ETV Bharat / bharat

Rajya Sabha election 2022 : দেশৰ চাৰিখন ৰাজ্যত অনুষ্ঠিত হৈছে ৰাজ্যসভাৰ নিৰ্বাচন - Rajya Sabha election 2022

পুৱা ৯ বজাৰ পৰা মহাৰাষ্ট্ৰ, ৰাজস্থান, হাৰিয়ানা আৰু কৰ্ণাটকত আৰম্ভ হৈছে ৰাজ্যসভাৰ নিৰ্বাচন (Rajya Sabha election in 4 states)। মুঠ ১৬ খন আসনত অনুষ্ঠিত হৈছে নিৰ্বাচন । ইফালে উত্তৰ প্ৰদেশ, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, বিহাৰ, ওড়িশা, মধ্য প্ৰদেশ, পাঞ্জাৱ, ছট্টীশগড়, উত্তৰাখণ্ড, ঝাৰখণ্ড আৰু তেলেংগানাৰ ৪১ গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় ।

Rajya Sabha election 2022
দেশৰ চাৰিখন ৰাজ্যত অনুষ্ঠিত হৈছে ৰাজ্যসভাৰ নিৰ্বাচন
author img

By

Published : Jun 10, 2022, 12:20 PM IST

নেশ্যনেল ডেস্ক,১০ জুন : চাৰিখন ৰাজ্যত আজি অনুষ্ঠিত হৈছে ৰাজ্যসভাৰ নিৰ্বাচন (Rajya Sabha election 2022)। ৰাজ্য কেইখনত খালী হোৱা উচ্চ সদনৰ ১৬ খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন । পুৱা ৯ বজাৰ লগে লগে আৰম্ভ হোৱা ভোটগ্ৰহণ আবেলি ৪ বজাত সমাপ্ত হ'ব । ইফালে আসন কেইখনৰ বাবে হৰ্ছ-ট্ৰেডিং আৰু ক্ৰছ ভোটদানৰ আশংকা কৰা হৈছে ।

লক্ষণীয়ভাৱে, শেহতীয়াকৈ ৰাজ্যসভাৰ ৫৭ খন আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচন ঘোষণা হোৱাৰ পিছতে শুকুৰবাৰে উত্তৰ প্ৰদেশ, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, বিহাৰ, ওড়িশা, মধ্য প্ৰদেশ, পাঞ্জাৱ, ছট্টীশগড়, উত্তৰাখণ্ড, ঝাৰখণ্ড আৰু তেলেংগানাৰ ৪১ গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় । অৱশ্যে, মহাৰাষ্ট্ৰ, ৰাজস্থান, হাৰিয়ানা আৰু কৰ্ণাটকত থকা ১৬ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয় । ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা বিশেষ নেতাসকলৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল আৰু নিৰ্মলা সীতাৰমণ, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ, ৰণদীপ সুৰজেৱালা আৰু মুকুল ৱাচনিক আদি ।

উল্লেখ্য যে মহাৰাষ্ট্ৰত কংগ্ৰেছ দলে ইমৰান প্ৰতাপগড়ীক নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আনহাতে প্ৰফুল পেটেলক এনচিপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে (Rajya Sabha election in Maharashtra 2022)। শিৱসেনাৰ সঞ্জয় ৰাউত আৰু সঞ্জয় পাৱাৰক ৰাজ্যসভাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।

ইফালে শিৱসেনা মিত্ৰজোঁট চমুকৈ মহা বিকাশ আঘাদীয়ে হৰ্ছ ট্ৰেডিঙৰ ভয়ত বিধায়কসকলক মুম্বাইৰ এখন হোটেলত ৰাখিছে । অৱশ্যে মিত্ৰজোঁটে আশা কৰা মতে তেওঁলোকে আটাইকেইখন আসন লাভ কৰিবলৈ সক্ষম হ'ব । ইয়াৰ বিপৰীতে বিজেপিয়ে ৰাজ্যখনৰ পৰা ড০ অনিল বণ্ডে, পীয়ুষ গোৱেল আৰু ধনঞ্জয় মহাদিকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । আমোদজনকভাৱে, ৰাজ্যখনৰ ছয়খন আসনৰ বাবে সাতগৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

হাৰিয়ানাত আকৌ ২খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে (RS poll in Haryana 2022)। হাৰিয়ানাটো হৰ্ছ-ট্ৰেডিং আৰু ক্ৰছ ভোটদানৰ আশংকা কৰা হৈছে । যাৰ বাবে বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছে বিধায়কসকলক ৰিজৰ্টলৈ স্থানান্তৰ কৰিছে । বিজেপি-জেজেপি মিত্ৰজোঁটে তেওঁলোকৰ বিধায়কসকলক চণ্ডিগড়ৰ এটা ৰিজৰ্টত ৰাখিছে আনহাতে কংগ্ৰেছ নেতাসকলক চহৰখনৰ আন এটা ৰিজৰ্টলৈ স্থানান্তৰ কৰা হৈছে ।কংগ্ৰেছ দলে জ্যেষ্ঠ নেতা অজয় মাকেনক মনোনীত কৰিছে আনহাতে বিজেপিয়ে প্ৰাক্তন মন্ত্ৰী কৃষ্ণ লাল পানৱাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

কৰ্ণাটকৰ পৰাও চাৰিখন আসনত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে (Karnataka RS poll 2022)। চাৰিখন আসনৰ বাবে ৬গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । একেদৰে ৰাজস্থানত দেখা গৈছে হৰ্ছ ট্ৰেডিঙৰ আশংকা (Rajya Sabha election in Rajasthan)। যাৰ বাবে কংগ্ৰেছৰ বিধায়কসকলক উদয়পুৰ আৰু জয়পুৰৰ ৰিজৰ্টত ৰখা হৈছে । আনহাতে কালিৰ দিনটোত তেওঁলোকক জয়পুৰৰ লীলা পেলেচ হোটেলত ৰখা হৈছে ।

লগতে পঢ়ক :Indian Presidential Elections: 18 জুলাইত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতি নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.