নেশ্যনেল ডেস্ক,১৩ মে': জম্মু-কাশ্মীৰত পুনৰ সক্ৰিয় হৈছে উগ্ৰপন্থী সংগঠন । এটাৰ পাছত এটাকৈ কূটাঘাতৰ চেষ্টা উগ্ৰপন্থীৰ । এইবাৰ উগ্ৰপন্থীৰ টাৰ্গেট আৰক্ষী । আৰক্ষীৰ বাসগৃহতেই গুলীচালনা কৰে উগ্ৰপন্থীয়ে(Policeman in Pulwama shot at Gudoora) ।
এগৰাকী আৰক্ষীৰ মুখপাত্ৰই জনোৱা অনুসৰি শুকুৰবাৰে ৰিয়াজ আহমেদ নামৰ কনিষ্টবলগৰাকীৰ গুদুৰাত থকা তেওঁৰ বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰি উগ্ৰপন্থীয়ে গুলীচালনা কৰিছিল(Militants shoot at police residence) । উক্ত গুলীচালনাত গুৰুতৰভাৱে আহত হৈছিল কনিষ্টবল গৰাকী । আহত কনিষ্টবলগৰাকীক তেওঁৰ ব্যক্তিগত কৰ্মচাৰীসকলে প্ৰাথমিক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নি ভৰ্তি কৰায় ।
-
#Terrorist fired upon Police Constable Reyaz Ahmad Thoker S/O Ali Mohammed at his residence at Gudroo, #Pulwama. He has been shifted to Hospital. Area #cordoned off. Further details shall follow.@JmuKmrPolice
— Kashmir Zone Police (@KashmirPolice) May 13, 2022 " class="align-text-top noRightClick twitterSection" data="
">#Terrorist fired upon Police Constable Reyaz Ahmad Thoker S/O Ali Mohammed at his residence at Gudroo, #Pulwama. He has been shifted to Hospital. Area #cordoned off. Further details shall follow.@JmuKmrPolice
— Kashmir Zone Police (@KashmirPolice) May 13, 2022#Terrorist fired upon Police Constable Reyaz Ahmad Thoker S/O Ali Mohammed at his residence at Gudroo, #Pulwama. He has been shifted to Hospital. Area #cordoned off. Further details shall follow.@JmuKmrPolice
— Kashmir Zone Police (@KashmirPolice) May 13, 2022
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰেও লস্কৰ-ই-তৈবাৰ দুজনকৈ উগ্ৰপন্থীয়ে চাদুৰাৰ তহচিল কাৰ্যালয়ত ৰাহুল ভাট নামৰ কাশ্মীৰী পণ্ডিতজনক হত্যা কৰিছিল(Kashmiri Pandit killed by militants) । ৩৫ বছৰীয়া যুৱকজনক পিষ্টলেৰে শূণ্য দুৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল । গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হোৱা পণ্ডিতগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁৰ মৃত্যু হৈছিল । জানিব পৰা মতে ৰাহুল ভাটে বুদগামৰ চাদুৰাত ৰাজহ বিভাগত কাম কৰি আছিল ।
উল্লেখ্য যে জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পোৱাৰ ফলত শংকিত হৈ পৰিছে জনতা । সমান্তৰালভাৱে বৃদ্ধি কৰিছে নিৰাপত্তাৰ ব্যৱস্থা । বিভিন্ন প্ৰান্তত বহুৱাইছে নাকা চেকিং ।
লগতে পঢ়ক: ব্ৰাহ্ম'ছ মিছাইলৰ আন এক সফল পৰীক্ষণ