ETV Bharat / bharat

Fighting for voice of India: দেশৰ বাক স্বাধীনতা ঘূৰাই আনিবলৈ যিকোনো ত্যাগৰ বাবে মই সাজু; ৰাহুল গান্ধী

author img

By

Published : Mar 24, 2023, 8:30 PM IST

সাংসদ পদ খাৰিজৰ পাচত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ দেশৰ বাক স্বাধীনতা ঘূৰাই অনাৰ স্বাৰ্থত যিকোনো মূল্য প্ৰদানৰ বাবে সাজু বুলি উল্লেখ কৰিছে নেতাগৰাকীয়ে (Rahul Gandhi disqualification) ৷

Fighting for voice of India
Rahul Gandhi reacts after disqualification as MP

নিউজ ডেস্ক, 24 মাৰ্চ: লোকসভাৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰাৰ পিচত প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৷ শুকুৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে, তেওঁ দেশৰ কণ্ঠ পুনৰ ঘূৰাই অনাৰ বাবে যুঁজিছে আৰু তেনে কৰাৰ বাবে যিকোনো মূল্য দিবলৈ প্ৰস্তুত । হিন্দী ভাষাত গান্ধীয়ে টুইট কৰি কয়, ‘‘মই ভাৰতৰ কণ্ঠৰ বাবে যুঁজিছো আৰু যিকোনো মূল্য দিবলৈ সাজু ।’’ (Rahul Gandhi reacts after disqualification as MP)

চূৰাট আদালতে বৃহস্পতিবাৰে 2019 চনৰ এটা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিচত শুকুৰবাৰে লোকসভাৰ সাংসদ হিচাপে তেওঁক অযোগ্য ঘোষণা কৰে লোকসভাৰ সচিবালয়ে ৷ ইয়াৰ পিচতে তেওঁ এই টুইট কৰে । কৰ্ণাটকত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অনুষ্ঠানত ‘মোদী’ উপাধি ব্যৱহাৰ কৰি মন্তব্য কৰাৰ বাবে দোষী সাব্যস্ত হোৱাৰ পিচতে কংগ্ৰেছ সাংসদগৰাকীক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয় (Rahul Gandhi disqualified as MP)।

কিন্তু পিচত আদালতে ১৫ হাজাৰ টকাৰ জৰিমনাৰে তেওঁৰ জামিন আবেদনত অনুমোদন জনোৱাৰ লগতে তেওঁৰ শাস্তি ৩০ দিনৰ বাবে স্থগিত ৰাখে ৷ এই 30 দিনৰ ভিতৰত তেওঁ নিজকে নিৰ্দোষী সাব্যস্ত কৰিবলৈ উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব পাৰে (Rahul Gandhi convicted of defamation case)।

লগতে পঢ়ক: Modi surname case: মোদীৰ নাম মুখত লৈ সদনত অযোগ্য বিবেচিত ৰাহুল গান্ধী

ইফালে, শুকুৰবাৰে কংগ্ৰেছে ৰাহুল গান্ধীক লোকসভাৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰাক লৈ কেন্দ্ৰ চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰে বিৰোধী দল কংগ্ৰেছে ৷ এই কাৰ্যক “গণতন্ত্ৰৰ ডিঙি চেপি ধৰা” বুলি অভিহিত কৰে বিৰোধী দলটোৱে ৷ লগতে উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশৰ জৰিয়তে অযোগ্যতা বাতিল কৰিব বুলি আস্থা প্ৰকাশ কৰে (Rahul Gandhi sent to Jail) ।

দলটোৱে অভিযোগ কৰে যে, ৰাহুলৰ অযোগ্য ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ বাধা দিয়াৰ “পেটাৰ্ণ”ৰ অংশ আৰু লগতে প্ৰকৃত বিষয়ৰ পৰা জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস । ৰাষ্ট্ৰীয় ৰাজধানীস্থিত দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ অভিষেক মনু সিংহৱী আৰু জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন সভাপতিগৰাকীক অযোগ্য ঘোষণা কৰা কাৰ্যত কেন্দ্ৰক তীব্ৰ সমালোচনা কৰে (Rahul Gandhi News)।

"আমাৰ সন্মুখত থকা বিষয়টো বৈধতকৈও বেছি ৰাজনৈতিক । ই এটা ৰাজনৈতিক বিষয় কাৰণ ই শাসকীয় দলৰ দ্বাৰা গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক পদ্ধতিগত, পুনৰাবৃত্তিমূলকভাৱে স্ত্ৰীকৃতকৰণৰ ইংগিত দিয়ে । ই গণতন্ত্ৰক নিজেই ডিঙি চেপি ধৰাৰ ইংগিত দিয়ে । আমি জানো যে মানহানি বাক স্বাধীনতাতকৈ ব্যতিক্ৰম । কিন্তু যোৱা কেইবাবছৰ ধৰি বাক স্বাধীনতাৰ ওপৰত অকল্পনীয় আক্ৰমণৰ উদাহৰণ আমাৰ হাতত আছে । আমি সকলোৱে জানো যে ৰাহুল গান্ধীয়ে সংসদৰ ভিতৰত আৰু বাহিৰত নিৰ্ভয়ে কথা কৈ আহিছে ৷ ইয়াৰ বাবে তেওঁ এতিয়া মূল্য ভৰিব লগীয়া হৈছে ।’’ সিংভীয়ে কয় ।

লগতে পঢ়ক: Rahul Gandhi disqualified from parliament: বিজেপি চৰকাৰে স্বৈৰাচাৰী শাসন চলোৱাৰ অভিযোগ গৌৰৱ গগৈৰ

ৰাহুল গান্ধীৰ কণ্ঠক "থ্ৰ'টল" কৰিবলৈ চৰকাৰে নতুন পদ্ধতিৰ আশ্ৰয় লৈছে বুলিও তেওঁ কয় । "এই চৰকাৰখনে হুলস্থুল কৰা আৰম্ভ কৰিছে, কাৰণ তেওঁ বিমুদ্ৰাকৰণৰ সন্দৰ্ভত তথ্য আৰু পৰিসংখ্যাৰ সৈতে স্পষ্টভাৱে কথা কয় । চীনৰ প্ৰতি কথিত ক্লিন চিটেই হওক বা জিএছটি হওক, তেওঁ ধাৰাবাহিকভাৱে মুকলিভাৱে প্ৰশ্ন উত্থাপন কৰি আহিছে । সেয়েহে এই চৰকাৰে ৰাহুলৰ কণ্ঠ থ্ৰ'টল কৰাৰ নতুন কৌশল বিচাৰিছে ।" সিংভিৰ অভিযোগ (Rahul Gandhi disqualification) ।

শেহতীয়াকৈ ব্ৰিটেইনত ভাৰতীয় গণতন্ত্ৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ পিচত বিজেপিয়ে কৰা তীব্ৰ সমালোচনাৰ সন্দৰ্ভত সিংভিয়ে কয় যে, কংগ্ৰেছ নেতাগৰাকীৰ “ভুৱা আৰু কাল্পনিক জাতীয়তাবাদ”ৰ ভিত্তিত মুক্তভাৱে কথা কোৱাৰ অধিকাৰ নাই ।

"ৰাহুল গান্ধী বিদেশলৈ যায়, ভুৱা জাতীয়তাবাদৰ দোহাই দি তেওঁ মুক্তভাৱে কথা কোৱাৰ অধিকাৰী নহয়, কাল্পনিক জাতীয়তাবাদৰ সৃষ্টি কৰে । তেওঁ ঘূৰি আহে আৰু বিদেশত তেওঁৰ ভাষণ সংসদৰ ভিতৰতে তেওঁৰ বিৰুদ্ধে কাৰ্যৰ ভিত্তি হৈ পৰে । এই সকলোবোৰ তেওঁৰ মাত বন্ধ কৰিবলৈ চলোৱা কৌলৰ এটা অংশ ।" তেওঁ এই চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ পিচতেই বিজেপিয়ে জাতিটোৰ সন্মুখত থকা প্ৰকৃত আৰু জ্বলন্ত বিষয়সমূহৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰাই নিবলৈ চেষ্টা কৰিছে । ইয়াৰ উদ্দেশ্য এই চৰকাৰখনক প্ৰশ্ন কৰিবলৈ সাহস কৰাসকলৰ মাজত ভয়ৰ মনোৰোগ সৃষ্টি কৰা ।

লগতে পঢ়ক: Ghulam Nabi Azad autobiography: ৰাহুল গান্ধীৰ বাবেই কংগ্ৰেছ ত্যাগ কৰিছিল নেকি হিমন্ত বিশ্ব শৰ্মাই ?

সিংভিয়ে কয় যে, মানহানিৰ গোচৰত ৰাহুলে উচ্চ ন্যায়ালয়ত বিজয়ী হৈ ওলাই আহিব । তেওঁ লগতে কয়, ‘‘আমি নিশ্চিত যে তেওঁৰ দোষী সাব্যস্ত হোৱাৰ বিষয়ত আমি স্থগিতাদেশ পাম, যিয়ে পাচলৈ এই অযোগ্যতাৰ ভিত্তিটো আঁতৰাই পেলাব ৷’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.