ETV Bharat / bharat

Priyanka Gandhi Himachal Tour : হিমাচলৰ দুৰ্যোগ প্ৰভাৱিত অঞ্চল পৰিদৰ্শন প্ৰিয়ংকা গান্ধীৰ

দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হিমাচল প্ৰদেশত প্ৰিয়ংকা গান্ধী । নেত্ৰীগৰাকীয়ে পীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে । ৰাইজক সকলো সম্ভৱ সহায়ৰ প্ৰতিশ্ৰুতি প্ৰিয়ংকা গান্ধীৰ ।

Priyanka Gandhi Himachal Tour
হিমাচলৰ দুৰ্যোগ প্ৰভাৱিত অঞ্চল পৰিদৰ্শন প্ৰিয়ংকা গান্ধীৰ
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 5:40 PM IST

নেশ্যনেল ডেস্ক,১২ ছেপ্টেম্বৰ : দুদিনীয়া কাৰ্যসূচীৰে হিমাচল প্ৰদেশৰ কুল্লুত উপস্থিত হয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা । তেওঁ সম্প্ৰতি দুৰ্যোগ প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰিছে । এই সময়ছোৱাত তেওঁ কয় যে এই দুৰ্যোগত ৰাজ্যবাসীৰ সহযোগিতা প্ৰশংসনীয় । কংগ্ৰেছ চৰকাৰেও একে ধৰণৰ সহযোগিতাৰে কাম কৰি আছে ।

হিমাচল প্ৰদেশক যিমান সম্ভৱ সোনকালে দুৰ্যোগৰ পৰা মুক্ত কৰিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে । কুল্লু জিলাৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে দুৰ্যোগৰ পাছৰে পৰা কংগ্ৰেছ চৰকাৰে জনসাধাৰণক সাহায্য প্ৰদানৰ বাবে নিৰন্তৰ কাম কৰি আহিছে । জনসাধাৰণে ইয়াৰ দ্বাৰা যথেষ্ট লাভান্বিত হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

  • I wanted to meet you personally (Priyanka Gandhi), says a local woman of Himachal Pradesh who is assisting the govt in road-building works. pic.twitter.com/pfoM03aUxy

    — Shantanu (@shaandelhite) September 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰিয়ংকা গান্ধীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰেও এই সময়ত ৰাজ্যখনক আন্তৰিকতাৰে সহায় কৰা উচিত । কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাজ্যখনত কংগ্ৰেছ চৰকাৰ আছে নে বিজেপিৰ আছে সেয়া চিন্তা কৰা উচিত নহয় । তেওঁ দাবী কৰা মতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক আৰ্থিকভাৱে সহায় কৰা উচিত । মানালীত প্ৰিয়ংকা গান্ধীয়ে কয় যে কুল্লু জিলাৰ লগতে সমগ্ৰ হিমাচলত বৰষুণৰ ফলত কোটি কোটি টকাৰ লোকচান হৈছে ।

তেওঁ উল্লেখ কৰা মতে ৰাজ্যখনৰ জনসাধাৰণেও মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ তেওঁলোকৰ আন্তৰিক সমৰ্থন আগবঢ়াইছে । যাৰ বাবে ৰাজ্যখনত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰা হৈছে । ভ্ৰমণৰ সময়ছোৱাত প্ৰিয়ংকা গান্ধীয়ে ৰামশিলা, পাটলি কুহাল, ৰাগাদি আৰু মানালীৰ দুৰ্যোগপীড়িত অঞ্চল পৰিদৰ্শন কৰে ।

ভ্ৰমণকালত প্ৰিয়ংকা গান্ধীয়ে বিভিন্ন স্থানত বানপীড়িত লোকসকলৰ সৈতেও আলোচনা কৰে । গাঁৱৰ মহিলাসকলে প্ৰিয়ংকা গান্ধীক কোৱা মতে বান আৰু ভূমিস্খলনৰ ফলত বহু ঘৰ ধ্বংস হৈছে । খেতিপথাৰ আৰু বাগিচাবোৰৰো যথেষ্ট ক্ষতি হৈছে ।

প্ৰিয়ংকা গান্ধীয়ে মানালীৰ ৰাগদীত মহিলা শ্ৰমিকসকলকো সাক্ষাৎ কৰে । প্ৰিয়ংকা গান্ধীয়ে কয় যে মহিলা শক্তিয়ে ৰাজ্যখনক এই দুৰ্যোগৰ পৰা উদ্ধাৰ কৰাত বিশেষ অৱদান আগবঢ়াইছে আৰু সোনকালেই ৰাজ্যখন দুৰ্যোগৰ পৰা মুক্ত হ'ব ।

লগতে পঢ়ক :Land for jobs case : পুনৰ গ্ৰেপ্তাৰ হ'ব নেকি লালু প্ৰসাদ যাদৱ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.