ETV Bharat / bharat

ন্যায়াধীশ এন ভি ৰমানাক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

ন্যায়াধীশ এন ভি ৰমানাক ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । অহা ২৪ এপ্ৰিলত ৪৮ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব এন ভি ৰমানাই ।

author img

By

Published : Apr 6, 2021, 12:16 PM IST

ন্যায়াধীশ এন ভি ৰমানাক ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

নেশ্যনেল ডেস্ক, ৬ এপ্ৰিল: ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে ন্যায়াধীশ এন ভি ৰমানাক । এই সন্দৰ্ভত এখন ৰাষ্ট্ৰপতীয় অধিসূচনা জাৰি কৰা হৈছে । ন্যায়াধীশ এন ভি ৰমানাই অহা ২৪ এপ্ৰিলত শপতগ্ৰহণ কৰিব । ৪৮ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা নুথালাপতি ভেংকট ৰমানা ১৯৫৭ চনৰ ২৭ আগষ্টত অন্ধ্ৰপ্ৰদেশৰ পোন্নাভাৰাম গাঁৱত জন্মগ্ৰহণ কৰিছিল ।

ৰমানা বিজ্ঞান আৰু আইন শাস্ত্ৰৰ স্নাতক ডিগ্ৰী লাভ কৰা তেওঁৰ পৰিয়ালৰ প্ৰথমগৰাকী অধিবক্তা আছিল । সংবিধান, শ্ৰম, সেৱা, আন্তঃৰাজ্যিক নদী বিবাদ আৰু নিৰ্বাচন সম্পৰ্কীয় বিষয়ৰ উপৰিও অসামৰিক আৰু অপৰাধজনিত বিষয়ৰ ক্ষেত্ৰতো তেওঁৰ দক্ষতা আছে । তেওঁক ২০০০ চনৰ ২৭ জুনত অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল । ২০১৩ৰ ১০ মাৰ্চৰ পৰা ২০ মে'লৈ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশ হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল ।

২০১৩ চনৰ ছেপ্টেম্বৰ মাহত ন্যায়াধীশ ৰমানাক দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপেও নিযুক্তি দিয়া হৈছিল । ২০১৪ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰিছিল । তেওঁ বেংগালুৰৰ নেশ্যনেল ল' স্কুল অৱ ইণ্ডিয়া বিশ্ববিদ্যালয়ৰ সাধাৰণ পৰিষদৰ সদস্য ৷ ন্যায়াধীশ ৰমানাই অন্ধ্ৰপ্ৰদেশ ন্যায়িক একাডেমীৰ সভাপতি হৈ থকা সময়ত ভাৰতীয় আইন ব্যৱস্থাৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল । আঞ্চলিক ন্যায়িক সন্মিলনো আৰম্ভ কৰিছিল ৷

মহিলাৰ ওপৰত হোৱা যৌন নিৰ্যাতন সম্পৰ্কীয় গোচৰৰে কাৰ্যকৰীভাৱে মোকাবিলা কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়াইছিল আৰু এই পৰামৰ্শৰে কিছু পৰিমাণে ফৌজদাৰী বিধি সংশোধন কৰা হৈছিল । উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে, ৰাজহুৱা অধিবক্তাৰ খালী পদসমূহ পূৰণ কৰাৰ বাবে ৰাজ্যক তেওঁ দিয়া নিৰ্দেশনাৰ বাবে অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুত হৈছে আৰু অপৰাধী ন্যায় প্ৰশাসনৰ গতি সলনি হৈছে । ন্যায়াধীশ ৰমানাই ভাৰতৰ লগতে বিদেশতো কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু আলোচনাচক্ৰত অংশগ্ৰহণ আৰু সভাপতিত্ব কৰিছে ।

লগতে পঢ়ক:মঙলবাৰে তামিলনাডুত একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচন আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.