ETV Bharat / bharat

Lok Sabha election 2024: বিহাৰৰ ওপৰত বুধবাৰে কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক; 10 খন লোকসভা আসন বিচাৰিব কৰিব কংগ্ৰেছে

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিহাৰৰ ওপৰত বৃহস্পতিবাৰে কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ’ব ৷ বিহাৰৰ 10 খন আসন দাবী কৰিব কংগ্ৰেছে ৷ বিহাৰৰ মুঠ লোকসভা আসনৰ সংখ্যা 40 খন ৷

author img

By

Published : Aug 16, 2023, 8:38 PM IST

Lok Sabha election 2024
Lok Sabha election 2024

নেশ্যনেল ডেস্ক, 16 আগষ্ট: বিৰোধী মিত্ৰজোঁট I.N.D.I.Aই আগন্তুক লোকসভা নিৰ্বাচনত বিহাৰত 40 খন আসন লাভ কৰিব ৷ এই দাবী কংগ্ৰেছৰ ৷ কংগ্ৰেছে লগতে কয় যে বিহাৰত তেওঁলোকে 10খন লোকসভা আসন দাবী কৰিব ৷ 17 আগষ্টত অৰ্থাৎ কাইলৈ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু বৰ্তমানৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেয়ে AICC আৰু ৰাজ্যিক নেতাসকলৰ সৈতে বিহাৰ লোকসভা ৰণনীতিৰ পৰ্যালোচনা কৰিব ৷

‘‘বিহাৰে আগন্তুক নিৰ্বাচনত আমাৰ বাবে ভাল সম্ভাৱনা আগবঢ়াইছে । আমাৰ দলৰ মুৰব্বীয়ে 17 আগষ্টত লোকসভাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব," AICCৰ বিহাৰৰ প্ৰভাৰী ভক্ত চৰণ দাসে ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা সদৰী কৰিছে কৰিছে ৷

‘‘I.N.D.I.A মিত্ৰজোঁটে ৰাজ্যখনৰ (বিহাৰ) 40 খন লোকসভা আসন দখল কৰিব । বিহাৰত কংগ্ৰেছৰ প্ৰায় 9 শতাংশ, ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) প্ৰায় 22-23 শতাংশ, জনতা দল-ইউনাইটেডৰ 15-16 শতাংশ ভোটৰ শ্বেয়াৰ বিহাৰত আছে ৷ ই ৰাজ্যখনত এক নিৰ্ণায়ক ভূমিকা পালন কৰিব,’’ বিহাৰ কংগ্ৰেছৰ মুৰব্বী অখিলেশ প্ৰসাদ সিঙে কয় ৷

‘‘বিহাৰত বিজেপিয়ে এক ডাঙৰ বিফলতাৰ সন্মুখীন হ'ব । ৰাজ্যখনত কংগ্ৰেছ শক্তিশালী স্থানত আছে । আমি কমেও 10 খন লোকসভা আসন বিচাৰিম । শীঘ্ৰেই শীৰ্ষ নেতাসকলৰ মাজত আসন ভাগ-বতৰা অনুষ্ঠিত হ'ব আৰু চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব,’’ তেওঁ কয় ৷

সিঙৰ মতে, 2015 চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ, আৰজেডি আৰু জেডি-ইউ তিনিটা দলে একেলগে প্ৰতিদ্বন্দিতা কৰিছিল ৷ ‘‘2024 চনত একেই পুনৰাবৃত্তি হ'ব । সেয়েহে বিজেপি চিন্তিত হৈ পৰিছে আৰু আমাৰ মিত্ৰজোঁট I.N.D.I.Aক আক্ৰমণ কৰাত নামি পৰিছে,’’ তেওঁ দাবী কৰি কয় ৷

উল্লেখ্য যে বিহাৰত 2019 চনত, ভাৰতীয় জনতা পাৰ্টীয়ে 17 খন লোকসভা আসন, সহযোগী জেডি-ইউয়ে 16 খন আৰু লোক জনশক্তি পাৰ্টিয়ে 6 খন আসন লাভ কৰিছিল । কংগ্ৰেছে মাত্ৰ 1 খন আসনত জয়লাভ কৰিছিল ৷ 2020 চনৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় জনতা দলৰ 75 খন আসনৰ বিপৰীতে বিহাৰ বিধানসভাত কংগ্ৰেছৰ 19/243 খন আসন আছিল ৷

‘‘আমি বিহাৰত মিত্ৰতা শক্তিশালী কৰিবলৈ চেষ্টা কৰি আছো । জেডি-ইউ নেতা আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰে I.N.D.I.A মিত্ৰজোঁটৰ সমন্বয়ক হিচাবে ভাল কাম কৰি আছে । তেওঁ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকো একত্ৰিত কৰিছে,’’ অখিলেশ প্ৰসাদ সিঙে লগতে কয় । তেওঁ আৰু কয়, ‘‘বিহাৰত যি ঘটিছে, সেইটোৱে চুবুৰীয়া ঝাৰখণ্ডৰ নিৰ্বাচনৰ ফলাফলকো প্ৰভাৱিত কৰিব ৷

বিহাৰৰ পৰ্যালোচনাৰ এদিন পূৰ্বে অৰ্থাৎ বুধবাৰে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেয়এ জ্যেষ্ঠ নেতাসকলৰ সৈতে ঝাৰখণ্ডত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰে আৰু তেওঁলোকক ৰাজ্যখনত দল আৰু বিৰোধী মিত্ৰতা শক্তিশালী কৰিবলৈ কয় । বিজেপিয়ে জনজাতীয় ৰাজ্যখনৰ 14 খন লোকসভা আসনৰ ভিতৰত 11 খনত জয়লাভ কৰিছিল ।

লগতে পঢ়ক: Article 370 hearing: ৰাজ্যসমূহৰ স্বায়ত্তশাসন সংবিধানৰ বাবে মৌলিক; ৰাষ্ট্ৰপতি শাসন সংশোধনৰ বাবে নহয়; উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.