নেশ্যনেল ডেস্ক,১৪ জানুৱাৰী : সমাগত তামিলনাডুৰ বিধানসভাৰ নিৰ্বাচন । তাৰ পূৰ্বে তামিলনাডুৰ মাডুৰাইত বৃহস্পতিবাৰে কংগ্ৰেছৰ এক নিৰ্বাচনী প্ৰচাৰ অভিযানৰ উদ্ধোধন কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । এই অনুষ্ঠানতে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ'ল কংগ্ৰেছ নেতাগৰাকীক । ভাৰতৰ ভূমিত চীনা সেনাৰ আগমনকলৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশ্ন কৰি নেতাগৰাকীয়ে কয় যে, ভাৰতৰ ভূখণ্ডত চীনা সেনা প্ৰৱেশ কৰি বহি থকাৰ পিছতো কিয় নিৰৱ ভূমিকা পালন কৰিছে বিজেপি চৰকাৰে ।
কংগ্ৰেছ নেতাগৰাকীয়ে সংবাদ মাধ্য়মৰ আগত কৃষকৰ আন্দোলন সন্দৰ্ভতো বিজেপি চৰকাৰৰ ভূমিকাক সমালোচনা কৰে । কেন্দ্ৰীয় চৰকাৰে একাংশ মুষ্টিমেয় লোকৰ স্বাৰ্থপূৰণৰ বাবে কৃষকক অৱহেলা কৰাৰো গুৰুতৰ অভিযোগ তোলে কংগ্ৰেছ নেতাগৰাকীয়ে ।
অকল এয়াই নহয় বিজেপি চৰকাৰে কৃষকক দমন কৰাৰ চেষ্টা কৰিছে আৰু কৰ'ণাৰ সময়তো সাধাৰণ ৰাইজৰ বাবে চিন্তা নকৰা বুলি তেওঁৰ অভিযোগ বিজেপি চৰকাৰৰ বিৰুদ্ধে । প্ৰধানমন্ত্ৰীক কঠোৰ ভাষাৰে গৰিহণা দি কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰশ্ন কৰে নৰেন্দ্ৰ মোডী সাধাৰণ ৰাইজৰ নে তেওঁলোকৰ একাংশ মুষ্টিমেয় লোকৰ প্ৰধানমন্ত্ৰী ?
লগতে পঢ়ক :নিজৰ সংস্থাৰ একাংশ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ CBIৰ