নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল: কৰ'ণাত আক্ৰান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱৰ আশু আৰোগ্য কামনা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ । বুধবাৰে দুয়োগৰাকী নেতাই ক'ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পাচতে প্ৰিয়ংকা গান্ধীয়ে টুইটযোগে আশু আৰোগ্য কামনা কৰে ।
ক'ভিড পজিটিভ ফলাফল অহাৰ লগে লগে দুয়োগৰাকী নেতাই হোম আইচলেছনত আছে আৰু সকলো সাৱধানতা অৱলম্বন কৰিছে । । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে শেহতীয়াকৈ তেওঁৰ কাৰ্যালয়ৰ কেইবাগৰাকী বিষয়া কৰ'ণাত আক্ৰান্ত হৈছে ।