ETV Bharat / bharat

আততায়ীৰ গুলীত শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীৰ মৃত্যু, গেংষ্টাৰ ৰোহিত গোদাৰাৰ দায়িত্ব স্বীকাৰ - আৰক্ষী বিষয়া

শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীলৈ কোনো অচিনাক্ত দুৰ্বৃত্তৰ গুলীবৰ্ষণ ৷ চিকিৎসালয়লৈ নিয়া অৱস্থাত অধ্যক্ষগৰাকীয়ে মৃত্যুবৰণ কৰে ৷

Sukhdev Singh Gogamedi shot dead in jaipur
আততায়ীৰ গুলীত শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 3:16 PM IST

Updated : Dec 5, 2023, 5:32 PM IST

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ : ৰাজস্থানৰ শ্যাম নগৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৷ শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীলৈ কোনো দুৰ্বৃত্তই গুলীবৰ্ষণ কৰে বুলি জানিব পৰা গৈছে। ততাতৈয়াকৈ গোগামেড়ীক মেট্ৰ’ মাস্ক চিকিৎসালয়লৈ অনা হৈছিল যদিও তেওঁৰ আঘাত গুৰুতৰ হোৱাত অধ্যক্ষগৰাকীয়ে মৃত্যুবৰণ কৰে ৷ প্ৰাথমিক তদন্তত অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীলৈ কোনো অচিনাক্ত দুৰ্বৃত্তই গুলী কৰা বুলি তথ্য লাভ কৰিছে ।

এই ঘটনাৰ পিচতে গেংষ্টাৰ ৰোহিত গোদাৰাই ছচিয়েল মিডিয়াত এটা পোষ্টযোগে সুখদেৱ সিং গোগামেড়ীৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে। শ্যাম নগৰ আৰক্ষী থানাৰ বিষয়া মনীষ গুপ্তাই জনোৱা অনুসৰি, আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটোৰ চিচিটিভি কেমেৰাৰ ফুটেজসমূহ নীৰিক্ষণ কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে চহৰখনৰ বিভিন্ন স্থানত দুৰ্বৃত্তৰ সন্ধান আৰম্ভ কৰিছে। দিন দুপৰতে চহৰখনত গুলীচালনাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত আতংকৰ পৰিৱেশ সৃষ্টি হৈছে ৷

তথ্য অনুসৰি, মঙলবাৰে বিয়লি গোগামেড়ী শ্যাম নগৰতস্থিত তেওঁৰ বাসগৃহত অঞ্চলত থিয় হৈ আছিল। তেনেকুৱাতে বাইকেৰে অহা অচিনাক্ত দুৰ্বৃত্তই গোগামেড়ীৰ ওপৰত গুলীচালনা কৰে । গুলীচালনাত গোগামেড়ি গুৰুতৰভাৱে আহত হৈছিল। গোগামেড়ীক ততাতৈয়াকৈ মেট্ৰ' গণ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য'ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল।

গুলীচালনাৰ খবৰ পোৱাৰ লগে লগে শ্যাম নগৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । ইতিমধ্যে গুলীচালনাৰ ঘটনাৰ চিচিটিভি ফুটেজো পোহৰলৈ আহিছে। চিচিটিভিত স্পষ্টকৈ দেখা গৈছে যে, দুৰ্বৃত্তই বাসগৃহত প্ৰৱেশ কৰি গোগামেড়ী আৰু তেওঁৰ সৈতে বহি থকা দুজন লোকলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে ৷

আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ত কৰিবলৈ চহৰখনৰ বহু ঠাই অৱৰোধ কৰিছে। একে সময়তে, আৰক্ষী বিষয়াই সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ অভিযুক্তক কৰায়ত্ত কৰিবলৈ এটা বিশেষ দল গঠন কৰিছে। ইতিমধ্যে গোগামেড়ীৰ হত্যাৰ বাতৰিও ছ'চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।

এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে এক্সত পোষ্ট কৰি উল্লেখ কৰে, "শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীৰ হত্যাৰ বাতৰি লাভ কৰি মই হতবাক হৈছো। এই সন্দৰ্ভত, আৰক্ষী আয়ুক্তৰ পৰা তথ্য লোৱা হৈছে আৰু যিমান সম্ভৱ সোনকালে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ কোৱা হৈছে। জনসাধাৰণক শান্তি আৰু ধৈৰ্য্য বজাই ৰাখিবলৈ আহ্বান জনাইছো।"

লগতে তেওঁ পোষ্টত উল্লেখ কৰে যে, বিজেপি চৰকাৰে শপত লোৱাৰ লগে লগে ৰাজ্যখনক অপৰাধমুক্ত কৰাটো আগশাৰীৰ অগ্ৰাধিকাৰৰ ভিতৰত আছে। ঈশ্বৰে গোগামেড়ী আত্মাক শান্তি দিয়ক ।

লগতে পঢ়ক: ডিচেম্বৰ মাহত ভাগ্য উদয় হ'ব তিনি ৰাশিৰ ব্যক্তিৰ, বেয়া ফল ভোগ কৰিব দুই ৰাশিৰ ব্যক্তিয়ে

Last Updated : Dec 5, 2023, 5:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.