ETV Bharat / bharat

সম্পত্তিক কেন্দ্ৰ কৰি হায়দৰাবাদত পত্নীয়ে হত্যা কৰিলে স্বামীক

সম্পত্তিক কেন্দ্ৰ কৰি স্বামীৰ বন্ধুৰ সৈতে মিলি হত্যা কৰিলে স্বামীক । যোৱা ৮ ফেব্ৰুৱাৰীত বন্ধুৰ সৈতে মিলি পত্নীয়ে হত্যা কৰে স্বামীক । সম্প্ৰতি আৰক্ষীৰ জেৰাত দুই হত্যাকাৰী ।

হায়দৰাবাদত পত্নীয়ে হত্যা কৰিলে স্বামীক

author img

By

Published : Mar 12, 2021, 2:25 PM IST

নেশ্যনেল ডেস্ক, ১২ মাৰ্চ: স্বামীক হত্যা হায়দৰাবাদৰ এগৰাকী মহিলাৰ । এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ ৱনস্থলীপুৰমত । নশ্বীন বেগমে তেওঁৰ স্বামী গগণ আগৰৱালাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে । নশ্বীনে স্বামীৰ বন্ধু সুনীল কুমাৰৰ সৈতে লগ লাগি গগণ আগৰৱালাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । সম্পত্তিক কেন্দ্ৰ কৰি এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

জানিব পৰা অনুসৰি, যোৱা ৮ ফেব্ৰুৱাৰীত বন্ধু সুনীল কুমাৰে গগণ আগৰৱালাৰ সৈতে সুৰা সেৱন কৰি কাজিয়াত লিপ্ত হৈছিল । তাৰ পাছতেই নশ্বীন আৰু সুনীলে লগ হৈ গগণক হত্যা কৰি ঘৰৰ ভিতৰত মৃতদেহটো পুতি থৈছিল । হত্যা কৰাৰ পাছত নশ্বীনে স্বামী সন্ধানহীন আৰু তাইৰ মোবাইল ফোনটো হেৰুওৱা বুলি আৰক্ষীৰ ওচৰত এক এজাহাৰ দাখিল কৰিছিল ।

উল্লেখযোগ্য যে, দম্পত্তিহাল বিগত বৰ্ষৰ ২ জুনত বিবাহপাশত আৱদ্ধ হৈছিল আৰু হাবচিগুদাৰ এটা এপাৰ্টমেণ্টত বাস কৰিছিল । গগনৰ বন্ধু সুনীল কুমাৰে প্ৰায়ে তেওঁলোকৰ ঘৰলৈ আহিছিল । পৰৱৰ্তী সময়ত নশ্বীনৰ সৈতে সুনীল অতি ঘনিষ্ঠ হৈ পৰিছিল ।

৮ ফেব্ৰুৱাৰীত হত্যা কৰাৰ পাছত, বেগমে তাইৰ মাতৃ গৃহলৈ গৈছিল । তাৰ কিছুদিন পাছত মৃতদেহটো চাবলৈ হাবচিগুদাস্থিত এপাৰ্টমেণ্টলৈ গৈছিল বেগম । মৃতদেহটো চাই উঠি কোনোধৰণৰ চিন্তা নাই বুলি নিশ্চিত কৰাৰ পাছত ৰাজস্থানৰ আজমেৰ দৰগাহ ভ্ৰমণলৈ গৈছিল ।

দৰগাহত যাওঁতে সুনীল কুমাৰক নশ্বীনে লগ পাইছিল । পৰৱৰ্তী সময়ত দুয়োজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ জেৰাত বেগমে স্বামীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে । লগতে কয় যে, বেগমক বিয়া কৰোৱাৰ পূৰ্বে গগণে দুবছৰ পূৰ্বে এগৰাকীৰে বিবাহ বিচ্ছেদ কৰিছিল । সম্প্ৰতি আৰক্ষীৰ জেৰাত দুই হত্যাকাৰী ।

লগতে পঢ়ক: তাজমহলত পূজা কৰি গ্ৰেপ্তাৰ তিনিজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.