ETV Bharat / bharat

Poor health service : মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ আদৰ্শ গাঁৱৰ নমুনা, পথৰ অভাৱত সাঙীত উঠিল গৰ্ভৱতী মহিলা

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 5:15 PM IST

পথৰ অভাৱৰ বাবে আজিও যমৰ যাতনা ভুগিবলগীয়া হৈছে মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ আদৰ্শ গাঁৱৰ ৰাইজে । এম্বুলেন্স যাবলৈও নাই পথ । দুৰ্গম অঞ্চলটোত গৰ্ভৱতী মহিলাক সাঙীত লৈ হাস্পতাল অভিমুখে যাত্ৰা পৰিয়ালৰ লোকৰ । পথতে সন্তান জন্ম দিলে মহিলাগৰাকীয়ে ।

Poor health service
মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ আদৰ্শ গাঁৱৰ নমুনা

নেশ্যনেল ডেস্ক,২ অক্টোবৰ : মহাৰাষ্ট্ৰৰ বহু ঠাইত এতিয়াও নাই বাট পথৰ সু-ব্যৱস্থা । যাৰ বাবে উন্নত যাতায়াতৰ সুবিধাৰ পৰা বঞ্চিত লোকসকল । আনকি কিছুমান অঞ্চলত এম্বুলেন্স যোৱাৰ বাবেও পথৰ ব্যৱস্থা নাই । যাৰ বাবে দুৰ্ভোগ ভুগি আহিছে গ্ৰামাঞ্চলৰ ৰাইজ । বাট পথৰ সমস্যাৰ বাবে বিভিন্ন ধৰণৰ ঘটনাও সংঘটিত হৈ আহিছে জনজাতীয় অঞ্চলবোৰত ।

যাতায়াতৰ অসুবিধাৰ বাবে এগৰাকী গৰ্ভৱতী মহিলাক পৰিয়ালৰ লোকে কান্ধত ভাৰ বান্ধি অৰ্থাৎ সাঙীত লৈ যোৱাৰ এক ঘটনা পোহৰলৈ আহিছে । ঘটনাটো থানেৰ বুলি জানিব পৰা গৈছে । প্ৰসৱ বেদনাত ছটফটাই থকা মহিলাগৰাকীক পৰিয়ালৰ লোকে কান্ধত ভাৰ বান্ধি হাস্পতাললৈ লৈ যোৱাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । লগে লগে বিভিন্নম মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে পতিকাচা জনপদৰ মহিলাগৰাকীক তেওঁৰ পৰিয়ালৰ সদস্য আৰু কিছু গাওঁবাসীয়ে পুৱা কান্ধত ভাৰ বান্ধি লৈ গৈছিল । গৰ্ভৱতী মহিলাগৰাকীক স্বাস্থ্য সেৱা কেন্দ্ৰলৈ ভাৰ বান্ধি প্ৰায় চাৰে চাৰি কিলোমিটাৰ ভ্ৰমণ কৰিব লগা হয় । ইফালে হাস্পতাললৈ যোৱাৰ পথতে মহিলাগৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়ে । পাছত মহিলাগৰাকী আৰু কেঁচুৱাটোক এখন ব্যক্তিগত বাহনত কাচাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় । একাংশ লোকৰ মতে সৌভাগ্যক্ৰমে তেওঁলোকৰ সৈতে এগৰাকী আশা কৰ্মীও আছিল । তেওঁ মহিলাগৰাকীৰ মসৃণ প্ৰসৱত সহায় কৰিছিল । মাতৃ আৰু কেঁচুৱাটো বৰ্তমান সুৰক্ষিত আৰু তেওঁ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে । স্থানীয় লোকে জনোৱা মতে তেওঁলোকৰ গাঁওখন মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ আদৰ্শ গাঁও আছিল ।

লক্ষণীয়ভাৱে স্বাধীনতাৰ ৭৫ বছৰ পাছতো মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ বহু অঞ্চলত এতিয়াও বহুলোকে পথ, বিদ্যুৎ, পানী আৰু স্বাস্থ্যৰ দৰে প্ৰাথমিক সুবিধা লাভ কৰা নাই । আনকি জনজাতীয় লোকসকলে ৰাস্তাৰ অভাৱৰ বাবে চিকিৎসালয়লৈ খোজ কাঢ়ি যাবলগীয়া হয় । কেতিয়াবা সময়ত স্বাস্থ্য সেৱা সুবিধা লাভ নকৰাৰ ফলত বহু লোকৰ মৃত্যু হোৱাও দেখা যায় ।

ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডৰ উন্নয়ন পৰা কোটি কোটি টকা খৰছ কৰিছে যদিও এই অঞ্চলসমূহ এতিয়াও উন্নয়নৰ পৰা বহু দূৰত আছে । স্থানীয় লোকসকলে অভিযোগ কৰা মতে জনপ্ৰতিনিধিসকলে বিভিন্ন প্ৰতিশ্ৰুতি দি আহিছে যদিও তেওঁলোক মৌলিক সুবিধাসমূহৰ পৰা বঞ্চিত হৈ আছে । যাৰ বাবে তেওঁলোকে শীঘ্ৰে অঞ্চলটোৰ উন্নয়নৰ বাবে উচিত পদক্ষেপ ল'বলৈ দাবী জনাইছে ।

লগতে পঢ়ক :Buldhana accident : শুই থকা অৱস্থাতে ট্ৰাকে মহতিয়াই মাৰিলে 10 শ্ৰমিকক, আহত কেবাজনো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.