নেশ্যনেল ডেস্ক, ৫ জুলাই : নতুন আশা নতুন উদ্যমেৰে টকিঅ'লৈ ৰাওনা হ'বলৈ সাজু হৈছে ভাৰতীয় খেলুৱৈৰ দল । টকিঅ' যাত্ৰাৰ প্ৰাক ক্ষণত চিয়াৰ ফৰ ইণ্ডিয়া(Cheer4India) বাৰ্তাৰে টকিঅ' অলিম্পিক(TOKYO OLYMPICS)ত অংশ ল'বলগীয়া খেলুৱৈসকলক উৎসাহিত কৰাৰ প্ৰয়াস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । খেলুৱৈসকললৈ সমৰ্থন আগবঢ়াবলৈ সকলোকে আহ্বান জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে । সোমবাৰে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইটযোগে এটা ভিডিঅ' শ্বেয়াৰ কৰে ।
এটা ভিডিঅ'টোৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খেলুৱৈসকলক আগন্তুক অলিম্পিকৰ বাবে শুভেচ্ছা জনাইছে । কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে "লক্ষ্য তেৰা সামনে হ্যে" শীৰ্ষক ভাৰতীয় অলিম্পিক দলৰ আনুষ্ঠানিক সংগীতটি শ্বেয়াৰ কৰিছিল । গীতটি মোহিত চৌহানে ৰচনা কৰিছে আৰু কণ্ঠদান কৰিছে । কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইটটোত লিখিছে যে, প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোডীয়ে টকিঅ'লৈ যাবলগীয়া খেলুৱৈসকলক তেওঁৰ চিয়াৰ ফৰ ইণ্ডিয়া(Cheer4India) বাৰ্তাৰে শুভেচ্ছা জনাইছে ।
-
#WatchLive
— Kiren Rijiju (@KirenRijiju) July 5, 2021 " class="align-text-top noRightClick twitterSection" data="
Hon’ble PM Shri @NarendraModi ji’s remarks at Global CoWIN Conclave.https://t.co/klZfQgLOOR
">#WatchLive
— Kiren Rijiju (@KirenRijiju) July 5, 2021
Hon’ble PM Shri @NarendraModi ji’s remarks at Global CoWIN Conclave.https://t.co/klZfQgLOOR#WatchLive
— Kiren Rijiju (@KirenRijiju) July 5, 2021
Hon’ble PM Shri @NarendraModi ji’s remarks at Global CoWIN Conclave.https://t.co/klZfQgLOOR
লগতে খেলুৱৈসকলক সমৰ্থন জনাবলৈ দেশবাসীক একত্ৰিত হ'বলৈও তেওঁ আহ্বান জনায় । ২৩ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া টকিঅ' অলিম্পিকৰ বাবে এতিয়ালৈকে মুঠ ১১৫ জন ভাৰতীয় খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছে । অলিম্পিক ৮ আগষ্টত অন্ত পৰিব ।
টকিঅ' অলিম্পিক বিগত বৰ্ষতে অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু ক'ভিড-১৯ মহামাৰীৰ অলিম্পিক স্থগিত কৰা হয় । ২০১৬ চনত ৰিঅ' অলিম্পিকত ১১৭ জন ভাৰতীয় খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছিল । ২০১২ চনৰ লণ্ডন গেমছৰ পৰা পদক লাভৰ সংখ্যা ভাৰতে উন্নত কৰিব পৰা নাই ।
অলিম্পিক গেমছত ভাৰতৰ সৰ্বাধিক পদকৰ সংখ্যা হৈছে ৬টা । ভাৰতীয় খেলুৱৈসকলে টকিঅ'ত পূৰ্বতকৈ ভাল প্ৰদৰ্শন আগবঢ়াব বুলি আশা কৰা হৈছে । শেহতীয়াকৈ ভাৰতীয় অলিম্পিক সন্থাই জনোৱা মতে, চলিত মাহৰ ১৭ তাৰিখে টকিঅ' অভিমুখে ৰাওনা হ'ব ভাৰতীয় খেলুৱৈৰ প্ৰথমটো দল ।
লগতে পঢ়ক:তৃণমূল কংগ্ৰেছত যোগদান কৰিব নেকি অভিজিৎ মুখাৰ্জীয়ে ?