নিউজ ডেস্ক, ৫ জুলাই : কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধী আৰু দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৬ জুলাইত ৰাজস্থান সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰণনীতি বৈঠকত মিলিত হ'ব । উক্ত বৈঠকত দলটোৱে মুখ্যমন্ত্ৰী অশোক গেহলট আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজৰ বিবাদৰ সমাধান-সূত্ৰ উলিওৱাৰ আশা কৰা হৈছে ।
"খাৰ্গেজীয়ে সমগ্ৰ এআইচিচি দলটোক ৰণনীতি বৈঠকৰ বাবে আহ্বান জনাইছে । ৰাজ্যখনৰ কেইবাজনো জ্যেষ্ঠ নেতাকো বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে । ৰাহুলজীও বৈঠকত উপস্থিত থাকিব পাৰে ।" ৰাজস্থানৰ দায়িত্বত থকা এআইচিচিৰ নেতা এছ এছ ৰন্ধাৱাই ইটিভি ভাৰতক কয় ।
উল্লেখ্য, ২০০ খন আসন বিশিষ্ট ৰাজস্থান বিধানসভাৰ নিৰ্বাচন চলিত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'ব । কংগ্ৰেছে সমাজ কল্যাণ আঁচনিৰ ওপৰত ভিত্তি কৰি শাসন ক্ষমতা পুনৰ দখলৰ সপোন দেখিছে । কিন্তু মুখ্যমন্ত্ৰী অশোক গেহলট আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজৰ পুৰণি ক্ষমতাকেন্দ্ৰিক বিবাদৰ বাবে এআইচিচিৰ ব্যৱস্থাপকসকলৰ মাজত মূৰৰ কামোৰণি হৈ পৰিছে ।
বিগত বছৰবোৰত বিজেপিক ক্ষমতাৰ পৰা দূৰত ৰাখিবলৈ সক্ষম হোৱাটো নিশ্চিত কৰিবলৈ গেহলট আৰু পাইলটৰ মাজত শান্তি স্থাপনৰ উদ্দেশ্যৰে দলটোৰ হাইকমাণ্ডে কেইবাটাও প্ৰয়াস কৰিছে । কিন্তু বিষয়টো পুনৰ উক দি উঠিছে । ৰণনীতি বৈঠকখন পূৰ্বে ৩ জুলাইত অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু মুখ্যমন্ত্ৰী অশোক গেহলটে ভৰিত আঘাত পোৱাৰ বাবে পিছুৱাই দিবলগা হয় ।
আনহাতে, যিহেতু মুখ্যমন্ত্ৰীয়ে হুইলচেয়াৰত বহি ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি আছে, সেয়ে তেওঁ ৬ জুলাইৰ ৰণনীতি বৈঠকত উপস্থিত থাকিব নে অনলাইনত যোগদান কৰিব সেয়া স্পষ্ট হোৱা নাই বুলি দলীয় সূত্ৰত প্ৰকাশ । ইফালে ৰাজস্থান সন্দৰ্ভত অনুষ্ঠিত হ'বলগীয়া বৈঠকখনে দলৰ নেতাসকলৰ মাজত আশাৰ সৃষ্টি কৰিছে । কিয়নো ৰাহুল আৰু খাৰ্গেয়ে আন এখন নিৰ্বাচনমুখী ৰাজ্য ছত্তীশগড়তো একেধৰণৰ পুৰণি ক্ষমতাকেন্দ্ৰিক বিবাদ সমাধান কৰিছিল, য'ত জ্যেষ্ঠ মন্ত্ৰী টি এছ সিংদেৱে অৱহেলিত অনুভৱ কৰিছিল ।
লগতে পঢ়ক :ECI to referee NCP vs NCP : দলৰ নাম আৰু প্ৰতীকৰ দাবীৰে নিৰ্বাচন আয়োগক আবেদন অজিত পাৱাৰৰ