ETV Bharat / bharat

শীঘ্ৰে ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হ'ব দেশত ! ভাৰতবাসী সাজু নে ? - Preparation for Covid third wave in India etv bharat news

AIIMS ৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই সতৰ্ক কৰি দিছে যে, ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ হোৱাটো খাটাং আৰু এই তৃতীয় ঢৌৰ সংক্ৰমণ পৰৱৰ্তী ৬-৮ সপ্তাহৰ ভিতৰত দেশত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । ৰাজ্যসমূহে ক'ভিডৰ মাৰাত্মক তৃতীয় ঢৌৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আৰম্ভ কৰা প্ৰস্তুতি সন্দৰ্ভত এক প্ৰতিবেদন যুগুত কৰিছে ইটিভি ভাৰতে । এই তৃতীয় ঢৌৱে শিশুসকলক আটাইতকৈ বেছি সংক্ৰমিত কৰিব ।

Preparation for Covid third wave in India
ক'ভিডৰ তৃতীয় ঢৌৰে মোকাবিলা কৰিবলৈ সাজু নে ভাৰত
author img

By

Published : Jun 21, 2021, 4:11 PM IST

নেশ্যনেল ডেস্ক, ২১ জুন : সমগ্ৰ দেশৰ চিকিৎসা বিশেষজ্ঞসকলে সকীয়াই দিছে যে, ভাৰতত ক'ভিড-১৯ ৰ তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হ'বলৈ বেছি সময় নাই আৰু যদি ভৱিষ্যতবাণীবোৰ সঁচা হয়, তেন্তে অক্টোবৰ মাহৰ ভিতৰত মহামাৰীয়ে দেশৰ বেছি অংশ সংক্ৰমিত কৰিব । শনিবাৰে AIIMS ৰ সঞ্চালক ড৹ ৰণদীপ গুলেৰিয়াই জানিবলৈ দিয়ে যে, ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ হোৱাটো খাটাং আৰু এই তৃতীয় ঢৌৰ সংক্ৰমণ পৰৱৰ্তী ৬-৮ সপ্তাহৰ ভিতৰত দেশত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । ক'ভিড-১৯ ৰ তৃতীয় ঢৌৱে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আনিব আৰু বিশেষকৈ এক বছৰতকৈ কম বয়সৰ শিশুসকলৰ বাবে ই বিপদ মাতি আনিব ।

মহাৰাষ্ট্ৰ: বিএমচি(BMC) আৰু মহাৰাষ্ট্ৰ চৰকাৰে সমগ্ৰ চহৰখনত পেডিয়াট্ৰিক ক'ভিড কেয়াৰ ৱাৰ্ড স্থাপন কৰিব । ৭০০ খন বিচনাযুক্ত ৱাৰ্ডটো মুম্বাইৰ পূৱ উপনগৰৰ গ'ৰেগাঁৱৰ নেস্ক’(NESCO) জাম্ব' ক'ভিড কেয়াৰ চেণ্টাৰত স্থাপন কৰাৰ কথা আছে । ক'ভিড-১৯ ৰ তৃতীয় ঢৌৰ দ্বাৰা সংক্ৰমিত নৱজাতকক সেৱা আগবঢ়োৱাৰ বাবে ২৫ খন বিচনা ৰখাৰ ক্ষমতা থকা নিওনাটাল ইণ্টেন্সিভ কেয়াৰ ইউনিট (Neonatal Intensive Care Unit) আৰু পেডিয়াট্ৰিক ইণ্টেন্সিভ কেয়াৰ ইউনিট (Pediatric Intensive Care Unit) থকা ৩০০ খন বিচনাযুক্ত এক সমৰ্পিত পেডিয়াট্ৰিক ক'ভিড কেয়াৰ ৱাৰ্ড স্থাপন কৰা হ'ব ।

তামিলনাডু: স্বাস্থ্য মন্ত্ৰী এম সুব্ৰমনিয়ামে(M. Subramanian) কয় যে, ৰাজ্য প্ৰশাসনে ক'ভিডৰ তৃতীয় ঢৌৰ বাবে প্ৰস্তুতিৰ অংশ হিচাপে তামিলনাডুৰ চিকিৎসালয় আৰু ক'ভিড কেয়াৰ কেন্দ্ৰত বিশেষকৈ নৱজাতক আৰু শিশু ৰোগ বিভাগৰ ৱাৰ্ডত বিচনা সংযোগ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব । ৰাজীৱ গান্ধী চৰকাৰী সাধাৰণ চিকিৎসালয়, ষ্টেনলী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু কিলপাউক চিকিৎসা মহাবিদ্যালয় হাস্পতালত শিশু ৰোগীৰ ৱাৰ্ডৰ সম্প্ৰসাৰণৰ উপৰিও শিশু স্বাস্থ্য প্ৰতিষ্ঠানত থকা শিশুৰ বাবে ২৫০ খন বিচনাযুক্ত একচেটিয়া ৱাৰ্ড মুকলি কৰা হ'ব । তামিলনাডুৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ে ক'ভিড-১৯ ৰ তৃতীয় ঢৌৰ সম্ভাব্য সংক্ৰমণৰ মোকাবিলা কৰিব পৰাকৈ আগতীয়াকৈ প্ৰস্তুতি চলোৱা আৰু ব্যৱস্থাপনাৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে ।

প্ৰতিটো প্ৰতিষ্ঠানকে অক্সিজেনৰ সুবিধা থকা ১০০ খন বিচনা শিশুৰ বাবে সাজু ৰাখিবলৈ কোৱা হৈছে । শিশুৰোগ বিশেষজ্ঞ বা শিশুৰোগ বিভাগৰ ষ্টাফ নাৰ্চৰ ক্ষেত্ৰতো কিছু নিষেধাজ্ঞা জাৰি কৰা হৈছে । চিকিৎসালয়বোৰত নিম্নতম এক চতুৰ্থাংশ কৰ্মচাৰী নাৰ্চক শিশুৰ ৰোগৰ ক্ষেত্ৰত জৰুৰীকালীন অৱস্থাত উপস্থিত থাকিবলৈ স্বাস্থ্যকৰ্মীক প্ৰশিক্ষণ দিব লাগিব ।

কৰ্ণাটক: কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী ড৹ সুধাকৰ কে(Dr Sudhakar K)ই চলিত বৰ্ষৰ ১ জুনত কৈছিল যে, ক'ভিড-১৯ ৰ সম্ভাব্য তৃতীয় ঢৌৰ বাবে প্ৰস্তুতি নিশ্চিত কৰিবলৈ ৰাজ্যখনৰ সকলো জিলা চিকিৎসালয়ত পেডিয়াট্ৰিক ৱাৰ্ড আৰু অক্সিজেন উৎপাদন প্ৰকল্প স্থাপন কৰা হৈছে । সকলো জিলা চিকিৎসালয়ত এক সমৰ্পিত ৭০-৮০ খন বিচনাযুক্ত পেডিয়াট্ৰিক ৱাৰ্ডৰ ব্যৱস্থা কৰা হ'ব । লগতে ৰাজ্যখনত শিশু চিকিৎসালয় স্থাপন কৰা হ'ব আৰু বৰ্তমান থকা ৱাৰ্ডবোৰত আইচিইউ বিচনাৰ সংখ্যা বৃদ্ধি কৰিব ।

তেলেংগানা: ৰাজ্যিক স্বাস্থ্য বিষয়াসকলে জনোৱা মতে, সকলো জিলা চিকিৎসালয়ত পেডিয়াট্ৰিক ৱাৰ্ডৰ ব্যৱস্থা কৰা হ'ব । বিচনা আৰু অক্সিজেন যোগান ক্ষমতা বৃদ্ধি কৰাটো তৃতীয় ঢৌৰে মোকাবিলা কৰিবলৈ মূল অস্ত্ৰ হৈ পৰিব । শিশু চিকিৎসালয় নিলুফাৰ(Niloufer)ত এতিয়াও ১,০০০ খন বিচনা আছে । ইয়াৰ উপৰিও আৰু ১,৫০০ খন বিচনা নতুনকৈ সংযুক্ত কৰা হ'ব ।

কেৰালা: ৰাজ্যিক স্বাস্থ্য বিভাগে এক নতুন নিৰ্দেশনা জাৰি কৰি কৈছে যে, শিশুক ক'ভিড-১৯ ৰ সংক্ৰমণ আৰু এমআইএছচি (Multisystem inflammatory syndrome-C) ৰ চিকিৎসা সুনিশ্চিত কৰাৰ বাবে এটা টুলকিট বিকশিত কৰা হৈছে । যিহেতু তৃতীয় ঢৌৱে শিশুসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে আৰু সেয়ে সকলো জিলাৰ চিকিৎসালয়ত পেডিয়াট্ৰিক আই চি ইউ প্ৰস্তুত কৰা হৈছে । এই স্থানত নৱজাতক আই চি ইউ আৰু শিশু আই চি ইউৰ পৃথক ব্যৱস্থা কৰা হ'ব । প্ৰত্যাশিত কেচ লোড নিয়ন্ত্ৰণ কৰিবলৈ জিলাসমূহত ন’ডাল পেডিয়াট্ৰিক কেন্দ্ৰ স্থাপন কৰা হ'ব ।

গুজৰাট: আহমেদাবাদ জিলা উন্নয়ন বিষয়া (District Development Officer) অৰুণ মহেশ বাবুয়ে কয় যে, তথ্য পৃথকীকৰণৰ বাবে শিশুসকলক বয়সৰ দিশৰ পৰা তিনিটা গোটত শ্ৰেণীবদ্ধ কৰা হৈছে । চৰকাৰী চিকিৎসালয়ত পেডিয়াট্ৰিক ভেণ্টিলেটৰ, নিও নাটাল ইণ্টেন্সিভ কেয়াৰ ইউনিট (NICU) আৰু পেডিয়াট্ৰিক ইণ্টেন্সিভ কেয়াৰ ইউনিট (Neonatal Intensive Care Unit)ৰ বাবে ব্যৱস্থা কৰা হৈছে । মহেশ বাবুয়ে লগতে কয় যে, এনে ব্যৱস্থাসমূহ উপলব্ধ কৰাবলৈ ২০ খন শিশু চিকিৎসালয় স্থাপন বাবে আলোচনা চলি আছে আৰু ১৪ জন শিশু বিশেষজ্ঞক চিনাক্ত কৰা হৈছে । ইয়াৰ উপৰিও ১৬ খন চিকিৎসা মহাবিদ্যালয়ত শিশু ৰোগৰ প্ৰশিক্ষণ চলি আছে ।

দিল্লী: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৰাজ্যখনৰ সংশ্লিষ্ট বিষয়াসকলক তৃতীয় ঢৌৰ সংক্ৰমণৰ সময়ত যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ প্ৰস্তুতি চলাবলৈ নিৰ্দেশ দি কয় যে, যদি কৰ'ণাৰ তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হয়, আমি ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ আগতীয়াকৈ সাজু থাকিব লাগিব । ৰাজ্য চৰকাৰে শিশুসকলক তৃতীয় ঢৌৰ পৰা সুৰক্ষিত কৰিবলৈ এটা বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰিবলৈ যো-জা চলাইছে । আসন্ন সংকটৰে যুঁজিবলৈ পৰ্যাপ্ত বিচনা, অক্সিজেন আৰু অত্যাৱশ্যকীয় ঔষধৰ উন্নত ব্যৱস্থাপনাৰ ব্যৱস্থা কৰিব । উত্তৰ আৰু পূৱ নিগমসমূহে দিল্লীত মহামাৰী সৃষ্ট পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা আৰু অতি বেয়া অৱস্থাত থকা শিশু ৱাৰ্ডসমূহৰ নবীকৰণ বা পুনৰ স্থাপনৰ বাবে কাম ত্বৰান্বিত কৰাৰ সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক: লাডাখত ১৮ হাজাৰ ফুট উচ্চতাত যোগ প্ৰদৰ্শন ITBPৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.