ETV Bharat / bharat

Karnataka Election 2023 : অংগনৱাড়ী তথা আশাকৰ্মীৰ দৰমহা বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰিয়ংকা গান্ধীৰ - Priyanka Gandhi Vadra on Karnataka polls campaign

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে । প্ৰতিটো ৰাজনৈতিক দলেই ভোটাৰসকলক আকৃষ্ট কৰিবৰ বাবে প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰিছে । লগতে আক্ৰমণ-প্ৰত্যাক্ৰমণে ৰাজনৈতিক বতাহ গৰম কৰি তুলিছে । বিশেষকৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত চলি থকা ৰাজনৈতিক বাক-বিতণ্ডাই নিৰ্বাচনী পৰিৱেশ উত্তপ্ত কৰি তুলিছে । তাৰ মাজতে ৰাজ্যখনলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই অংগনবাড়ী, অশাকৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ টোপ দিছে (Priyanka Gandhi Vadra on Karnataka polls campaign) ।

Priyanka Gandhi Vadra on Karnataka polls campaign

author img

By

Published : Apr 30, 2023, 8:30 PM IST

নিউজ ডেস্ক, ৩০ এপ্ৰিল : কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাই (Congress General Secretary Priyanka Gandhi Vadra) দেওবাৰে কয় যে, যদি তেওঁৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে মুখ্য অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মচাৰীসকলৰ মাননী প্ৰতিমাহে ১৫,০০০ টকালৈ বৃদ্ধি কৰা হ'ব । আনহাতে, মিনি অংগনৱাড়ী কৰ্মীসকলৰ মাননী ১০,০০০ টকালৈকে বৃদ্ধি কৰা হ'ব (Priyanka Gandhi on Anganwadis workers honorarium) ।

আনহাতে, দলটোৱে স্বীকৃত সামাজিক স্বাস্থ্য কৰ্মী (Accredited Social Health Activists) চমুকৈ আশাকৰ্মীসকলৰ মাননী প্ৰতি মাহে ৮,০০০ টকালৈ বৃদ্ধি কৰাৰ কথাও প্ৰিয়ংকাই ঘোষণা কৰে । লগতে মধ্যাহ্ন ভোজনৰ বাবে কাম কৰা মহিলাসকলৰ মাননীও প্ৰতিমাহে ৫,০০০ টকালৈ বৃদ্ধি কৰিব বুলি তেওঁ কয় (Karnataka Assembly election 2023) ।

মহাৰাষ্ট্ৰৰ সীমান্তৱৰ্তী কৰ্ণাটকৰ বেলাগাভি জিলাত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়, "আমাৰ দলে মুখ্য অংগনৱাড়ী কেন্দ্ৰৰ মোৰ ভগ্নীসকলৰ বাবে মাননী প্ৰতিমাহে ১৫,০০০ টকা আৰু মিনি অংগনৱাড়ীত কাম কৰি থকা ভগ্নীসকলৰ বাবে ১০,০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে (Priyanka Gandhi Vadra on Karnataka polls campaign) । আশাকৰ্মীসকলৰ মাননী ৮,০০০ টকালৈ আৰু মধ্যাহ্ন ভোজনৰ বাবে কাম কৰা সকলে ৫,০০০ টকাকৈ লাভ কৰিব ।"

প্ৰিয়ংকাই মুখ্য অংগনৱাড়ী কৰ্মীসকলৰ তেওঁলোকৰ অৱসৰৰ সময়ত বা দুৰ্ঘটনাৰ ফলত মৃত্যুৰ ক্ষেত্ৰত তেওঁলোকৰ মনোনীত ব্যক্তিক তিনি লাখ টকা আৰু মিনি অংগনৱাড়ীত কাম কৰাসকলক দুই লাখ টকাকৈ প্ৰদানৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

আনহাতে, বিজেপি চৰকাৰক তেওঁলোকৰ 'মিছা আৰু প্ৰবঞ্চনা'ৰ বাবে সমালোচনা কৰি প্ৰিয়ংকাই কয়, "বিজেপিয়ে ৰাজ্যখনক ইমান বেয়া ধৰণে শাসন কৰিছে যে ই ৪০ শতাংশ কমিছন চৰকাৰৰ টেগ পাইছে (Priyanka Gandhi slammed BJP government) ।"

উল্লেখ্য যে, কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য বৰ্তমান আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে । প্ৰতিটো ৰাজনৈতিক দলেই ভোটাৰসকলক আকৃষ্ট কৰিবৰ বাবে প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰিছে । আনহাতে, কংগ্ৰেছ আৰু বিজেপিৰ মাজত চলি থকা ৰাজনৈতিক বাক-বিতণ্ডাই নিৰ্বাচনী পৰিৱেশ উত্তপ্ত কৰি তুলিছে । তাৰ মাজতে ৰাজ্যখনলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই অংগনবাড়ী, অশাকৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ টোপ দিয়ে । কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন অহা 10 মে'ত অনুষ্ঠিত হ'ব 13 মে'ত ফলাফল ঘোষণা কৰা হ'ব ।

লগতে পঢ়ক :Amit Shah Slams Congress: ৭০ বছৰ ধৰি কংগ্ৰেছে ৰাম মন্দিৰ প্ৰসংগ ওলোমাই ৰাখিছিল; অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.