ETV Bharat / bharat

দিল্লীত নৈশ সান্ধ্য আইন জাৰি সন্দৰ্ভত আলোচনা অব্যাহত

author img

By

Published : Apr 6, 2021, 9:13 PM IST

COVID-১৯ ৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে নৈশ সান্ধ্য আইন জাৰি কৰাৰ কথা চিন্তা-চৰ্চা কৰি আছে । সোমবাৰে দিল্লীত ৩,৫৪৮ গৰাকী লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হয় ।

দিল্লীত নৈশ সান্ধ্য আইন জাৰি কৰাক লৈ আলোচনা অব্যাহত

নেশ্যনেল ডেস্ক,৬ এপ্ৰিল: বিগত ৩ সপ্তাহ ধৰি দিল্লীত পুনৰ বৃদ্ধি পাইছে COVID-১৯ ৰ সংক্ৰমণ । ক্ৰমাৎ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে মঙলবাৰে দিল্লী চৰকাৰে নৈশ সান্ধ্য আইন জাৰি কৰাৰ সম্ভাৱনা প্ৰকট কৰে ।

দিল্লী চৰকাৰৰ এক সূত্ৰই জনোৱা মতে, বৰ্তমানেও নৈশ সান্ধ্য আইন বলৱৎ কৰাক লৈ আলোচনা অব্যাহত আছে । আলোচনাত সিদ্ধান্ত লোৱা হৈছিল যে, যদি নৈশ সান্ধ্য আইন বলৱৎ কৰা হয় তেন্তে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি কৰা হ'ব এই নৈশ সান্ধ্য আইন ।

মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যতো মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পাইছে । চৰকাৰী সূত্ৰটোৱে জনোৱা মতে, নৈশ সান্ধ্য আইন জাৰি কৰাৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ প্ৰেৰণ কৰা হৈছিল । কিন্তু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, এই পৰ্যন্ত তেনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই । যোৱা ২ মাৰ্চত মুখ্যমন্ত্ৰী কেজৰিৱালে কৈছিল যে, ৰাজধানী চহৰখনত নতুনকৈ আক্ৰান্তৰ ঘটনাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।

অৱশ্যে, পূৰ্বৰ তুলনাত এইবাৰ সংক্ৰমণৰ তীব্ৰতা কম আৰু সেয়েহে কোনো লক ডাউন আৰোপ কৰাৰ প্ৰয়োজন নাই । কৰ'ণাসৃষ্ট পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছিল । দিল্লী চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, সোমবাৰে দিল্লীত ৩,৫৪৮ গৰাকী লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে ।

ফলত আক্ৰান্তৰ সংখ্যা ৬,৭৯,৯৬২ জনলৈ বৃদ্ধি পায় । একেৰাহে চতুৰ্থ দিনৰ বাবে দিল্লীত ৩,৫০০ জনৰো অধিক লোক নতুনকৈ COVID-১৯ ত আক্ৰান্ত হয় ৷ দেওবাৰে, দিল্লীত ৪,০৩৩ গৰাকী লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছিল ৷ এয়া হৈছে চলিত বৰ্ষত একেটা দিনতে সৰ্বাধিক আক্ৰান্তৰ সংখ্যা ।

লগতে পঢ়ক: ন্যায়াধীশ এন ভি ৰমানাক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.