ETV Bharat / bharat

Delhi Liquor Scam : দিল্লী আবকাৰী কেলেংকাৰীৰ পৰিপূৰক অভিযোগনামাত ৰাঘৱ চাড্ডাৰ নাম

author img

By

Published : May 2, 2023, 5:16 PM IST

দিল্লী আবকাৰী কেলেংকাৰী গোচৰত চিবিআইৰ দ্বিতীয় পৰিপূৰক অভিযোগনামাত এইবাৰ আম আদমি পাৰ্টীৰ নেতা ৰাঘৱ চাড্ডাৰ নাম উল্লেখ কৰা হৈছে (raghav chadha name in delhi liquor scam) । প্ৰথম পৰিপূৰক অভিযোগনামাত মণীষ ছিছোদিয়া আৰু আন চাৰিজন সুৰা ব্যৱসায়ীৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছিল ।

Delhi Liquor Scam
Delhi Liquor Scam

নিউজ ডেস্ক, ২ মে' : দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াৰ পিছত আপৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাকো দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীত স্থান দিয়া হৈছে (raghav chadha name in delhi liquor scam) । চিবিআয়ে মঙলবাৰে ৰাঘৱ চাড্ডাক ৰৌজ এভিনিউ আদালতত আবকাৰী কেলেংকাৰী সম্পৰ্কীয় দ্বিতীয় পৰিপূৰক অভিযোগনামত অভিযুক্ত হিচাপে নাম উত্থাপন কৰে (CBI supplementary charge sheet in delhi liquor scam) ।

ইয়াৰ পূৰ্বে চিবিআয়ে ২৫ এপ্ৰিলত দাখিল কৰা প্ৰথম পৰিপূৰক অভিযোগনামাত মণীষ ছিছোদিয়া আৰু আন চাৰিজন সুৰা ব্যৱসায়ীৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰিছিল । উক্ত অভিযোগনামাত মণীষ ছিছোদিয়া, অমনদীপ, বুচি বাবু আৰু অৰ্জুন পাণ্ডেৰ নাম অন্তৰ্ভুক্ত আছে ।

উল্লেখ্য, ইডিয়ে বৰ্তমানলৈকে আবকাৰী কেলেংকাৰীত পঞ্জীয়ন কৰা ধন আত্মসাতৰ গোচৰত তিনিখন পৰিপূৰক অভিযোগনামা দাখিল কৰিছে (Manish Sisodia in Delhi liquor case) । সোমবাৰে তেওঁলোকৰ দুজনৰ বিষয়ে বিবেচনা কৰি আদালতে 25 জন অভিযুক্তৰ সকলোকে 10 মে'ত আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়ে । উল্লেখ্য যে ইডিয়ে এতিয়ালৈকে দাখিল কৰা কোনো অভিযোগনামাতে মণীষ ছিছোদিয়াক অভিযুক্ত হিচাপে নামকৰণ কৰা নাই ।

28 এপ্ৰিলত ৰৌজ এভিনিউ আদালতে ইডি গোচৰত মণীষ ছিছোদিয়াৰ জামিন আবেদন নাকচ কৰিছিল (AAP leader Manish Sisodia) । দিল্লী আবকাৰী নীতি কেলেংকাৰী গোচৰ সন্দৰ্ভত ছিছোদিয়াক চিবিআয়ে ২৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল । তেতিয়াৰ পৰা ছিছোদিয়াক তিহাৰ কাৰাগাৰত ন্যায়িক জিম্মাত ৰখা হৈছে ।

উল্লেখযোগ্য যে, দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াৰ পিচত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকো (Delhi Chief Minister Arvind Kejriwal) চিবিআয়ে চমন জাৰি কৰিছিল ৷ এই ঘটনাত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ (Central Bureau of Investigation) চমনৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে, কেন্দ্ৰীয় সংস্থাসমূহে আদালতক বিপথে পৰিচালিত কৰাৰ বাবে মিছা প্ৰমাণ-পত্ৰ প্ৰদান কৰিছে । বিজেপিয়ে আপক নিঃশেষ কৰিব বিচাৰে ৷ আপে জনসাধাৰণক দিয়া প্ৰতিশ্ৰতিসমূহ ধ্বংস কৰিবলৈ কেন্দ্ৰীয় সংস্থাসমূহৰ ব্যৱহাৰ কৰাৰো অভিযোগ কৰে কেজৰিৱালে ৷

লগতে পঢ়ক :Gambling Racket In Thailand : জুৱা খেলি থাইলেণ্ডত গ্ৰেপ্তাৰ ভাৰতীয় জুৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.