ETV Bharat / bharat

কৃষি সংস্কাৰ সাধনে কৃষকক উপকৃত কৰিবলৈ আৰম্ভ কৰিছেঃ প্ৰধানমন্ত্ৰী

author img

By

Published : Dec 19, 2020, 4:14 PM IST

এছ'চেম সন্মিলনত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে,কৃষি ক্ষেত্ৰৰ সংস্কাৰ সাধনে কৃষকসকলক লাভান্বিত কৰিবলৈ আৰম্ভ কৰিছে । কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ অব্যাহত থকা স্বত্বেও চৰকাৰে এতিয়াও কৈ আছে যে, কৃষি আইনে কৃষকৰ উৎপাদিত শস্য বজাৰত বিক্ৰী কৰাৰ ক্ষেত্ৰত থকা সকলো বাধা আঁতৰ কৰিছে। লগতে এই তিনিখন আইনে উৎপাদিত শস্য বিক্ৰীৰ বাবে কৃষকক ব্যক্তিগত কোম্পানীৰে জড়িত হোৱাৰো অনুমতি প্ৰদান কৰিছে ।

কৃষি সংস্কাৰ সাধনে কৃষকক উপকৃত কৰিবলৈ আৰম্ভ কৰিছেঃ প্ৰধানমন্ত্ৰী
কৃষি সংস্কাৰ সাধনে কৃষকক উপকৃত কৰিবলৈ আৰম্ভ কৰিছেঃ প্ৰধানমন্ত্ৰী

নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ: কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ বিদ্ৰোহ ২৪ দিনৰ দিনাও অব্যাহত থকাৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে পুনৰ কৃষি আইনে কৃষক লাভান্বিত কৰাৰ কথা প্ৰকাশ কৰে । এছ'চিয়েটেড চেম্বাৰ্ছ অৱ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰিৰ সন্মিলনত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে,কৃষি ক্ষেত্ৰৰ সংস্কাৰ সাধনে কৃষক সকলক উপকৃত কৰিবলৈ আৰম্ভ কৰিছে । বিগত ৬ বছৰত বিশ্বৰ ভিতৰতে বিনিয়োগকাৰীৰ আটাইতকৈ পছন্দৰ স্থান হিচাপে ভাৰতে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।

তেওঁ লগতে কয় যে,মহামাৰীৰ সংকট কালৰ মাজতো প্ৰত্যক্ষ বিদেশী বিনিয়োগ আৰু বিদেশী পৰ্টফলিঅ' বিনিয়োগে বিশ্বৰ বিনিয়োগকাৰীৰ ভাৰতৰ প্ৰতি থকা বিশ্বাসক প্ৰতিপন্ন কৰিছে । বিগত ৬ মাহ পূৰ্বে কৰা কৃষি ক্ষেত্ৰৰ সংস্কাৰ সাধনে ইতিমধ্যে কৃষকক লাভান্বিত কৰা আৰম্ভ কৰিছে । অৱশ্যে,কৃষি আইনে কৃষকক কেনেদৰে লাভান্বিত কৰিছে সেই বিষয়ে তেওঁ বিস্তৃত ব্যাখ্যা আগবঢ়োৱা নাই। পঞ্জাৱ আৰু হাৰিয়ানাৰ দৰে ৰাজ্যৰ শতাধিক কৃষকে দিল্লীৰ কেইবাস্থানতো বিগত ৩ সপ্তাহ ধৰি ৰাজপথ অৱৰোধ কৰি ৰাখিছে ।

কৃষি আইনৰ জৰিয়তে চৰকাৰে ন্যূনতম সমৰ্থন মূল্য বন্ধ কৰাৰ শংকাত কৃষকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । যি কি নহওক, চৰকাৰে এতিয়াও দাবী কৰি আছে যে,নতুনকৈ সংশোধিত আৰু প্ৰণয়ণ কৰা কৃষি আইনে কৃষক অধিক লাভ প্ৰদান কৰিব। উৎপাদিত শস্য বিক্ৰীৰ বাবে কৃষকক ব্যক্তিগত কোম্পানীৰে জড়িত হোৱাৰো অনুমতি প্ৰদান কৰিব । লগতে নতুন আইনে ন্যূনতম সমৰ্থন মূল্য প্ৰদান কৰাতো বন্ধ নকৰে বুলিও কেন্দ্ৰীয় চৰকাৰে আশ্বাস দিয়ে ।

লগতে পঢ়ক:AUS বনাম IND প্ৰথম টেষ্ট : টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বনিম্ন ৰাণ ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.