ETV Bharat / bharat

Stubble Management In Punjab: ধান খেৰৰ ওপৰত পঞ্জাৱ চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত - ইটা ভাটা

ধান খেৰৰ ওপৰত পঞ্জাৱ চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ সমগ্ৰ ৰাজ্যৰ ইটা ভঁৰালত ২০ শতাংশ খেৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছে পঞ্জাৱ চৰকাৰে (Brick kiln fuel)।

Punjab government big initiative by taking important steps in the management of stubble
ধান খেৰৰ ওপৰত পঞ্জাৱ চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
author img

By

Published : Nov 13, 2022, 8:09 PM IST

নেশ্যনেল ডেস্ক, 13 নৱেম্বৰ: খেতিৰ অৱশিষ্ট খেৰ, নৰা আদি পুনঃব্যৱহাৰ বা নষ্ট কৰাৰ ক্ষেত্ৰত অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা পঞ্জাৱ চৰকাৰে এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে (Chandigarh common man issues) ৷ সমগ্ৰ পঞ্জাৱৰ ইটা ভাটাত ২০ শতাংশ খেৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছে পঞ্জাৱ চৰকাৰে (Brick kiln fuel)।

আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা সদৰি কৰে পৰিৱেশ, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী গুৰমীত সিং মিট হায়েৰে (Minister Gurmeet Singh Meet Hayer)। তেওঁ কয় যে মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ নিৰ্দেশনা অনুসৰি পঞ্জাৱ চৰকাৰে এক অধিসূচনা জাৰি কৰিছে যে ইটা ভাটাত ২০ শতাংশ খেৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগিব । লগতে তেওঁ কয় যে ইটা ভাটাৰ মালিকসকলক এই নতুন ব্যৱস্থাপনাৰ বাবে সাজু হ’বলৈ ছমাহৰ সময় দিয়া হৈছে আৰু এই নিৰ্দেশনাসমূহ কাৰ্যকৰী নকৰাসকলৰ বিৰুদ্ধে ২০২৩ চনৰ ১ মে’ৰ পিছত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

মিট হায়েৰে কয় যে, পঞ্জাৱ চৰকাৰে কৃষকসকলক খেৰ ব্যৱস্থাপনাত সহায় কৰিবলৈ আৰু খেৰ জ্বলোৱাৰ ফলত হোৱা প্ৰদূষণৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ইন চিটু আৰু এক্স চিটু কাম কৰি আছে । পঞ্জাৱৰ কৃষকসকলক ইন চিটু খেৰ ব্যৱস্থাপনাৰ বাবে ৰাজ সাহায্যত ১.২৫ লাখ মেচিন প্ৰদান কৰা হৈছে ৷ আনহাতে এক্স চিটুৰ অধীনত উদ্যোগসমূহক খেৰক ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে । খেৰৰ পৰা চিএনজি (CNG), বিদ্যুৎ আৰু অন্যান্য শক্তিৰ উৎস উৎপাদনৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লগতে মিট হায়েৰে কয় যে, নতুন সিদ্ধান্তৰ অধীনত ইটা ভাটাৰ ২০ শতাংশ খেৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰিলে খেৰ ব্যৱস্থাপনাত সকাহ হ’ব আৰু খেৰ বিক্ৰী কৰি কৃষকসকলেও আৰ্থিক সহায় লাভ কৰিব (Special incentives for small farmers)। পৰিৱেশ আৰু বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে ইটা ভাটাসমূহলৈ সকলো কাৰিকৰী সহায় আগবঢ়াব (Stubble management) । ইয়াৰ উপৰিও এই সন্দৰ্ভত জাৰি কৰা অধিসূচনাৰ অধীনত সকলো উপাযুক্তক এই নিৰ্দেশনাসমূহ পালন কৰিবলৈও নিৰ্দেশ দিয়া হয় বুলি কয় ।

লগতে কয়: BJP Tribal Morcha Protest: ত্ৰিপুৰাত জ্বলিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ জুমুঠি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.