ETV Bharat / bharat

Odisha Train Accident : ১২৮ কিলোমিটাৰ বেগত আছিল ক'ৰ'মণ্ডল এক্সপ্ৰেছ; প্ৰাথমিক তদন্ত প্ৰতিবেদন প্ৰকাশ - Odisha triple train accident

ক'ৰ'মণ্ডল এক্সপ্ৰেছ প্ৰতিঘণ্টাত ১২৮ কিলোমিটাৰ বেগত চলি থকাৰ সময়ত বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছখন প্ৰতিঘণ্টাত ১১৬ কিলোমিটাৰ বেগত চলি আছিল । প্ৰাথমিক তদন্তৰ প্ৰতিবেদন ৰে'লৱে বোৰ্ডৰ ওচৰত দাখিল কৰা হৈছে (Odisha train accident preliminary probe reveals) ।

Odisha Train Accident
Odisha Train Accident
author img

By

Published : Jun 3, 2023, 6:32 PM IST

নিউজ ডেস্ক, ৩ জুন : প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে শুকুৰবাৰে ওড়িশাত ভয়ংকৰ দুৰ্ঘটনাত পতিত ক'ৰ'মণ্ডল এক্সপ্ৰেছ (Coromandel Express accident in Odisha) ৰে'লখন লুপ লাইনত প্ৰৱেশ কৰে আৰু বাহানগৰ বজাৰ ষ্টেচনৰ ঠিক পূৰ্বে মূল লাইনৰ পৰিৱৰ্তে তাত ৰখাই থোৱা এখন মালবাহী ৰে'লত খুন্দা মাৰে । এক সূত্ৰই এই কথা জনাইছে । আনহাতে, সংঘৰ্ষৰ ফলত ওচৰৰ ট্ৰেকত সিঁচৰতি হৈ পৰি যোৱা ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ ডবাবোৰত খুন্দা মৰাৰ পিছত বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছৰ ডবাকেইটা লাইনচ্যুত হয় (Odisha triple train accident) ।

উল্লেখ্য, ক'ৰ'মণ্ডল এক্সপ্ৰেছ ৰে'লখন প্ৰতিঘণ্টাত ১২৮ কিলোমিটাৰ গতিবেগত চলি আছিল । আনহাতে, বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছখন প্ৰতিঘণ্টাত ১১৬ কিলোমিটাৰ বেগত চলি আছিল । এই প্ৰতিবেদন ৰে'লৱে বোৰ্ডৰ ওচৰত দাখিল কৰা বুলি সূত্ৰই জনাইছে । সাধাৰণতে ভাৰতীয় ৰে'লৱেৰ লুপ লাইনবোৰ এটা ষ্টেচন এলেকাত নিৰ্মাণ কৰা হয় (loop lines of Indian Railways) । এই ক্ষেত্ৰত বাহানগৰ বজাৰ ষ্টেচনত কাম-কাজ সহজ কৰাৰ বাবে অধিক ৰে'ল ৰখাব পৰা যায় । উল্লেখ্য, লুপ লাইনবোৰ সাধাৰণতে ৭৫০ মিটাৰ দৈৰ্ঘ্যৰ হয় । যাতে একাধিক ইঞ্জিনৰ সৈতে সম্পূৰ্ণ দৈৰ্ঘ্যৰ মালবাহী ৰে'ল ৰখাব পৰা যায ।

দুৰ্ঘটনাত পতিত ৰে'ল দুখনত প্ৰায় ২,০০০ যাত্ৰী আছিল । শেহতীয়া তথ্য মতে, দুৰ্ঘটনাটোত কমেও ২৮৮ জন লোক নিহত হোৱাৰ উপৰি প্ৰায় ৮০০ ৰ ওচৰাওচৰি লোক আহত হৈছে । ঘটনাটোৰ এজন প্ৰত্যক্ষদৰ্শী অনুভৱ দাসে প্ৰকাশ কৰা মতে, স্থানীয় কৰ্তৃপক্ষ আৰু ৰে'ল বিষয়াসকলে প্ৰথমতে জনাইছিল যে তেওঁ যাত্ৰা কৰি থকা ক'ৰ'মণ্ডল এক্সপ্ৰেছ ৰে'লখনে মালবাহী ৰে'লখনত খুন্দা মাৰিছিল ।

উল্লেখ্য যে এই সংঘৰ্ষকেইটাৰ কোনোটোৰে ৰে'লৱেই আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাছিল । অৱশ্যে এক পুংখানুপুংখ তদন্ত চলি আছে । যাৰ পৰিপ্ৰেক্ষিতত এতিয়ালৈকে কোনো কৰ্তৃপক্ষই দুৰ্ঘটনাৰ কোনো সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰা নাই । আনহাতে, চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা মতে, দক্ষিণ-পূব চাৰ্ক'লৰ ৰে'ল সুৰক্ষা আয়ুক্তৰ নেতৃত্বত ৰাষ্ট্ৰীয় পৰিবহণকাৰীয়ে ওড়িশাৰ বালাছোৰৰ ৰে'ল দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে (Odisha train accident preliminary probe reveals) ।

লগতে পঢ়ক :PM Modi visit Bahanaga train accident spot : দুৰ্ঘটনাস্থলী পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.