ETV Bharat / bharat

কৃষক বিদ্ৰোহঃ দিল্লী আৰক্ষীৰ সাতখন এজাহাৰ দাখিল

author img

By

Published : Jan 27, 2021, 11:32 AM IST

গণৰাজ্য দিৱসৰ দিনা দেশৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিবাদী কৃষকসকলে দিল্লীলৈ প্ৰতিবাদ কৰিবলৈ অহাৰ সময়ত আৰক্ষীয়ে তেওঁলোকক দিল্লী প্ৰৱেশত বাধা আৰোপ কৰিছিল আৰু উভয়ৰ মাজত হতাহতি হোৱাত আন্দোলনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰে । ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে সাতখন এজাহাৰ দাখিল কৰে । ইয়াৰে পূৱ জিলাত তিনিখন,দ্বাৰকাত তিনিখন আৰু শ্বাহদাৰা জিলাত এখন এজাহাৰ দাখিল কৰা হৈছে ।

কৃষক বিদ্ৰোহঃ দিল্লী আৰক্ষীৰ সাতখন এজাহাৰ দাখিল
কৃষক বিদ্ৰোহঃ দিল্লী আৰক্ষীৰ সাতখন এজাহাৰ দাখিল

নিউজ ডেস্ক, ২৭ জানুৱাৰী: গণৰাজ্য দিৱসৰ দিনা পুৱা প্ৰায় ৮.৩০ বজাত হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে দিল্লীৰ সিংঘু সীমান্তত একত্ৰিত হৈ ট্ৰেক্টৰ লৈ প্ৰতিবাদ সাব্য়স্ত কৰিবলৈ দিল্লী অভিমুখে ৰাওনা হয় । গাজিপুৰ সীমান্তৰ কৃষকসকলে কেইবাটাও স্থানত বেৰিকেড ভাঙি আই টি অ অভিমুখে ৰাওনা হয় । সমান্তৰালভাৱে সিংঘু সীমান্ত, টিকৰী, মুকৰবা চক, এ-পইন্ট আই টি অ, সীমাপুৰী, নাংলোই টি-পইন্ট আদিৰ পৰা অহা কৃষকসকলেও তেওঁলোকৰ সৈতে আন্দোলনত যোগদান কৰিছিল । এইসকল প্ৰতিবাদী কৃষকক আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পাচতো ক্ষুদ্ধ কৃষকসকলে সকলো নিয়ম ভংগ কৰি ৰাজহুৱা সম্পত্তি ধ্বংস কৰাত উভয়ৰ মাজত হতাহতি হয় আৰু পৰৱৰ্তী সময়ত আন্দোলনৰ ভয়ংকৰ ধাৰণ কৰিছিল । আৰক্ষী আৰু কৃষকৰ হতাহতিত ৮৬ গৰাকী আৰক্ষী গুৰুত্বৰভাৱে আহত হয় । সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে কেবাগৰাকী কৃষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে সাতখনকৈ এজাহাৰ দাখিল কৰিছে বুলি উল্লেখ কৰে ।

কৃষকৰ প্ৰতিবাদ
কৃষকৰ প্ৰতিবাদ

মংগলবাৰে দিল্লী আৰক্ষীয়ে প্ৰতিবাদী কৃষকৰ ট্ৰেক্টৰ পেৰেড সন্দৰ্ভত সাতখনকৈ এজাহাৰ দাখিল কৰে । ইয়াৰে পূৱ জিলাত তিনিখন, দ্বাৰকাত তিনিখন আৰু শ্বাহদাৰা জিলাত এখন এজাহাৰ দাখিল কৰা হৈছে । ইয়াৰোপৰি আৰু অধিক এজাহাৰ দাখিল কৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে সদৰী কৰে ।

কৃষি আইনৰ বিৰুধীতা কৰি কৃষকসকলে উলিওৱা বিশাল প্ৰতিবাদী ট্ৰেক্টৰ ৰেলীত উভয়ৰ মাজত হোৱা হিংসাত্মক ঘটনাত ইতিমধ্যে এগৰাকী কৃষকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

এইসকল প্ৰতিবাদী কৃষকে নাজফগড়ৰ ফালে ওভতাৰ পৰিৱৰ্তে তেওঁলোকে পিৰাগড়ী অভিমুখে ৰাষ্ট্ৰীয় ৰাজধানী পিনে আগবাঢ়ি গৈছিল । ইফালে আই টি অত গাজিপুৰ আৰু সিংঘু সীমান্তৰ পৰা অহা কৃষকৰ এক বৃহৎ দলে দিল্লীৰ লুইটেনছ অভিমুখে ৰাওনা হ'বলৈ চেষ্টা চলোৱাত আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰাত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হয় । ইতিমধ্যে কৃষকসকলে ট্ৰেক্টৰ ৰেলীৰে দিল্লীত প্ৰৱেশ কৰি লাল কিল্লাত উপস্থিত হৈছিল ।

সংযুক্ত কিষাণ মৰ্চাৰ নেতৃত্বত এই বিশাল প্ৰতিবাদী ট্ৰেক্টৰ ৰেলী প্ৰদৰ্শন কৰা হৈছিল । উল্লেখ্য যে, এই কৃষি আইনৰ বাতিলৰ দাবীৰে চৰকাৰ আৰু কৃষকৰ মাজত কেবাটাও পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল যদিও কোনো সমাধানৰ পথ ওলাই নহাত অৱশেষত প্ৰস্তাৱিত পৰিকল্পনা অনুসৰি শান্তিপূৰ্ণভাৱে ৰেলী প্ৰদৰ্শন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল প্ৰতিবাদী কৃষকসকলে । দিল্লী আৰক্ষীয়ে কৃষকসকলক ট্ৰেক্টৰ ৰেলীৰ অনুমতি প্ৰদান কৰা নাছিল যদিও পৰৱৰ্তী সময়ত অনুমতি প্ৰদান কৰিছিল ।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে বিগত ডেৰমাহ ধৰি কৃষকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে । প্ৰতণ্ড শীতকো নেওচি এই বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে কৃষকৰ মৃত্যুও হৈছে । সমান্তৰালভাৱে গণৰাজ্য দিৱসৰ দিনাও দেশৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিবাদী কৃষকসকলে দিল্লীলৈ প্ৰতিবাদ কৰিবলৈ অহাৰ সময়ত আৰক্ষীয়ে তেওঁলোকক দিল্লী প্ৰৱেশত বাধা আৰোপ কৰিছিল আৰু উভয়ৰ মাজত হতাহতি হোৱাত আন্দোলনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰে ।

লগতে পঢ়ক: কৃষক বিদ্ৰোহৰ অগনিয়ে চুইছে ৱাশ্বিংটন ডিচিৰ ভাৰতীয় দূতাবাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.