ETV Bharat / bharat

Punjab court summons Kharge : মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে 100 কোটি টকাৰ মানহানিৰ গোচৰ; আদালতৰ চমন

author img

By

Published : May 15, 2023, 3:39 PM IST

Updated : May 15, 2023, 4:05 PM IST

কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেলৈ আহিছে আদালতৰ পৰা চমন (Punjab court summons Kharge)৷ সদ্য সমাপ্ত কৰ্ণাটক বিধানসভা নিৰ্বাচনত বজৰংগ দলৰ বিৰুদ্ধে কৰা কেতবোৰ মন্তব্য বাবেই কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেলৈ হিন্দু সুৰক্ষা পৰিষদৰ প্ৰতিষ্ঠাপক হিতেশ ভৰদ্বাজে খৰ্গেৰ বিৰুদ্ধে দাখিল কৰে এক অভিযোগনামা ৷ এই অভিযোগনামাৰ আধাৰতে পঞ্জাৱৰ সংগুৰ আদালতে 10 জুলাইত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

Punjab court summons Kharge
মল্লিকাৰ্জুন খাৰ্গেলৈ আহিছে আদালতৰ পৰা চমন

নেশ্যনেল ডেস্ক, 15 মে’ : সদ্য সমাপ্ত কৰ্ণাটক নিৰ্বাচনৰ সময়ত বজৰং দলৰ বিৰুদ্ধে মানহানিকাৰক মন্তব্য কৰাৰ অভিযোগত হিন্দু সুৰক্ষা পৰিষদৰ প্ৰতিষ্ঠাপক হিতেশ ভৰদ্বাজে খাৰ্গেৰ বিৰুদ্ধে দাখিল কৰে 100 কোটি টকাৰ মানহানিৰ গোচৰ (Punjab court summons Kharge) ৷ এই মানহানিৰ গোচৰতে কংগ্ৰেছৰ মূৰব্বী মল্লিকাৰ্জুন খাৰ্গেক পঞ্জাৱৰ সংগুৰ আদালতে সোমবাৰে চমন জাৰি কৰে ।

তথ্য অনুসৰি, পঞ্জাৱৰ আদালতে 100 কোটি টকাৰ ব্যক্তিগত মানহানিৰ গোচৰত মল্লিকাৰ্জুন খাৰ্গেক চমন জাৰি কৰিছে ৷ এই চমন জাৰি কৰে দেৱানী ন্যায়াধীশ (senior division) ৰমনণ্ডীপ কৌৰে (Civil judge Ramandeep Kaur)৷ হিতেশ ভৰদ্বাজৰ এই আবেদনৰ ভিত্তিতেই খাৰ্গেক 10 জুলাইত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে ।

মল্লিকাৰ্জুন খাৰ্গে বজৰং দলক জাতীয় বিৰোধী সংগঠনৰ সৈতে তুলনা কৰাত হিতেশ ভৰদ্বাজ ক্ষুব্ধ হৈ পৰে (Defamation case for anti Bajrang Dal remarks) ৷ আনকি কংগ্ৰেছে কৰ্ণাটকত ক্ষমতালৈ অহাৰ পিচত বজৰং দলক নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি দাবী কৰে হিতেশ ভৰদ্বাজে ৷ তেওঁ কয় যে কংগ্ৰেছৰ ইস্তাহাৰ পঢ়াৰ পাচতে বৃহস্পতিবাৰে আদালতৰ কাষ চাপিছিল ৷ য’ত তেওঁ দেখিছিল যে ইস্তাহাৰৰ 10 নং পৃষ্ঠাত কংগ্ৰেছে বজৰং দলক জাতীয় বিৰোধী সংগঠনৰ সৈতে তুলনা কৰিছে আৰু লগতে জয়ী হ’লে কৰ্ণাটকত বজৰং দলক নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে ৷

ইয়াৰ পূৰ্বে এপ্ৰিল মাহত এদিন খাৰ্গে কৰ্ণাটক বিধানসভালৈ নিৰ্বাচনী প্ৰচাৰৰ সময়তে তেওঁৰ গৃহ সমষ্টি কালাবুৰাগীত ভাষণ দি কয়, ‘‘মোডী বিষাক্ত সাপৰ দৰে ৷ মোডীয়ে যাকে চেলেকে তেওঁৱে মৰি যায় ৷’’ ২৪ এপ্ৰিলত খাৰ্গে এক পৰোক্ষ বিবৃতিত বিজেপিক ৰাজনীতি আৰু ধৰ্ম মিহলি কৰাৰ এক অভিযোগ উত্থাপন কৰে ।

তেওঁ কয়, ‘‘ৰাজনীতি আৰু ধৰ্ম একাকাৰ হ’ব নালাগে । কিছুমান দল আৰু নেতাই আজিকালি ৰাজনীতি আৰু ধৰ্ম একাকাৰ কৰিবলৈ চেষ্টা কৰিছে । এটা সম্প্ৰদায়ৰ বিভিন্ন লোকে বিভিন্ন দল ভাল পাব পাৰে । এটা ঘৰৰ ব্যক্তিৰ পছন্দ বেলেগ বেলেগ হ'ব পাৰে । আমি তেওঁলোকক একেলগ কৰাৰ মনোভাৱ উচিত নহয় । এনে বিচাৰ প্ৰগতিগামী হয় ৷ ফলত আমাৰ গণতন্ত্ৰ আৰু সংবিধানক দুৰ্বল হৈ পৰে । বিজেপি নেতাসকলক মোৰ পৰামৰ্শ হ’ল ভোটৰ লোভত এটা সম্প্ৰদায়ক আন এটা সম্প্ৰদায়ৰ বিৰুদ্ধে নেখেলিব ।’’

লগতে পঢ়ক : Karnataka new CM: সিদ্ধান্ত ল’বলৈ বেছি সময় নালাগিব খাৰ্গেক; কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম আজি ঘোষণাৰ সম্ভাৱনা

Last Updated : May 15, 2023, 4:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.