ETV Bharat / bharat

পত্নীৰ পিঠিত উঠি ভোটগ্ৰহণ কেন্দ্ৰলৈ আহিল নিৰ্বাচনী বিষয়া

নিজৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু আগ্ৰহ থাকিলে যিকোনো কামেই সম্ভৱ । এই কথা প্ৰমাণ কৰি দেখুৱালে ঝাৰখণ্ডৰ চাত্ৰাৰ এজন নিৰ্বাচনী বিষয়াই । শাৰীৰিক অসুস্থতা স্বত্বেও পত্নীৰ পিঠিত উঠি ভোটগ্ৰহণ কেন্দ্ৰলৈ আহিল নিৰ্বাচনী বিষয়াগৰাকী (Polling officer reached booth riding on wifes shoulder) ।

author img

By

Published : May 14, 2022, 9:57 PM IST

Updated : May 14, 2022, 10:14 PM IST

polling-officer-reached-booth-riding-on-wifes-shoulder-for-voting-in-chatra
পত্নীৰ পিঠিত উঠি ভোটগ্ৰহণ কেন্দ্ৰলৈ আহিল পুলিং বিষয়া

নেচনেল ডেস্ক, ১৪ মে': ঝাৰখণ্ডৰ চাত্ৰাত চলি আছে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া(First phase voting in Chatra) । ইয়াৰ মাজতে চৰ্চিত হৈছে এখন বিশেষ ছবি । এগৰাকী নিৰ্বাচনী বিষয়াই তেওঁৰ শাৰীৰিক অসুস্থতা স্বত্বেও পত্নীৰ পিঠিত উঠি আহি সম্পাদন কৰিলে নিজৰ দায়িত্ব (Polling officer reached booth riding on wife's shoulder) ।

শাৰীৰিক কষ্টতকৈ নিজৰ কৰ্তব্যক বেছি গুৰুত্ব দিয়া বিষয়াগৰাকীয়ে খোজ কাঢ়িব পৰা নাছিল যদিও পত্নীৰ পিঠিত উঠি আহি উপস্থিত হৈছিল চাত্ৰা মহাবিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত । কেন্দ্ৰটোত ভোটদান কৰিবলৈ অহা লোকসকলৰ চকু থৰ হৈ গৈছিল এই দৃশ্য দেখি ।

polling officer reached booth riding on wifes shoulder

জানিব পৰা মতে চাত্ৰা জিলাৰ তিনিটা খণ্ডত ভোটগ্ৰহণৰ প্ৰস্তুতি শিখৰত আছিল । চাত্ৰা মহাবিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী দায়িত্ব পৰিছিল মনোজ ওৰাং নামৰ লোকজনৰ ওপৰত । কিন্তু যোৱা কেইটামান দিন পূৰ্বে ভৰিত আঘাতপ্ৰাপ্ত হৈছিল লোকজন । যাৰ ফলত তেঁও ভালকৈ উঠিব বা খোজ কাঢ়িব পৰা নাছিল ।

কিন্তু মনোজে তেঁওৰ কৰ্তব্যক নাকচ কৰাৰ কথা ভবা নাছিল যদিও কৰ্তব্যস্থলীত কেনেকৈ উপস্থিত হ'ব তাক লৈ চিন্তাত পৰিছিল । সেই সময়তে সমাজত অবলা হিচাপে পৰিচিত অৰ্থাৎ মনোজৰ পত্নীয়ে তেঁওক ৰাস্তা দেখুৱায় । পত্নীয়ে মনোজক পিঠিত উঠাই পোৱালেগৈ ভোটগ্ৰহণ কেন্দ্ৰ ।

অৱশ্যে নিৰ্বাচন আয়োগে এই দৃশ্য দেখাৰ পিছত তেঁওক কৰ্তব্য সম্পাদনৰ পৰা বিৰত ৰাখে আৰু বিশ্ৰামৰ পৰামৰ্শ প্ৰদান কৰে । ইয়াৰ পিছতেই মনোজ আৰু তেঁওৰ পত্নীৰ কৰ্তব্যনিষ্ঠাক প্ৰশংসাৰে ওপচাই তোলে সকলোৱে । আনহাতে এগৰাকী অসুস্থ লোকক কিয় নিৰ্বাচন আয়োগে হাৰাশাস্তি কৰিছে বুলিও সেই সময়ত অঞ্চলটোৰ সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক: GST সংগ্ৰহ: অৰুণাচলৰ ৰেকৰ্ড ভাঙিব পৰা নাই আন কোনো ৰাজ্যই

Last Updated : May 14, 2022, 10:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.