নেশ্যনেল ডেস্ক, ৫ জুন : প্ৰয়াগৰাজত অঘটন (Prayagraj sangam incident) ৷ দেওবাৰে প্ৰয়াগৰাজৰ গংগাৰ সংগমস্থলীত সলিল সমাধি ঘটে ৯ জন ছাত্ৰৰ (Youths drown in sangam)৷ অৱশ্যে নৌ আৰক্ষী আৰু এন ডি আৰ এফ দলে তৎপৰতাৰে চাৰিজন ছাত্ৰক জীৱন্তে উদ্ধাৰ কৰে যদিও শেহতীয়া খবৰ অনুসৰি, বৰ্তমানো সন্ধানহীন হৈ আছে আন ৫ জন ছাত্ৰ (Prayagraj student drowing case)৷
বিৱৰণি অনুসৰি, দেওবাৰে প্ৰয়াগৰাজৰ গংগাৰ সংগমনগৰীত গা ধুবলৈ গৈছিল মুঠ ১৫ জন ছাত্ৰ ৷ তাৰ পাচতে এই ১৫ জন ছাত্ৰই গংগা নদীত নাও চলাই আছিল (ৱ’টিং কৰিছিল) (prayagraj student boating case)৷ তেনেতে হঠাৎ নৈৰ কোবাল সোঁতত উটি যায় ৯ জন ছাত্ৰ ৷ ইয়াৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ (prayagraj student boating case) ৷
লগতে পঢ়ক : Again Train accident in Odisha : ওড়িশাত আকৌ ৰে’ল দুৰ্ঘটনা, লাইচ্যুত হৈছে এখন মালবাহী ৰে’ল
খবৰ দিয়া হয় আৰক্ষী আৰু SDRF বাহিনীৰ লোকক ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনীৰ লোকক উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত চাৰিজন ছাত্ৰক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় (youths drowned in sangam) ৷ ইফালে নিখোঁজ হৈ থকা আন ৫ জন ছাত্ৰৰ সন্ধানত নামি পৰে আৰক্ষী আৰু SDRF বাহিনীৰ লোক ৷ এই সন্ধানহীন ছাত্ৰ কেইগৰাকী এজন বিহাৰৰ, এজন সতনা, মধ্যপ্ৰদেশৰ আৰু তিনিজন উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে ।
নৈৰ সোঁতত উটি যোৱা ছাত্ৰ হ’ল সুমিত বিষ্কৰ্মা সতনা, বিশাল মুংগেৰ, মহেশ্বৰ ভাৰ্মা মৌ, উৎকৰ্ষ চুলতানপুৰ আৰু অভিষেক আগৰহৰি চুলতানপুৰ (prayagraj student drowing case) । এই আটাইকেইজন ছাত্ৰৰ বয়স ১৭ ৰ পৰা ২২ বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে (Students drown in sangam)।
লগতে পঢ়ক : Hemkund Sahib Yatra : হেমকুণ্ডৰ যাত্ৰা পথত হিমস্খলন, নিহত এগৰাকী তীৰ্থযাত্ৰী