নেশ্যনেল ডেস্ক, ৪ জুলাই : উত্তৰাখণ্ডৰ(Uttarakhand) একাদশ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে বিজেপিৰ নেতা পুস্কৰ সিং ধামিয়ে । বিজেপি(BJP) বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ এদিন পিছত অৰ্থাৎ দেওবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপত লয় । খতিমা সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত পুস্কৰ সিং ধামিয়ে ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰৰ মন্ত্ৰী হোৱা নাছিল কিন্তু ধামী উত্তৰাখণ্ডৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী হিচাপে চৰ্চা লাভ কৰিছে । তেওঁ প্ৰায় চাৰি মাহৰ ভিতৰত ৰাজ্যখনৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰী ।
পুস্কৰ সিং ধামিয়ে শনিবাৰে উত্তৰাখণ্ডৰ একাদশ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখনত বিজেপিৰ বিধায়িনী দলৰ নতুন নেতা হিচাপে শপত গ্ৰহণ কৰিছিল । ধামীয়ে শনিবাৰে সংবাদ মাধ্যমৰ আগত কৈছিল যে এগৰাকী উমৈহতীয়া দলীয় কৰ্মীক ৰাজ্যখনৰ সেৱা কৰাৰ সুযোগ দিয়া হৈছে । দলটোৰ হাইকমাণ্ডৰ বাবে তেওঁ চিৰ কৃতজ্ঞ বুলিও অৱগত কৰিছিল নেতাগৰাকীয়ে ।
এগৰাকী প্ৰাক্তন সৈনিকৰ পুত্ৰ পুস্কৰ সিং ধামিৰ জন্ম হৈছিল ১৯৭৫ চনত পিথোৰাগড় জিলাৰ কানালিচিনা গাঁৱত । তেওঁ আইনৰ ডিগ্ৰী লাভ কৰিছিল আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) স্বেচ্ছাসেৱক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (ABVP) সদস্যও আছিল । ধামিয়ে ২০০২ ৰ পৰা ২০০৮ চনৰ ভিতৰত দুবাৰকৈ উত্তৰাখণ্ডৰ বিজেপি যুৱ মৰ্চাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে ।
তেওঁ উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভগত সিং কোশিয়াৰীৰ আশ্ৰিত বুলি বিশ্বাস কৰা হয় । শুকুৰবাৰে পদত্যাগ কৰা তিৰথ সিং ৰাৱটৰ স্থান লৈছে ধামিয়ে । ধামি কুমাউন অঞ্চলৰ ।
লক্ষণীয়ভাৱে যোৱা দুগৰাকী মুখ্যমন্ত্ৰী গড়ৱাল অঞ্চলৰ আছিল । শুকুৰবাৰে তিৰথ সিং ৰাৱাটে পদত্যাগ কৰাৰ এদিন পিছতে এই ব্যাপক পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছিল । শনিবাৰে বিয়লি ডেৰাডুনত বিজেপি বিধায়িনী দলৰ বৈঠকৰ পিছত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ ওপৰত ঐকমত গঠন কৰা হৈছিল । ইফালে ৭০ জনীয়া উত্তৰাখণ্ড বিধানসভাৰ নিৰ্বাচন ২০২২ চনৰ আৰম্ভণিতে হোৱাৰ সম্ভাৱনা আছে ।
বিজেপিয়ে ২০১৭ চনত নিৰ্বাচনত জয়লাভ কৰিছিল, ৭০ জনীয়া বিধানসভাত ৫৭ খন আসনত জয়ী হৈছিল বিজেপি । দলটোৱে ধামিক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰাত বিজেপি বিধায়ক ধন সিং ৰাৱাটে আজি কয় যে উত্তৰাখণ্ডত সকলোৱে এই সিদ্ধান্তত সুখী । সূত্ৰৰ মতে পৰৱৰ্তী সময়ত উত্তৰাখণ্ডৰ কেবিনেট সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে উত্তৰাখণ্ড বিজেপিৰ মুৰব্বী মদন কৌশিকে সংবাদ মাধ্যমৰ আগত দলৰ মাজত বিভেদ সৃষ্টি হোৱা কথা অস্বীকাৰ কৰিছিল আৰু কৈছিল যে দলৰ ভিতৰত সকলো ঠিকেই আছে আৰু সকলোৱে শপতগ্ৰহণত উপস্থিত থাকিব ।
লগতে পঢ়ক : উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল'ব পুস্কৰ সিং ধামিয়ে