ETV Bharat / bharat

Chandrayaan-3 success : বেংগালুৰুত ISRO ৰ মুৰব্বী আৰু বিজ্ঞানীসকলক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 7:51 AM IST

পুৱাই বেংগালুৰুত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰিব ISRO ৰ মুৰব্বী আৰু বিজ্ঞানীসকলক ৷

PM Modi in Bengaluru
প্ৰধানমন্ত্ৰী মোদী উপস্থিত হৈছে বেংগালুৰুত

নিউজ ডেস্ক, 26 আগষ্ট : সমগ্ৰ দেশবাসীৰ লগতে বিশ্ববাসীয়ে গাইছে এতিয়া ভাৰতৰ জয়গান ৷ কিয়নো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO য়ে ভৰি থ’লে চন্দ্ৰৰ দক্ষিণ মেৰুত ৷ চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে ভৰি থোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল ভাৰত ৷

চলিত বৰ্ষৰ 14 জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান-3 ৷ প্ৰায় ডেৰ মাহৰ পাচত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে চন্দ্ৰযান-3 য়ে ৷ চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-3 ৰ বিক্ৰম লেণ্ডাৰে অৱতৰণ কৰাৰ পাচতে বিশ্ববাসীয়ে অভিনন্দন আৰু শুভেচ্ছাৰ বাণীৰে ওপচাই পেলাইছে ভাৰতক ৷

অৱশ্যে চন্দ্ৰত পদাপৰ্ণ কৰা ভাৰত একমাত্ৰ দেশ নহয় ৷ ভাৰতৰ পূৰ্বে চন্দ্ৰত ভৰি থৈছিল আমেৰিকা, চীন আৰু ৰাছিয়াই ৷ অৰ্থাৎ চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰা চতুৰ্থখন দেশ হৈছে ভাৰত ৷ কিন্তু চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত ভৰি থোৱা প্ৰথমখন দেশ হৈছে ভাৰত ৷

আমেৰিকা, চীন আৰু ৰাছিয়াৰ পিচতে এইবাৰ ইতিহাসৰ পাতত নিজৰ অভিলেখৰ গাঁথা খোদিত কৰিলে ভাৰতীয় বৈজ্ঞানিকে । বুধবাৰে চন্দ্ৰযান-3ৰ বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰাৰ পাচতে ৰ’ভাৰ প্ৰজ্ঞানৰ দ্বাৰা ISRO য়ে সংগ্ৰহ কৰিছে বহু তথ্য ৷ লগতে ISRO য়ে আৰম্ভ কৰিছে পৰৱৰ্তী অভিযান ৷

ISRO তথা ভাৰতীয় বিজ্ঞানীসকলৰ এই সফল অভিযানৰ অংশ হিচাপে আজি অৰ্থাৎ শনিবাৰে ISRO ৰ মুৰব্বী এছ সোমনাথ আৰু বিজ্ঞানীসকলক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদী উপস্থিত হৈছে বেংগালুৰুত ৷

পুৱা 7.11 বজা

বেংগালুৰুত উপস্থিত হোৱাৰ পাচতে বিমানবন্দৰৰ বাহিৰত সমবেত জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘‘মই দেশত নাছিলো ৷ যাৰ বাবে বিজ্ঞানীসকলক সাক্ষাৎ কৰিব পৰা নাছিলো ৷ অৱশ্যে মই দেশলৈ ঘূৰি আহিয়েই প্ৰথমে বেংগালুৰু ভ্ৰমণ তথা আমাৰ বিজ্ঞানীসকলক লগ পোৱাৰ সিদ্ধান্ত লৈছিলো’’ ৷

পুৱা 6.23 বজা

বেংগালুৰুৰ এইচ এ এল বিমানবন্দৰৰ বাহিৰত সমবেত এজন স্থানীয় লোকে মন্তব্য কৰে, "যেতিয়া ISRO ৰ বিজ্ঞানীসকল বিফল হৈছিল, তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো মানি লৈছিল ৷ কিন্তু আজি আমি সকলোৱে এই সফলতাক উদযাপন কৰিছো’’ ৷ সংবাদ সংস্থা ANI ৰ উদ্ধৃতিৰে স্থানীয় ব্যক্তিগৰাকীয়ে কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি এনে এটা কাম কৰিবলৈ সক্ষম হৈছো ৷ যিটো আন কোনো দেশেই কৰিব পৰা নাই ৷ বিশ্বত এতিয়া জিলিকি উঠিছে ভাৰত’’ ।

পুৱা 6.18 বজা

কৰ্ণাটকৰ বেংগালুৰুত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীয়ে X ৰ জৰিয়তে টুইট কৰি কয়, ‘‘চন্দ্ৰযান-3 ৰ সফলতাৰে দেশখনক গৌৰৱান্বিত কৰা ISRO ৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰিবলৈ মই আগ্ৰহী । তেওঁলোকৰ কষ্ট আৰু বলিদান আমাৰ জাতিৰ সাফল্যৰ চালিকা শক্তি’’ ।

পুৱা 6.05 বজা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাবলৈ বেংগালুৰুৰ এইচ এ এল বিমানবন্দৰৰ বাহিৰত সমবেত হয় বহু শুভাকাংশী ৷ ISRO ৰ টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক মিছন কণ্ট্ৰল কমপ্লেক্সত চন্দ্ৰযান-3 ৰ সৈতে জড়িত ISRO ৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীয়ে দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচ ভ্ৰমণ সমাপ্ত কৰিয়েই উপস্থিত হয় বেংগালুৰুত ৷

লগতে পঢ়ক : Successful landing of Chandrayaan-3: গুগলৰ CEO সুন্দৰ পিচাইয়ে অভিনন্দন জনালে ভাৰতীয় বিজ্ঞানীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.