নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল : গুজৰাট উচ্চ ন্যায়ালয়ে ২৯ এপ্ৰিলত অৰ্থাৎ কাইলৈ ৰাহুল গান্ধীৰ মানহানিৰ গোচৰত শুনানি গ্ৰহণ কৰিব (Gujarat court to hear Rahul Gandhis plea)। ৰাহুল গান্ধীয়ে চুৰাট সত্ৰ আদালতৰ দ্বাৰা তেওঁৰ আবেদন নাকচ কৰাৰ পাচত গুজৰাট উচ্চ ন্যায়ালয়ত চুৰাট আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই আবেদন কৰিছিল । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আবেদন চুৰাট সত্ৰ আদালতে খাৰিজ কৰাৰ পাচতে গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ।
ৰাহুল গান্ধীয়ে চুৰাটৰ সত্ৰ ন্যায়ালয়ে দিয়া ৰায়ৰ বিৰুদ্ধে গুজৰাট উচ্চ ন্যায়ালয়ত পুনৰীক্ষণ আবেদন দাখিল কৰিছে (Rahul Gandhi plea at Gujarat HC)। আবেদনখন পূৰ্বে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গীতা গোপীৰ সন্মুখত অনা হৈছিল কিন্তু গীতা গোপীয়ে কৈছিল যে তেওঁৰ সন্মুখত নহ'ব । যাৰ বাবে গোচৰটোৰ শুনানি এতিয়া ন্যায়াধীশ হেমন্ত প্ৰচাৰকে কৰিব ।
২৩ মাৰ্চত চুৰাটৰ এখন আদালতে ২০১৯ চনত মোডী উপাধি সম্পৰ্কে ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ ক্ষেত্ৰত ৰায় প্ৰদান কৰিছিল । আদালতে তেওঁক ৫০৪ ধাৰাৰ অধীনত দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল (Rahul Gandhi defamation case)।
অৱশ্যে, আদালতে ইয়াক কাৰ্যকৰী কৰিবলৈ কেইদিনমানৰ সময় দিছিল । ইয়াৰ লগতে, তেওঁক তাৎক্ষণিক জামিন প্ৰদান কৰা হৈছিল । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে চুৰাটৰ সত্ৰ আদালতত আদেশটোক প্ৰত্যাহ্বান জনাইছিল আৰু দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচাৰি এখন আবেদন দাখিল কৰিছিল । ৰাহুলে চুৰাট আদালতত আন এখন আবেদন দাখিল কৰিছিল যাক আদালতে নাকচ কৰিছিল আৰু দ্বিতীয় শুনানি ৩ মে’ত অনুষ্ঠিত হ'ব ।
২০১৯ ৰ লোকসভা নিৰ্বাচনৰ সময়ত কৰ্ণাটকৰ কোলাৰত এক প্ৰচাৰ সভাত অংশ লৈ ৰাহুল গান্ধীয়ে মোডী উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল (Modi surname issue)। তাৰ পাচতে কেইবাগৰাকী বিজেপি নেতাই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । শেহতীয়াকৈ এই সন্দৰ্ভত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ পাচতে তেওঁৰ সাংসদ পদো খাৰিজ কৰা হৈছে ।
লগতে পঢ়ক :Sisodia bail plea hearing : চিছোদিয়াৰ জামিন আবেদনৰ বিৰোধিতা চিবিআইৰ