নেশ্যনেল ডেস্ক, 10 ছেপ্টেম্বৰ : বিগত 8 ছেপ্টেম্বৰত মৃত্যু হয় বেলমোৰত ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ (Queen Elizabeth II died in Belmore)। তেওঁ মৃত্যুত বিশ্বৰ ভিন্ন প্ৰান্তত পৰিছে শোকৰ ছাঁ । বিশ্বৰ আন দেশৰ লগতে ভাৰততো ৰাণীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে (Tribute to Queen Elizabeth II)।
জানিব পৰা মতে, 19 ছেপ্টেম্বৰত লণ্ডনৰ ৱেষ্টমিনষ্টাৰ এবেত সম্পন্ন হ’ব ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়া ৷ য’ত সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব ৷ শনিবাৰে এই কথা টুইটযোগে সদৰী কৰিছে ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাজপৰিয়ালৰ সদস্যই ৷
উক্ত টুইটোত উল্লেখ কৰা অনুসৰি, ‘‘মহাৰাণীৰ ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়া সোমবাৰে 19 ছেপ্টেম্বৰত ৱেষ্টমিনষ্টাৰ এবেত সম্পন্ন হ’ব । ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াৰ আগতে, ৰাণীক চাৰি দিনৰ বাবে ৱেষ্টমিনষ্টাৰ হলত লাই-ইন-ষ্টেট কৰিব ৷ যাতে সকলো ৰাইজে তেওঁক শ্ৰদ্ধা জনাব পাৰে’’ ৷
লগতে পঢ়ক : ৰাণী দ্বিতীয় এলিজাবেথৰ মুছৌৰী সংযোগ : জ্যোতিষীৰ পুত্ৰৰ বৃহৎ দাবী
আনকি বুধবাৰৰ পৰা চাৰি দিনৰ বাবে ৰাণী দ্বিতীয় এলিজাবেথৰ পাৰ্থিৱ শৰীৰটো ৰাজ্যতে থাকিব ।
উল্লেখ্য যে, মুচুৰীৰ সৈতে বিশেষ সম্পৰ্ক আছিল ৰাণী এলিজাবেথৰ । কেৱল এয়াই নহয় বুৰঞ্জীবিদ গোপাল ভৰদ্বাজে দাবী কৰা মতে, তেওঁৰ পিতৃ তথা জ্যোতিষী আৰজিআৰ ভৰদ্বাজে ৰাণী দ্বিতীয় এলিজাবেথৰ জীৱন পঞ্জীৰ গণনা কৰিছিল (RDR Bhardwaj prepared British Queen astral chart)।
বুৰঞ্জীবিদ গোপাল ভৰদ্বাজে উল্লেখ কৰা মতে, শেহতীয়াকৈ ৰাণী দ্বিতীয় এলিজাবেথলৈ তেওঁ এখন অভিনন্দন পত্ৰ প্ৰেৰণ কৰিছিল । ৰাণীৰ 70 বছৰীয়া শাসনৰ শুভেচ্ছা জ্ঞাপন কৰি ভৰদ্বাজে প্ৰেৰণ কৰিছিল পত্ৰখন । ইয়াৰ উপৰিও, অভিনন্দন পত্ৰখনৰ সৈতে গোপাল ভৰদ্বাজৰ পিতৃ আৰজিআৰ ভৰদ্বাজে প্ৰস্তুত কৰা ব্ৰিটিছ ৰাণীৰ মূল জীৱন পঞ্জীৰ গণনাখনো সংলগ্ন কৰি দিছিল ।
লগতে পঢ়ক : অপাৰেচন লণ্ডন ব্ৰীজ : ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াৰ গোপন 'কোড'