নেশ্যনেল ডেস্ক, 5ফেব্ৰুৱাৰী: পাঞ্জাৱৰ অমৃতসৰৰ প্ৰণৱ মহাজন নামৰ ছাত্ৰ গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা চিঠিৰ উত্তৰ পাই আনন্দিত হৈ পৰিছে ৷ কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ছাত্ৰ জনে 'Exam Warriors' নামৰ তেওঁৰ পুথিখন কিমান লাভজনক সেই সন্দৰ্ভত চিঠিৰ জৰিয়তে নিজৰ মতামত ব্যক্ত কৰিছিল ৷
প্ৰণৱ মহাজন নামৰ ছাত্ৰ গৰাকীয়ে চিঠিখনত উল্লেখ কৰা অনুসৰি প্ৰধানমন্ত্ৰীৰ 'Exam Warriors' নামৰ কিতাপখনে বিশেষকৈ পৰীক্ষাৰ সময়ত মানসিক চাপ হ্ৰাস কৰাৰ লগতে নিজ লক্ষ্যত উপনীত হ’বলৈ পথ প্ৰদৰ্শন কৰে ৷ লগতে এই কিতাপখনত উল্লেখ কৰা অনুসৰি শৰীৰ চৰ্চাও তেওঁ নিয়মিতভাৱে কৰাৰ অভ্যাস কৰিছে ৷ যাৰ জৰিয়তে বহু সুফল লাভ কৰিছে বুলি মন্তব্য কৰিছে প্ৰণৱ মহাজন নামৰ ছাত্ৰজনে ৷
প্ৰধানমন্ত্ৰীৰ লগত চিঠিৰ জৰিয়তে সৈতে হোৱা বাৰ্তলাপত আনন্দ প্ৰকাশ কৰিছে পাঞ্জাৱৰ ছাত্ৰ গৰাকীৰ ৷
লগতে পঢ়ক : 9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ