ETV Bharat / bharat

Congress poll campaign: 9 আগষ্টৰ পৰা ৰাজস্থানত কংগ্ৰেছৰ নিৰ্বাচনী ৰণডংকা

author img

By

Published : Aug 2, 2023, 8:23 PM IST

নিৰ্বাচনী প্ৰচাৰৰ বাবে কুচ কাৱাজ আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে ৷ অহা 9 আগষ্টৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজস্থানৰ জনজাতীয় অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব ৷

rahul-gandhi-to-launch-congress-poll-campaign-from-tribal-dominated-region-of-rajasthan-aug-9
9 আগষ্টৰ পৰা ৰাজস্থানত কংগ্ৰেছৰ নিৰ্বাচনী ৰণডংকা

নেশ্যনেল ডেস্ক, 2 আগষ্ট : সমাগত ৰাজস্থানৰ বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ বাবে কুচ কাৱাজ আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে ৷ অহা 9 আগষ্টৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজস্থানৰ জনজাতীয় অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব ৷ ইয়াৰোপৰি 9 আগষ্টত বনৱাড়াৰ মানগড়ৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ সময়ত লোকসকলৰ বাবে এখন চাৰ্টাৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

ৰাজস্থানৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ সাধাৰণ সম্পাদক এছ এছ ৰন্ধাৱাই এই সন্দৰ্ভত কয়, "ৰাহুল গান্ধীয়ে অহা 9 আগষ্টত বনচৱাড়া অঞ্চলৰ মানগড়ত এক বিশাল ৰেলী সম্বোধন কৰিব ৷ আমাৰ নেতাগৰাকীয়ে জনজাতীয় লোক অধ্যুষিত অঞ্চলটোৰ লগতে আদিবাসী দিৱসৰ উপলক্ষ্যে আদিবাসী সম্প্ৰদায়ৰ সদস্যসকলক সম্বোধন কৰিব ৷"

বিগত বৰ্ষত ৰাজ্যখনত ভাৰত জোড়ো যাত্ৰা কৰাৰ পিচতেই অহা 9 আগষ্টত এয়া কংগ্ৰেছৰ প্ৰথমটো নিৰ্বাচনী প্ৰচাৰৰ ভ্ৰমণ ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ মাজত হোৱা শান্তিপূৰ্ণ আলোচনাৰ পিচত কংগ্ৰেছৰ নেতাজনৰ ভ্ৰমণ অতিকৈ গুৰুত্বপূৰ্ণ ৷

ইতিমধ্যে ৰন্ধাৱাই ৰাজ্যিক গোটৰ মুৰব্বী গোবিন্দ সিং দোতাচাৰাৰ উপৰিও গেহলট আৰু পাইলট দুয়োকে মানগড়ত এক বিশাল ৰেলী আয়োজন কৰিবলৈ নিৰ্দেশ দিছে ৷ এই ৰেলী আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ হিচাপে ধৰা হৈছে৷ বনচৱাড়া আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলবোৰ জনজাতীয় উপ-পৰিকল্পনা ক্ষেত্ৰৰ অধীনত অন্তৰ্ভুক্ত হয় ৷ এই অঞ্চলত 18 খন বিধানসভা আসন আছে ৷ এই অঞ্চলসমূহত আদিবাসীসকলৰ প্ৰভুত্ব চলে ৷

"জনজাতীয় লোকসকলৰ সমগ্ৰ বিষয়ৰ সন্দৰ্ভত আমাৰ দলৰ মুৰব্বী জ্ঞাত ৷ তেওঁ মণ্ডগড় ৰেলীৰ সময়ত আদিবাসীসকলৰ ওপৰত হোৱা অত্যাচাৰক লৈ বিজেপিক কটু ভাষাৰে সমালোচনা কৰিব বুলি আশা কৰা হৈছে ৷" ৰাজস্থানৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক কাজী নিজামুদ্দিনে ইটিভি ভাৰতক এই মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Haryana violence : হাৰিয়ানা সংঘৰ্ষত মৃত্যুৰ সংখ্যা ৬ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.