ETV Bharat / bharat

Rahul Gandhi disqualify issue: প্ৰধানমন্ত্ৰী মোডীক প্ৰত্যাহ্বান প্ৰিয়ংকা গান্ধীৰ - Priyanka Gandhi slams Modi

ভাতৃৰ পক্ষত থিয় দি মোডী চৰকাৰক আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ (Priyanka Gandhi slams Modi govt)। ৰাহুল গান্ধীৰ প্ৰশ্নবোৰ সমগ্ৰ দেশতে শুনিবলৈ পোৱা যাব । সংসদত গান্ধী পৰিয়ালক লৈ প্ৰধানমন্ত্ৰী মোডীয়ে কৰা মন্তব্যকো তীব্ৰ সমালোচনা প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ ।

Rahul Gandhi disqualify issue
প্ৰধানমন্ত্ৰী মোডীক প্ৰত্যাহ্বান প্ৰিয়ংকা গান্ধীৰ
author img

By

Published : Mar 25, 2023, 5:20 PM IST

নেশ্যনেল ডেস্ক,২৫ মাৰ্চ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে (Rahul Gandhi disqualify issue)। ইতিমধ্যে কংগ্ৰেছ দলে দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ৰাহুল গান্ধীৰ ভগ্নী তথা নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেত্ৰীগৰাকী (Priyanka on Rahul Gandhi disqualify issue)।

প্ৰিয়ংকা গান্ধীৰ মতে মানুহৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে । ৰাহুল গান্ধীয়ে উত্থাপন কৰা প্ৰশ্নবোৰ এতিয়া সমগ্ৰ দেশতে গুঞ্জৰি উঠিব আৰু ইয়াৰ উত্তৰ দিব লাগিব বুলিও মোডী চৰকাৰক উভতি ধৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই শনিবাৰে কয় যে ৰাহুল গান্ধীক তেওঁৰ প্ৰশ্নবোৰৰ বাবে আক্ৰমণ কৰা হৈছে । যেতিয়া ৰাইজে নিৰ্বাচিত কৰা নেতাজনে ৰাইজৰ হৈ প্ৰশ্ন সুধিছে আদানীৰ সেৱকে সেই নেতাজনৰ কণ্ঠস্বৰ দমন কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে (Priyanka Gandhi slams Modi govt)।

ইয়াৰ পূৰ্বেও প্ৰিয়ংকা গান্ধীয়ে শুকুৰবাৰে কেইবাটাও টুইটযোগে মোডী চৰকাৰক আক্ৰমণ কৰিছিল । প্ৰিয়ংকাই সেই টুইটত কৈছিল যে প্ৰধানমন্ত্ৰী মোডীৰ ভক্তই শ্বহীদ প্ৰধানমন্ত্ৰীৰ পুত্ৰক বিশ্বাসঘাতক মীৰ জাফৰ বুলি অভিহিত কৰিছে । মোডীৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে ৰাহুল গান্ধীৰ পিতৃ কোন ? তেওঁ কয় যে কাশ্মীৰী পণ্ডিতৰ ৰীতি-নীতি অনুসৰণ কৰি, এজন পুত্ৰই তেওঁৰ পিতৃৰ মৃত্যুৰ পাছত পাগুৰি পিন্ধে, তেওঁৰ পৰিয়ালৰ পৰম্পৰা বজাই ৰাখে । সদস্যৰে ভৰি থকা এখন সংসদত গোটেই পৰিয়াল আৰু কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ক অপমান কৰা হৈছিল আৰু সোধা হৈছিল যে তেওঁলোকে নেহৰুৰ নাম কিয় নলয় ।

তাৰ পাছতো কিন্তু কোনো ন্যায়াধীশে প্ৰধানমন্ত্ৰী মোডীক দুবছৰৰ শাস্তি দিয়া নাই বুলি প্ৰিয়ংকা গান্ধীয়ে উল্লেখ কৰে । আনকি প্ৰধানমন্ত্ৰীক সংসদৰ পৰা অযোগ্য ঘোষণা কৰাও হোৱা নাই (Priyanka Gandhi slams Modi)।

ৰাহুল গান্ধীয়ে এগৰাকী প্ৰকৃত দেশপ্ৰেমীৰ দৰে আদানীৰ লুণ্ঠনক লৈ প্ৰশ্ন কৰিছিল । নীৰৱ মোডী আৰু মেহুল চ'ক্সিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল । গৌতম আদানিক প্ৰধানমন্ত্ৰী মোডীৰ বন্ধু বুলি সম্বোধন কৰি প্ৰিয়ংকা গান্ধীয়ে প্ৰশ্ন কৰে যে দেশৰ সংসদ আৰু ভাৰতৰ মহান লোকতকৈ ডাঙৰ আছিল নেকি আদানী যে তেওঁৰ লুণ্ঠনৰ বিষয়ে প্ৰশ্ন উত্থাপন হোৱাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকী হতবাক হৈ পৰিছিল ।

প্ৰিয়ংকা গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ পৰিয়ালক পৰিয়ালকেন্দ্ৰিক বুলি কয় । এই পৰিয়ালটোৱে তেজৰ বিনিময়ত ভাৰতৰ গণতন্ত্ৰক ৰক্ষা কৰিছে যাক প্ৰধানমন্ত্ৰী মোডীয়ে ধ্বংস কৰাত নিয়োজিত হৈ আছে বুলি প্ৰিয়ংকা গান্ধীয়ে ক্ষোভ প্ৰকাশ কৰে । প্ৰিয়ংকা গান্ধীৰ মতে তেওঁৰ পৰিয়ালটোৱে ভাৰতৰ জনসাধাৰণৰ হৈ মাত মাতি আহিছে আৰু বহু প্ৰজন্মৰ পৰা সত্যৰ বাবে যুঁজ দি আহিছে ।

আনকি তেওঁ দেহৰ শিৰাত থকা তেজৰ এটা বিশেষত্ব আছে । প্ৰধানমন্ত্ৰী মোডীক কাপুৰুষ বুলি সম্বোধন কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে তেওঁৰ দৰে এগৰাকী ক্ষমতালোভী স্বৈৰশাসকৰ ওচৰত তেওঁৰ পৰিয়াল কেতিয়াও হাৰ নামানে ।

লগতে পঢ়ক :Rahul Gandhi disqualify issue : অযোগ্য ঘোষণাৰ পাছত ৰাহুল গান্ধীৰ প্ৰথম প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.