ETV Bharat / bharat

Sex racket busted: নাগপুৰৰ হোটেলত আৰক্ষীৰ অভিযান; উৎখাত যৌন বেহাৰ লগত জড়িত চক্ৰ

author img

By

Published : Aug 18, 2023, 10:02 PM IST

নাগপুৰত মাছাজ পাৰ্লাৰৰ নামত চলি থকা যৌন ৰেকেটৰ খবৰ পোৱা গৈছে ৷ মহানগৰ আৰক্ষী বিভাগৰ অপৰাধ শাখাৰ সামাজিক সুৰক্ষা দলে এই অভিযান চলাইছিল ।

Sex racket busted
হোটেলত আৰক্ষীৰ অভিযান

নেশ্যনেল ডেস্ক, 18 আগষ্ট : মহাৰাষ্ট্ৰৰ নাগপুৰত উৎখাত যৌন বেহাৰ লগত জড়িত চক্ৰ ৷ হোটেল চিটিস্কেপত মালিচ পাৰ্লাৰৰ নামত চলি থকা এটা যৌন ৰেকেটৰ সম্ভেদ লাভ কৰে আৰক্ষীয়ে । এক গোপন সূত্ৰৰ ভিত্তিত এই অভিযান চলোৱা হয় । আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত ছয়গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ মাজত উদ্ধাৰ হোৱা ছোৱালীকেইজনীৰ ভিতৰত এগৰাকী পশ্চিম বংগৰ, এগৰাকী গণ্ডিয়াৰ আৰু দুগৰাকী উত্তৰ প্ৰদেশৰ আৰু দুগৰাকী নাগপুৰৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । সমগ্ৰ অভিযানটো অপৰাধ শাখাৰ অনৈতিক মানৱ সৰবৰাহ প্ৰতিৰোধ কোষ আৰু অপৰাধ শাখাৰ গোট ২ ৰ দ্বাৰা সম্পন্ন কৰা হৈছিল ।

Sex racket busted
হোটেলত আৰক্ষীৰ অভিযান

নাগপুৰ অপৰাধ শাখাৰ দলটোৱে খবৰ পাইছিল যে কিছু মহিলা আৰু ছোৱালীক সদৰৰ চিটিস্কেপ হোটেলত স্পা আৰু মালিচ দিয়াৰ নামত অবৈধ পতিতা বৃত্তিত লিপ্ত কৰোৱা হৈছে । এই খবৰৰ প্ৰায় চাৰিদিন পিচত আৰক্ষীৰ জালত আৱদ্ধ হয় অভিযুক্ত। ২ জন ভুৱা গ্ৰাহকক লৈ ফান্দ পাতি হোটেলখনত অভিযান চলাই আৰক্ষীয়ে । তাৰ পিচত হোটেলখনৰ দুটা কোঠাত উদ্ধাৰ হয় দুগৰাকী মহিলা ।

যেতিয়া হোটেলখনত দুজন ন্যায়াধীশৰ সন্মুখত অনুসন্ধান চলোৱা হৈছিল, চাৰিগৰাকী মহিলাক পাকঘৰৰ কোঠাত বন্দী অৱস্থাত পোৱা গৈছিল । আৰক্ষীয়ে তাত স্পা আৰু মালিচ পাৰ্লাৰ চলাই থকা অভিযুক্ত মহিলাগৰাকীকো আটক কৰে । আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা বহু নোট জব্দ কৰিছে । ইয়াৰ উপৰিও, তেওঁৰ সৈতে পতিতা বৃত্তিত লিপ্ত হোৱা আৰু গ্ৰাহকসকলক তেওঁলোকৰ ওচৰলৈ প্ৰেৰণ কৰা মহিলাসকলৰ ওপৰত চকু ৰখা আন দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁলোকৰ নাম কমলেশ গজানন কটকামৱাড আৰু প্ৰদীপ কুমাৰ ঠাকুৰ কুশৱাহা ।

আৰক্ষীয়ে হোটেলখনৰ গৰাকী ওম ওৰফে অবিনাশ কদমৰ লগতে স্পা চলাই থকা মহিলাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে । থানাত এই চাৰিজনৰ বিৰুদ্ধে ৩৭০, ৩৪ আইপিচি ধাৰাত গোচৰ ৰুজু কৰা হৈছে । ১৯৫৬ চনৰ ব্যক্তিৰ অনৈতিক সৰবৰাহ প্ৰতিৰোধী আইনৰ ৩, ৪, ৫, ৬, ৭ আৰু ৮ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে । এই অভিযানত মুঠ ৬ গৰাকী ভুক্তভোগী মহিলা আৰু ছোৱালী উদ্ধাৰ কৰা হয় । হোটেলখনৰ পৰা মোবাইল ফোনকে ধৰি ৬১ হাজাৰ ৩০০ টকা আৰু মুঠ ১ লাখ ২২ হাজাৰ ৩০০ টকা জব্দ কৰা হৈছে ।

লগতে পঢ়ক : Gujrat Rape Incident: ১৭ বছৰীয়া এজনী ছোৱালীক একেৰাহে ৬ দিন ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.