ETV Bharat / bharat

ভেকচিনৰ নাটনিকলৈ চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

author img

By

Published : Jul 14, 2021, 5:33 PM IST

ৰাহুল গান্ধীৰ (Rahul Gandhi) মতে জুমলা অৰ্থাৎ ভাষণ বহুত শুনা গৈছে কিন্তু ভেকচিন হে নাই । তেওঁৰ মতে বিজেপি চৰকাৰখনে ভেকচিন প্ৰদানৰ নামত বহু প্ৰতিশ্ৰুতি দিলে কিন্তু ভেকচিন উপলব্ধ কৰাতহে বিফল হৈছে । ৰাহুল গান্ধীয়ে টুইটৰ জৰিয়তে ভেকচিন ক'ত বুলিও কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে ।

Rahul Gandhi slams govt
ভেকচিনৰ নাটনিকলৈ চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

নেশ্যনেল ডেস্ক, ১৪ জুলাই : দেশত কৰ'ণাৰ (Corona) সংক্ৰমণ অব্যাহত আছে । অসমকে ধৰি বহু ৰাজ্যৰ একাংশ অঞ্চলত ভয়ানকভাৱে গণ সংক্ৰমণ অব্যাহত আছে । অৱশ্যে চৰকাৰে বাৰে বাৰে দাবী কৰিছে যে ভেকচিন (Vaccine) হৈছে একমাত্ৰ উপায় কৰ'ণাৰ পৰা ৰক্ষা পাবলৈ । যাৰবাবে দেশজুৰি ভেকচিন প্ৰদান কাৰ্যসূচী অব্যাহত ৰাখিছে চৰকাৰে ।

কিন্তু তাৰ মাজতে বহু ৰাজ্যত ভেকচিনৰ নাটনিয়ে (Vaccine crisis) দেখা দিছে । ইফালে চৰকাৰে ডিচেম্বৰৰ ভিতৰত সকলো প্ৰাপ্তবয়স্ক লোকক ভেকচিন প্ৰদানৰ লক্ষ্য আগত ৰাখিছে । ভেকচিন প্ৰদানৰ গতি অতি লেহেমীয়া হোৱাৰ অভিযোগো তুলিছে বিভিন্ন দল সংগঠনে । বিশেষকৈ বিৰোধী কংগ্ৰেছ দলে বিজেপি নেতৃত্বধীন চৰকাৰক বিভিন্ন ধৰণে সমালোচনা কৰা দেখা গৈছে ।

ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ আৰু ভেকচিন প্ৰদানত বিজেপি চৰকাৰ সম্পূৰ্ণ বিফল হোৱাৰো অভিযোগ তুলিছে কংগ্ৰেছ দলে (Congress) । বহু ৰাজ্যত ভেকচিনৰ নাটনিকলৈ ইতিমধ্যে সংবাদমাধ্যমটো বাতৰি সম্প্ৰচাৰ হৈছে । তেনে এটা বাতৰিক টেগ কৰি টুইটাৰত (twitter) বিজেপি চৰকাৰক সমালোচনা কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) ।

ৰাহুল গান্ধীৰ মতে জুমলা অৰ্থাৎ ভাষণ বহুত শুনা গৈছে কিন্তু ভেকচিন হে নাই । তেওঁৰ মতে বিজেপি চৰকাৰ খনে ভেকচিন প্ৰদানৰ নামত বহু প্ৰতিশ্ৰুতি দিলে কিন্তু ভেকচিন উপলব্ধ কৰাতহে বিফল হৈছে । ৰাহুল গান্ধীয়ে টুইটৰ জৰিয়তে ভেকচিন ক'ত বুলিও কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে ।

কংগ্ৰেছ নেতা পি চিদাম্বৰমেও (P. Chidambaram) মঙলবাৰে চৰকাৰৰ ভেকচিন প্ৰদান কাৰ্যসূচীক সমালোচনা কৰে । ডিচেম্বৰৰ শেষৰ ফালে সকলো প্ৰাপ্তবয়স্কক প্ৰতিষেধক প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰতিশ্ৰুতিক খালী গৌৰৱ আৰু মিছা প্ৰতিশ্ৰুতি বুলি অভিহিত কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । আনহাতে, ভেকচিনৰ নাটনিকলৈ চাৰিওফালে সমালোচনা হৈ আছে আৰু চৰকাৰে নাটনিৰ কথা অস্বীকাৰ কৰি আছে । স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে কোৱা মতে ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ব্যক্তিগত চিকিৎসালয়সমূহত এতিয়াও ১.৯১ কোটিতকৈও অধিক ক'ভিড-১৯ ভেকচিনৰ পালি উপলব্ধ আছে ।

লগতে পঢ়ক:PNB Scam : মেহুল চৌক্সিৰ অন্যতম সহযোগী ধনেশ ছেঠক জামিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.