ETV Bharat / bharat

বিজয়া দশমীক লৈ ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা বাৰ্তা

author img

By

Published : Oct 15, 2021, 12:21 PM IST

দেশত আয়োজন কৰা হৈছে বিজয়া দশমী । বিভিন্ন প্ৰান্তত পৃথক পদ্ধতিৰে আয়োজন কৰা এই বিশেষ দিনটোত দেশবাসীক শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

Vijaya Dashami
বিজয়া দশমীক লৈ ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা বাৰ্তা

নেশ্যনেল ডেস্ক, ১৫ অক্টোবৰ : দেশৰ চৌদিশে বিজয়া দশমীক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ইয়াৰ মাজতে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজয়া দশমীৰ দিনটোত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিলে । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সকলো দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, এই উৎসৱে আমাক নৈতিকতা, মংগলময় আৰু সৎ পথৰে যোৱাৰ বাবে অনুপ্ৰাণিত কৰে ।

বিজয়া দশমী তথা দশেৰাই অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ জয়ক দৰ্শায় । টুইট কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা কৰে যে এই উৎসৱে দেশবাসীৰ জীৱনত সমৃদ্ধি আৰু সুখ কঢ়িয়াই আনিব । আনহাতে, প্ৰধানমন্ত্ৰী মোডীয়েও টুইটযোগে দেশবাসীক বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰে ।

উল্লেখ্য যে, হিন্দু শাস্ত্ৰ মতে দশেৰা বা বিজয়া দশমী অহিন মাহৰ নৱৰাত্ৰি উৎসৱৰ ৯ দিনৰ পাছত দশম দিনটোত উদযাপন কৰা হয় । এই উৎসৱ দেশৰ বিভিন্ন প্ৰান্তত বেলেগ বেলেগ ধৰণে উদযাপন কৰা হয় ।

লগতে পঢ়ক :দিল্লীত ৰাজহুৱা স্থানত মূৰ্তি বিসৰ্জনত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.