ETV Bharat / bharat

দেশৰ 9 খন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি - President Kovind

মঙলবাৰে কৰ্ণাটক, মিজোৰাম, হিমাচল প্ৰদেশ, গোৱা, হাৰিয়ানা, ত্ৰিপুৰা, ঝাৰখণ্ড, হাৰিয়ানা, মধ্য প্ৰদেশকে ধৰি 9 ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে (Ram Nath Kovind) ৷

President Kovind appoints new Governors
9 ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি ৰাষ্ট্ৰপতিৰ
author img

By

Published : Jul 6, 2021, 4:07 PM IST

নেশ্যনেল ডেস্ক, 6 জুলাই : মঙলবাৰে কেইবাখনো ৰাজ্যত নতুন কৈ ৰাজ্যপাল (Governor) নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে (Ram Nath Kovind) ৷ সেই অনুসৰি, কৰ্ণাটকৰ ৰাজ্যপাল (Governor of Karnataka) হিচাপে নিযুক্তি দিয়া হয় থাৱৰছন্দ গেহলট (Thawar Chand Gehlot)ক ৷ মিজোৰামৰ ৰাজ্যপাল (Governor of Mizoram) হিচাপে হৰিবাবু কাম্ভামপতি (Kambhampati Hari Babu), মধ্য প্ৰদেশৰ ৰাজ্যপাল (Governor of MP) হিচাপে মংগুভাই ছগনভাই পেটেল (Mangubhai Chhaganbhai Patel) আৰু ৰাজেন্দ্ৰ বিশ্বনাথ অৰ্লেকাৰ (Rajendra Vishwanath Arlekar)ক হিমাচল প্ৰদেশৰ ৰাজ্যপাল (Governor of Himachal Pradesh) হিচাপে নিযুক্তি দিয়া হয় ৷

ইয়াৰ সমান্তৰালকৈ, মিজোৰামৰ ৰাজ্যপাল (Governor of Mizoram) পি এছ শ্ৰীধৰণ (PS Sreedharan)ক গোৱাৰ ৰাজ্যপাল, হাৰিয়ানৰ ৰাজ্যপাল সত্যদেও নাৰায়ণ আৰ্য (Shri Satyadeo Narain Arya)ক ত্ৰিপুৰাৰ ৰাজ্যপাল, ত্ৰিপুৰাৰ ৰাজ্যপাল ৰমেশ বেইজ (Ramesh Bais)ক ঝাৰখণ্ডৰ ৰাজ্যপাল আৰু হিমাচল প্ৰদেশৰ ৰাজ্যপাল বাণ্ডাৰু দত্তত্ৰেয় (Bandaru Dattatreya)ক হাৰিয়ানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হয় ৷

মিজোৰামৰ নৱ নিযুক্ত ৰাজ্যপাল (Governor of Mizoram) হৰিবাবু কাম্ভামপতি (Kambhampati Hari Babu) এগৰাকী লোকপ্ৰিয় ৰাজনৈতিক নেতা ৷ তেওঁ বিশাখাপট্টনম লোকসভা সমষ্টিৰ 16 সংখ্যক সাংসদ ৷ 2014 চনত দেশৰ সাধাৰণ নিৰ্বাচন (General Election)ত বিজেপিৰ পৰা প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰিছিল হৰিবাবুৱে ৷ হৰিবাবুৱে ‘জয় অন্ধ্ৰ আন্দোলন’ (Jai Andhra Movement)ত ভাগ লৈছিল ৷

আনহাতে, ত্ৰিপুৰাৰ নৱ নিযুক্ত ৰাজ্যপাল সত্যদেও নাৰায়ণ আৰ্য (Shri Satyadeo Narain Arya) নালন্দাৰ এগৰাকী দলিত (Dalit) নেতা ৷ তেওঁ অটল বিহাৰী বাজপেয়ী (Atal Bihari Vajpayee), লাল কৃষ্ণ আদৱানী (Lal Krishna Advani) আৰু অন্য ভাৰতীয় জনতা পাৰ্টী (BJP)ৰ নেতৃত্বৰ সৈতে কাম কৰিছিল ৷ ইয়াৰ মাজেৰে আৰ্যই অযোধ্যাত ৰাম মন্দিৰ আন্দোলন (Ram Mandir Movement)ত ভাগ লৈছিল আৰু বহুবাৰ কাৰাবাস খাটিবলগীয়া হৈছিল ৷

লগতে পঢ়ক- ই-কমাৰ্চ বিধি 2020: 21 জুলাইলৈ প্ৰকাশ কৰিব পাৰিব মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.