ETV Bharat / bharat

Barnala Policeman Murder : পঞ্জাৱত কাবাডী খেলুৱৈৰ গুণ্ডাগিৰি, আৰক্ষী জোৱানক নিৰ্মমভাৱে হত্যা ! - Barnala police murder case

আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈয়ে এগৰাকী আৰক্ষী জোৱানক নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে । ৰেষ্টুৰেণ্ট কৰ্মচাৰী আৰু খেলুৱৈৰ মাজত হোৱা কাজিয়া নিয়ন্ত্ৰণৰ বাবে সেইগৰাকী আৰক্ষী আহিছিল ।

Barnala Policeman Murder
পঞ্জাৱত কাবাডী খেলুৱৈৰ গুণ্ডাগিৰি
author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 12:12 PM IST

নেশ্যনেল ডেস্ক,২৩ অক্টোবৰ : পঞ্জাৱৰ বৰ্ণালা চহৰত ভয়ংকৰ ঘটনা । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ প্ৰহাৰত মৃত্যু আৰক্ষী জোৱানৰ । ঘটনাটোৰ পাছতে চহৰখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে এই ঘটনাটো দেওবাৰে নিশা সংঘটিত হৈছে । চহৰখনৰ ২৫ একৰ এলেকাৰ এখন ৰেষ্টুৰেণ্টত প্ৰথমে কাবাডী খেলুৱৈ আৰু ৰেষ্টুৰেণ্টখনৰ কৰ্মচাৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল । বিল পৰিশোধক লৈ এই কাজিয়াৰ সৃষ্টি হোৱাৰ অভিযোগ উঠিছে । এই কাজিয়াই অতি ভয়ংকৰ ৰূপ লোৱাত একাংশ লোকে আৰক্ষীক খবৰ দিয়ে । খবৰ পোৱাৰ লগে লগে চিটি ৱান আৰক্ষী থানাৰ এদল আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে আৰু কাবাডী খেলুৱৈসকলক আৰক্ষীৰ বাহনত বহিবলৈ অনুৰোধ জনায় ।

কিন্তু খেলুৱৈসকলে আৰক্ষীৰ কথা শুনিবলৈ অস্বীকাৰ কৰে । যাৰ ফলত দুয়োপক্ষৰ মাজত তৰ্ক হয় । এটা সময়ত কাবাডী খেলুৱৈসকল আৰক্ষীৰ ওপৰত জপিয়াই পৰে । পৰিস্থিতিয়ে অতি ভয়ংকৰ ৰূপ লয় । তাৰ মাজতে খেলুৱৈসকলৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দৰ্শন সিং নামৰ এগৰাকী জোৱান । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সিঙক বৰ্ণালাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাত তেওঁৰ মৃত্যু হয় । ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীৰ মতে, অভিযুক্ত কেইজন আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ আছিল । ইফালে আৰক্ষী জোৱানগৰাকীক প্ৰহাৰ কৰাৰ পাছত অভিযুক্তসকলে ৰেষ্টুৰেণ্টখনো লণ্ডভণ্ড কৰে ।

ঘটনাটোৰ পাছত অভিযুক্ত খেলুৱৈকেইজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে । আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । জানিব পৰা মতে নিহত দৰ্শন সিঙে দীৰ্ঘদিন ধৰি চিটি ৱান থানাত হাৱিলদাৰ হিচাপে কাম কৰি আছিল । এই ঘটনাৰ পাছতে চহৰখনৰ বাসিন্দাসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ঘটনাটোৰ এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে একাংশ কাবাডী খেলুৱৈ নিশা ৰেষ্টুৰেণ্টখনত বহি আছিল আৰু ৰেষ্টুৰেণ্টৰ মালিক আৰু কাবাডী খেলুৱৈসকলৰ মাজত বিল দিয়াক লৈ বিবাদ হৈছিল । তাৰ পাছত ৰেষ্টুৰেণ্টৰ মালিকে আৰক্ষীক খবৰ দিয়ে । তেওঁ উল্লেখ কৰা মতে অভিযুক্তসকলে আৰক্ষী জোৱানগৰাকীক ৰাজপথতে প্ৰহাৰ কৰিছিল আৰু জোৱানগৰাকীৰ মূৰটো ৰাস্তাত মৰিয়াইছিল ।

লগতে পঢ়ক :Clash in Nagaon: ৰিয়াজুলৰ আক্ৰমণত আহত মহম্মদ আলী; আৰক্ষীৰে সু-সম্পৰ্ক থকাৰ ভাবুকি স্বয়ম্ভু গুণ্ডাৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.