ETV Bharat / bharat

Illegal immigration companies in Punjab : অবৈধ অনুপ্ৰৱেশ এজেন্সীৰ বিৰুদ্ধে কঠোৰ পঞ্জাৱ চৰকাৰ - Immigration companies

পঞ্জাৱৰ বিভিন্ন জিলাত অবৈধ অনুপ্ৰৱেশ এজেন্সী গঢ়ি উঠিছে । যাৰ বাবে চৰকাৰে সেইবোৰৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গৈছে । অভিযানৰ সময়ত এতিয়ালৈ প্ৰায় ২৭১ টা ইমিগ্ৰেচন প্ৰতিষ্ঠান অবৈধ হিচাপে পোৱা গৈছে ।

Illegal immigration companies in Punjab
অবৈধ ইমিগ্ৰেচন এজেন্সিৰ বিৰুদ্ধে কঠোৰ পঞ্জাৱ চৰকাৰ
author img

By

Published : Aug 10, 2023, 1:45 PM IST

নেশ্যনেল ডেস্ক, ১০ আগষ্ট : ট্ৰেভেল এজেণ্ট, সংগঠন আৰু এজেন্সিৰ বিৰুদ্ধে সৰৱ হৈছে পঞ্জাৱ চৰকাৰ । ৰাজ্যখনত অবৈধভাৱে গঢ়ি উঠা এনে ট্ৰেভেল এজেন্সী আৰু প্ৰতিষ্ঠানবোৰৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সিদ্ধান্ত লৈছে চৰকাৰে । পঞ্জাৱৰ এনআৰআইসকলক উদ্দেশ্যি এই তথ্য প্ৰদান কৰে চৰকাৰে । পৰিক্ৰমা আৰু প্ৰশাসনিক সংস্কাৰ মন্ত্ৰী কুলদীপ সিং ধালিৱালে কয় যে, অনুজ্ঞাপত্ৰ পৰীক্ষা আৰু অন্যান্য প্ৰয়োজনীয় অনুমোদন ইত্যাদি পৰীক্ষা কৰি থকা হৈছে । ৰাজ্যখনৰ সকলো জিলাতে এই অভিযান চলি আছে ।

ধালিৱালে এনআৰআই সম্পৰ্কীয় বিষয়ত বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকৰ অন্তত কয় যে, এতিয়ালৈকে ৭১৭৯ টা ট্ৰেভেল এজেণ্ট, এজেন্সী আৰু কাৰ্যালয়ৰ তথ্য সংগ্ৰহ কৰা হৈছে । তাৰ ভিতৰত জিলা ভিত্তিক দলবোৰে ৩৫৪৭ টাৰ পৰীক্ষা সম্পন্ন কৰিছে । তেওঁ কয় যে এই পৰীক্ষাৰ সময়ত ২৭১ টা ইমিগ্ৰেচন প্ৰতিষ্ঠান অবৈধ বুলি জানিব পৰা গৈছে আৰু ২৫ জুলাইত এই সন্দৰ্ভত এজেহাৰ ৰুজু কৰা হৈছে । তেওঁ কয় যে এনআৰআই বৈঠকৰ সময়ত লাভ কৰা মুঠ ৬০৯ টা অভিযোগৰ ভিতৰত ৫৮৮ টা অভিযোগ সমাধান কৰা হৈছে আৰু বাকী ২১ টা গোচৰৰ প্ৰক্ৰিয়া চলি আছে ।

ধালিৱালে কয় যে, পঞ্জাৱ চৰকাৰে প্ৰব্ৰজনকাৰী পাঞ্জাৱীসকলৰ অভিযোগ আৰু অন্যান্য বিভিন্ন বিষয় অগ্ৰাধিকাৰৰ ভিত্তিত সমাধান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । জিলাসমূহত এছডিএমক দায়িত্ব দিয়া হৈছে । নোডেল বিষয়াসকলক ট্ৰেভেল এজেণ্ট, এজেন্সী, কাৰ্যালয় আদিৰ পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । ১০ ছেপ্টেম্বৰৰ ভিতৰত সংশ্লিষ্ট জিলাসমূহত এই পৰীক্ষাসমূহ কৰা হ'ব । মন্ত্ৰীগৰাকীয়ে জনোৱা মতে যিবোৰ প্ৰতিষ্ঠান বা সংস্থাই সঠিক ধৰণে কাম কৰিবলৈ ইচ্ছুক অৰ্থাৎ নিৰ্দিষ্ট আইন আৰু নিৰ্ধাৰিত চৰ্তাৱলীৰ অধীনত কাম কৰিব বিচাৰে তেওঁলোকক সুযোগ দিয়া হ'ব ।

মন্ত্ৰীগৰাকীয়ে জিলাসমূহত নিয়োজিত নোডেল বিষয়াসকলক নিৰ্দেশ দিছে যাতে বিভাগটোৱে তেওঁলোকলৈ প্ৰেৰণ কৰা প্ৰবাসী ভাৰতীয়সকলৰ সৈতে সম্পৰ্কিত সকলো গোচৰ অগ্ৰাধিকাৰৰ ভিত্তিত নিষ্পত্তি কৰে ।

লগতে পঢ়ক : Indecent proposal to girl: চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ছাত্ৰীক দিলে ফাৰ্ষ্ট ডিভিজন পোৱাৰ অন্য উপায়; অডিঅ’ ভাইৰেল

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.