নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল: দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰালৰ দৰগানি গাণ্ড অঞ্চলত এগৰাকী মহিলাক গুলীবৰ্ষণ কোনো অচিনাকী দুৰ্বৃত্তৰ । শুকুৰবাৰে নিশা মহিলাগৰাকীক গুলীয়াই কোনো দুৰ্বৃত্তই । সম্প্ৰতি আৰিপাল অঞ্চলৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী । এই ঘটনাৰ পাচতে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । ভুক্তভোগী মহিলাগৰাকী চাকিলা বানু (৩৬) বুলি জানিব পৰা গৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি, চাকিলা বানুৰ স্বামী আৰু শহুৰেকে উক্ত ঘটনাটো গাপ দি ৰাখিছিল । মহিলাগৰীৰ অৱস্থা সংকটজনক হোৱা স্বত্বেও এই কথা প্ৰকাশ কৰা নাছিল চাকিলাৰ পৰিয়ালৰ লোকে । চাকিলাই অত্যন্ত পেটৰ বিষ আৰু হৃদৰোগত আক্ৰান্ত বুলি কোৱাত শ্ৰী মহাৰাজা হৰি সিং চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাচত ভুক্তভোগীগৰাকীৰ ঘৰত উপস্থিত হয় তালাচী অভিযান চলাই গুলীটো উদ্ধাৰ কৰে । বৰ্তমানেও তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে ।