ETV Bharat / bharat

Mizoram assembly polls: প্ৰায় 76 শতাংশ ভোটদানেৰে সমাপ্ত হ’ল মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ - Polling for Mizoram assembly

40 খন আসনৰ বাবে অনুষ্ঠিত মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন ৷ প্ৰায় 8.57 লাখ ভোটাৰে ইভিএমত ভাগ্য নিৰ্ণয় কৰিলে 174 গৰাকী প্ৰাৰ্থীৰ ৷ মুঠ ভোটদানৰ হাৰ 75.8 শতাংশ ৷

Mizoram Election 2023
Mizoram Election 2023
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 8:01 PM IST

নিউজ ডেস্ক, 7 অক্টোবৰ: মঙলবাৰে অনুষ্ঠিত হয় মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ 40 খন আসনৰ বাবে অনুষ্ঠিত হয় এই নিৰ্বাচন ৷ উত্তৰ-পূবৰ ৰাজ্যখনত এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে মুঠ 174 গৰাকী প্ৰাৰ্থীয়ে ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ বিয়লি পাঁচ বজাত অন্ত পৰে ৷ ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় 8.57 লাখ ৷ ইয়াৰে 4.39 লাখ মহিলা ভোটাৰ ৷

ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰদান কৰা তথ্য অনুসৰি সন্ধিয়া পাঁচ বজালৈকে মিজোৰামত ভোটদানৰ হাৰ হৈছে 75.8 শতাংশ ৷ ইয়াৰ ভিতৰত চেৰচিপ জিলাত সৰ্বাধিক 83.96 শতাংশ ভোটদান হোৱাৰ বিপৰীতে ৰাজধানী আইজলত সৰ্বনিম্ন 71.39 শতাংশ ভোটদান হয় ৷

ৰাজ্যখনত মুঠ 1276 টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে ৷ তাৰোপৰি আছে 149 টা দূৰৱৰ্তী ভোটকেন্দ্ৰ ৷ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা 30 টা ভোটকেন্দ্ৰত স্পৰ্শকাতৰ হিচাপে গণ্য কৰা হৈছে ৷ এই নিৰ্বাচনত মুঠ 7200 নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ৷ ভোটদান প্ৰক্ৰিয়া নিকা কৰাৰ উদ্দেশ্য ৰাজ্যখনৰ গাতে লাগি থকা ম্যানমাৰ আৰু বাংলাদেশ সীমান্ত বন্ধ কৰি দিয়ে নিৰ্বাচন আয়োগে ৷

মিজোৰামৰ নিৰ্বাচনত মূল প্ৰতিদ্বন্দিতা শাসকীয় মিজো নেশ্যনেল ফ্ৰন্ট, জোৰাম পিপলচ্ মুভমেন্ট আৰু কংগ্ৰেছৰ মাজতেই হোৱা দেখা গৈছে ৷ তিনিওটা দলে আটাইকেইখন আসনত প্ৰতিদ্বন্দিতা কৰিছে ৷ ইফালে কেন্দ্ৰত অধিষ্ঠিত বিজেপি দলে মিজোৰামত 23 টা সমষ্টিত, আম আদমী পাৰ্টীয়ে 4 টা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ তাৰোপৰি নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰিছে 27 গৰাকী প্ৰাৰ্থীয়ে ৷

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই ইভিএম বিসংগতিৰ বাবে প্ৰথমে ভোটদান কৰিব পৰা নাছিল জানিব পৰা গৈছে ৷ অৱশ্যে বিসংগতি দূৰ হোৱাৰ পিচত তেওঁ ভোটদান কৰে ৷ আইজল উত্তৰ-II বিধানসভা সমষ্টিত ভোটদান কৰে জোৰামথাংগাই ৷ ইফালে আইজল দক্ষিণ-II সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰে ৰাজ্যপাল হৰিবাবু কাম্ভমপতিয়ে ৷ অহা 3 ডিচেম্বৰত ৰাজস্থান, মধ্যপ্ৰদেশ, তেলেংগানা, ছত্তীশগড়ৰ সৈতে একেলগে মিজোৰামৰ ভোটগণনা তথা ফলাফল ঘোষণা কৰা হ’ব ৷

লগতে পঢ়ক: Mizoram Assembly Election 2023: চৰকাৰ গঠনক লৈ আশাবাদী মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.