ETV Bharat / bharat

উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ ৰেলীত পাকিস্তান পন্থী শ্ল’গান

author img

By

Published : Jul 16, 2021, 1:01 PM IST

বৃহস্পতিবাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সমাজবাদী পাৰ্টীয়ে ৰাজ্যখনত সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত কথিত ৰিগিঙৰ বিৰুদ্ধে ৰাজ্যব্যাপী প্ৰতিবাদৰ আয়োজন কৰিছিল । সমাজবাদী পাৰ্টীৰ অভিযোগ দলটোৰ ভাৱমূৰ্তি কলুষিত কৰিবলৈ এই শ্ল’গান দিছিল । আৰক্ষীয়ে ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰি আছে ।

Pak slogans in SP rally
উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ ৰেলীত পাকিস্তান পন্থী শ্লোগান

নেশ্য়নেল ডেস্ক, ১৬ জুলাই : উত্তৰ প্ৰদেশত এটা ভাইৰেল ভিডিঅ'ক লৈ তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে । ভিডিঅ'টো হৈছে সমাজবাদী পাৰ্টীৰ (Samajwadi Party) এক সমদলৰ । দলটোৰ এই প্ৰতিবাদী সমদলত একাংশ লোকে পাকিস্তান পন্থী শ্ল’গান দিয়া দেখা গৈছে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সমাজবাদী পাৰ্টীয়ে ৰাজ্যখনত শেহতীয়াকৈ সমাপ্ত পঞ্চায়ত নিৰ্বাচনত কথিত ৰিগিঙৰ বিৰুদ্ধে ৰাজ্যব্যাপী প্ৰতিবাদৰ আয়োজন কৰিছিল । এই কাৰ্যসূচীতে শ্ল’গান দি থকা সময়ত ৰেকৰ্ডিং কৰা হৈছিল ভিডিঅ'টো । ভিডিঅ'টোত স্পষ্ট দেখা গৈছিল যে ৰঙা চাৰ্ট পিন্ধা এজন প্ৰতিবাদকাৰীয়ে পাকিস্তান জিন্দাবাদ শ্ল’গান দিছে । ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

  • आज आगरा में समाजवादी पार्टी के शहर अध्यक्ष वाजिद निसार के नेतृत्व में भाजपा के खिलाफ निकाली गई रैली में पाकिस्तान जिंदाबाद के नारे लगाए गए।
    क्या समाजवादी पार्टी पाकिस्तान से संचालित हो रही है? pic.twitter.com/SBiecYZEnT

    — BJP Uttar Pradesh (@BJP4UP) July 15, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইতিমধ্যে ভাইৰেল ভিডিঅ'টো সন্দৰ্ভত আৰক্ষীয়েও তদন্ত আৰম্ভ কৰিছে । আগ্ৰাৰ আৰক্ষী অধীক্ষক বট্ৰে ৰোহন প্ৰমোদে কোৱা মতে তেওঁলোকে বিষয়টো সন্দৰ্ভত অৱগত হোৱাৰ পাছতে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰি আছে আৰু শ্ল’গান দিয়া ব্যক্তিজনক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে । আৰক্ষী বিষয়াগৰাকীৰ মতে তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

ইফালে, সমাজবাদী পাৰ্টীৰ আগ্ৰা জিলাৰ সভাপতি ৱাজিদ নিছাৰে অভিযোগ কৰিছে যে এজন ব্যক্তিয়ে দলটোৰ ভাৱমূৰ্তি কলুষিত কৰিবলৈ এই শ্ল’গান দিছিল যাৰ বাবে তেওঁ আৰক্ষীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে আৰু অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে । আনহাতে, ব্যক্তিজনক পংকজ সিং বুলি চিনাক্ত কৰা হৈছে । কিন্তু ব্যক্তিগৰাকীয়ে এই অভিযোগ অস্বীকাৰ কৰি কয় যে তেওঁ কেৱল মুলায়ম সিং, অখিলেশ যাদৱ (Akhilesh Yadav) আৰু সমাজবাদী পাৰ্টিৰহে শ্ল’গান দিছিল ।

তেওঁ কোৱা মতে তেওঁ এজন ঠাকুৰ । সেয়ে তেওঁ পাকিস্তান জিন্দাবাদ শ্ল’গান কেতিয়াও দিব নোৱাৰে । এই ঘটনাৰ পাছতে সমাজবাদী পাৰ্টীৰ বিৰুদ্ধে বিজেপি লগতে আন আন দল সংগঠনসমূহেও বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দিয়া দেখা গৈছে ।

লগতে পঢ়ক :ৰাজদ্ৰোহ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন অৰুণ চৌৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.