ETV Bharat / bharat

Illegal Bangladeshi nationals Arrested: আগ্ৰাত 40 জন অবৈধ বাংলাদেশী নাগৰিকক আটক

author img

By

Published : Feb 6, 2023, 9:07 AM IST

Updated : Feb 6, 2023, 2:26 PM IST

আগ্ৰাত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান ৷ আগ্ৰাৰ চাৰিটা অঞ্চলত অভিযান চলাই 40 গৰাকী অবৈধ বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হয় (Illegal Bangladeshi nationals nabbed) ৷

Police nab 40 illegal Bangladeshi nationals in Agra
আগ্ৰাত 40 আবৈধ বাংলাদেশী নাগৰিক আটক

নেশ্যনেল ডেস্ক, 6 ফেব্ৰুৱাৰী: উত্তৰ প্ৰদেশৰ আগ্ৰাত অবৈধ বাংলাদেশীৰ আগ্ৰাসন (Illegal Bangladeshi nationals in Agra) ৷ আগ্ৰাৰ চিকান্দ্ৰা অঞ্চলৰ গৃহ উন্নয়ন খণ্ড 14 ত নথি-পত্ৰ অবিহনে অবৈধভাৱে বাস কৰা বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষীয়ে (Action on Bangladeshis) ৷ আগ্ৰাৰ উপ আৰক্ষী আয়ুক্ত বিকাশ কুমাৰে (DCP Vikas Kumar ) জনোৱা অনুসৰি আৰক্ষীয়ে চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি অঞ্চলটোত অভিযান চলাই মুঠ 40 গৰাকী অবৈধ বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হয় (Police nabbed illegal Bangladeshi nationals)৷

ইয়াৰে ভিতৰত 15 জন পুৰুষ, 13 গৰাকী মহিলা আৰু 12 টা শিশুক আটক কৰিছে আৰক্ষীয়ে (Illegal Bangladeshi nationals detained) ৷ লগতে আৰক্ষীয়ে ধৃত নাগিৰকৰ পৰা ভুৱা আধাৰ আৰু পেন কাৰ্ডো উদ্ধাৰ কৰিছে (Police recovered fake Aadhaar and PAN cards) ৷

উপ আৰক্ষী আয়ুক্ত বিকাশ কুমাৰৰ নিৰ্দেশনা অনুসৰি জিলাখনৰ চিকান্দ্ৰা, জগদীশপুৰা আৰু হৰিপৰ্বত আৰক্ষী থানাৰ অধীনত আৰক্ষী দেওবাৰে গৃহ উন্নয়ন খণ্ড 14 ত উপস্থিত হৈ সেই ঠাইত থকা খালী ভূমিত কিছুসংখ্যক অস্থায়ী ঘৰ নিৰ্মাণ কৰা প্ৰত্যক্ষ কৰে ৷ আৰক্ষীয়ে অস্থায়ী ঘৰসমূহৰ বিষয়ে তদন্ত আৰম্ভ কৰি এই ঘৰসমূহ অবৈধ বাংলাদেশী নাগৰিকৰ বুলি সন্দেহ প্ৰকাশ কৰিছিল (Bangladeshis nabbed in Agra) ৷

পৰৱৰ্তী সময়ত, আৰক্ষীয়ে তথ্য লাভ কৰে যে এই লোকসকলে বংগ সীমান্ত অতিক্ৰম কৰি বিহাৰ হৈ ভাৰতত উপস্থিত হৈছিল ৷ ইয়াৰ পিচতে বিহাৰৰ পৰা উত্তৰ প্ৰদেশলৈ অহাৰ সময়ত ব্যক্তিয়ে প্ৰতি এজন ঠিকাদাৰক প্ৰায় 20,000 টকাকৈ পৰিশোধ কৰিব লগা হৈছিল ৷

ইয়াৰে সমান্তৰালকে শেহতীয়াকৈ মথুৰাত নথি-পত্ৰ অবিহনে বাস কৰা এজন বাংলাদেশী নাগৰিকক আটক কৰা হৈছিল (Bangladeshi man arrested in Mathura) ৷ জানিব পৰামতে ভাৰতত ৰোহিংগীয়াসকলৰ অবৈধ প্ৰৱেশৰ সুবিধা প্ৰদান কৰে এইজন বাংলাদেশী লোকে ৷ লোকজন বাংলাদেশৰ খুলনা জিলাৰ বাসিন্দা মহম্মদ কামৰুলক বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ৷

শনিবাৰে সন্ধিয়া কোতৱালী আৰক্ষী থানাৰ অন্তৰ্গত নয়ী বস্তি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় কামৰুলক ৷ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শৈলেশ কুমাৰ পাণ্ডেয়ে সেনাৰ এক গোপন সূত্ৰৰ জৰিয়তে এই বাংলাদেশী নাগৰিকৰ এক বিশাল চক্ৰৰ উমান পাইছিল ৷ ইয়াৰ পিচতে সমগ্ৰ আগ্ৰা জিলাত অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশনা জাৰি কৰে ৷

পাণ্ডেয়ে কয়, "কামৰুলে বাংলাদেশী নাগৰিক আৰু ৰোহিংগীয়াসকলৰ পৰা 40,000 টকা লৈ ভাৰতৰ সীমা অতিক্ৰম কৰি বিভিন্ন চহৰত উপস্থিত হোৱাত সহায় কৰিছিল ৷" আনকি কামৰুলে অবৈধভাৱে ভাৰতৰ সীমা অতিক্ৰম কৰা সকলক ভুৱা আধাৰ আৰু ভোটাৰ পৰিচয় পত্ৰ যোগা ধৰাতো সহায় কৰিছিল ৷

ধৃত কামৰুলৰ পৰা এটা মোবাইল ফোন, বাংলাদেশী ছিম কাৰ্ড আৰু এখন ভাৰতীয় চিম কাৰ্ড জব্দ কৰা হৈছে ৷ স্থানীয় চোৰাংচোৱা গোটৰ এজন বিষয়াই জনোৱা অনুসৰি যোৱা চাৰি বছৰত উত্তৰ প্ৰদেশত বাংলাদেশৰ প্ৰায় 135 জন অবৈধ নাগৰিকক আটক কৰা হৈছে ৷

লগতে পঢ়ক: Police Suicide Case: গেৰুকামুখত চিপ লোৱা অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱানৰ মৃতদেহ

Last Updated : Feb 6, 2023, 2:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.