজাৰ লোকৰ ঘৰ জ্বলাই দিয়া হৈছে । যাৰ বাবে তেওঁলোকে আশ্ৰয় শিবিৰত দিন ৰাতি কটাবলগীয়া হৈছে । ইফালে ৰাজ্যজুৰি সেনা আৰু আৰক্ষীয়ে নিৰন্তৰ অভিযান অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :Ulta Rath Yatra mishap : ত্ৰিপুৰাৰ ৰথ যাত্ৰাত হতাহত লোকৰ বাবে আৰ্থিক সাহায্য ঘোষণা চৰকাৰৰ