ETV Bharat / bharat

Rajya Sabha Monsoon Session: ৰাজ্যসভাত ২৬.৯০ শতাংশ সময়হে ফলপ্ৰসূ হৈছে

author img

By

Published : Jul 23, 2022, 6:14 PM IST

চলিত বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম সপ্তাহত ৰাজ্যসভাত ২৬.৯০ শতাংশ সময়হে ফলপ্ৰসূভাবে সম্পন্ন হৈছে (Rajya Sabha monsoon session)। শনিবাৰে ৰাজ্যসভাৰ সচিবালয়ে উল্লেখ কৰে যে উচ্চ সদনে সপ্তাহৰ প্ৰথম তিনিদিনত কেৱল 1 ঘণ্টা 16 মিনিটৰ বাবে কাম সুচাৰুৰূপে সম্পন্ন কৰিছে । আনহাতে যোৱা দুদিনত 5 ঘণ্টা 31 মিনিট কাম কৰিবলৈ সক্ষম হৈছে ।

f
Rajya Sabha monsoon session: ৰাজ্যসভাত ২৬.৯০ শতাংশ সময়হে ফলপ্ৰসূ হৈছে

নেচনেল ডেস্ক, ২৩ জুলাই: চলিত বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম সপ্তাহত ৰাজ্যসভাত ২৬.৯০ শতাংশ সময়হে ফলপ্ৰসূভাবে সম্পন্ন হৈছে (Rajya Sabha monsoon session)। শনিবাৰে ৰাজ্যসভাৰ সচিবালয়ে উল্লেখ কৰে যে উচ্চ সদনে সপ্তাহৰ প্ৰথম তিনিদিনত কেৱল 1 ঘণ্টা 16 মিনিটৰ বাবে কাম সুচাৰুৰূপে সম্পন্ন কৰিছে । আনহাতে, যোৱা দুদিনত 5 ঘণ্টা 31 মিনিট কাম কৰিবলৈ সক্ষম হৈছে ।

সচিবালয়ৰ সূত্ৰই কয় যে বাধা আৰু বলপূৰ্বক স্থগিতকৰণৰ বাবে সদনৰ নিৰ্ধাৰিত বৈঠকৰ মুঠ ১৮ ঘণ্টা ৪৪ মিনিট নষ্ট হৈছে । সপ্তাহৰ অন্তিম দিনটোত শুকুৰবাৰে স্বাস্থ্যৰ অধিকাৰ সম্পৰ্কীয় ব্যক্তিগত সদস্য বিধেয়কৰ কাৰ্যকৰী সময়ৰ 37 শতাংশ অৰ্থাৎ আঢ়ৈ ঘণ্টাৰ আলোচনাই কামৰ সময় কিছু পৰিমাণে উন্নত কৰাত সহায় কৰে । সচিবালয়ে পুনৰ উল্লেখ কৰে যে প্ৰশ্নকালটো কেৱল যোৱা দুদিনত মুঠ 1 ঘণ্টা 50 মিনিটৰ বাবে হৈছে যি সদনৰ মুঠ কাৰ্যকৰী সময়ৰ 27 শতাংশ । সদন নিয়ম 267-ৰ অধীনত মূল্যবৃদ্ধি আৰু জিএছটি বৃদ্ধিৰ ওপৰত আলোচনা কৰাৰ বিৰোধীতাৰ বাবে ব্যাঘাত জন্মে ।

অধ্যক্ষ এম ভেংকায়া নাইডুৱে(Speaker M Venkaiah Naidu) সদনক কয় যে মূল্যবৃদ্ধিৰ ওপৰত পৃথক আলোচনা কৰাৰ সিদ্ধান্ত লোৱা হৈছে । সদনত স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ বিৰোধী দলৰ কেইজনমান নেতাৰ সৈতেও আলোচনা কৰিছিল অধ্যক্ষগৰাকীয়ে । সচিবালয়ৰ বিষয়াসকলে কয় যে চলিত অধিৱেশনৰ প্ৰথম সপ্তাহত তালিকাভুক্ত 75 টা প্ৰশ্নৰ 22 টা সদনত মৌখিকভাৱে উত্তৰ দিয়া হৈছিল ।

বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ বিধেয়ক-2022ৰ বিষয়ে 42 মিনিটৰ বাবে আলোচনা কৰা হৈছিল আৰু আঠজন সদস্যইহে ইয়াত অংশগ্ৰহণ কৰিছিল । সপ্তাহটোত প্ৰায় নখন ব্যক্তিগত সদস্য বিধেয়ক উত্থাপন কৰা হৈছিল । ৩০ জন নৱনিৰ্বাচিত সদস্যই সদনত শপতগ্ৰহণ কৰা বুলি সচিবালয় সূত্ৰই সদৰি কৰিছে ।

লগতে পঢ়ক:Road construction: নতুন প্ৰযুক্তিৰে ত্ৰিপুৰাত পথ নিৰ্মাণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.