নিউজ ডেস্ক, ৯ জুন : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ (Delhi Chief Minister Arvind Kejriwal) অধিবক্তাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী গোচৰত গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে পুনৰীক্ষণ আবেদন দাখিল কৰিছে (Kejriwals lawyer files review petition) । আবেদনখনত কোৱা হৈছে যে উচ্চ ন্যায়ালয়ৰ আদেশত এটা ত্ৰুটি আছে । বিষয়টোৰ শুনানি অহা ৩০ জুনত হ'ব (Prime Minister Narendra Modi degree case) ।
উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ গোচৰটো পুনৰ এবাৰ গুজৰাট উচ্চ ন্যায়ালয়ত (Gujarat High Court) উপনীত হৈছে । ২০২৩ চনৰ ৩১ মাৰ্চত গুজৰাট উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী প্ৰদৰ্শন কৰা নহ'ব বুলি ৰায় দিয়ে । লগতে গোচৰটো সম্পূৰ্ণ হোৱা বুলিও ঘোষণা কৰে (PM Modi degree case in Gujarat High Court) । অৱশ্যে বৰ্তমান অৰবিন্দ কেজৰিৱালৰ অধিবক্তাই এই বিষয়টো সন্দৰ্ভত পুনৰ এক পুনৰীক্ষণ আবেদন দাখিল কৰিছে ।
এই সন্দৰ্ভত অৰবিন্দ কেজৰিৱালৰ অধিবক্তা ওম কোটৱালে শুকুৰবাৰে গুজৰাট উচ্চ ন্যায়ালয়ত পুনৰীক্ষণ আবেদন দাখিল কৰিছে । এই পুনৰীক্ষণ আবেদনত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে প্ৰদান কৰা সিদ্ধান্ত আৰু আদেশসমূহ ত্ৰুটিপূৰ্ণ । লগতে আবেদনখনত কোৱা হৈছে যে এই আদেশটো পুনৰীক্ষণ কৰা প্ৰয়োজন (review petetion on Modi dgree case) ।
উল্লেখ্য, নিৰ্দেশটোত এইটোও কোৱা হৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী থকাৰ তথ্য গুজৰাট বিশ্ববিদ্যালয়ৰ ৱেবছাইটত অনলাইন দিয়া হৈছে । কিন্তু বাস্তৱত মোদীৰ ডিগ্ৰী অনলাইনত উপলব্ধ নহয় । সেয়েহে এই সকলোবোৰ বিষয় সমানে পুনৰীক্ষণ কৰা উচিত ।
আনহাতে, সমগ্ৰ বিষয়টো পুনৰ উত্থাপন কৰাৰ পিছত উচ্চ ন্যায়ালয়ে গুজৰাট বিশ্ববিদ্যালয় আৰু মুখ্য তথ্য আয়ুক্তকে ধৰি সংশ্লিষ্ট সকলো পক্ষক জাননী দি আদালতত গোচৰ ৰুজু কৰিছে । এতিয়া গোচৰটোৰ পৰৱৰ্তী শুনানি ৩০ জুনত অনুষ্ঠিত হ'ব ।
লগতে পঢ়ক :Wrestlers Protest Row : অভিযোগকাৰী মল্লযোদ্ধাক লৈ ব্ৰীজ ভূষণৰ বাসগৃহত উপস্থিত দিল্লী আৰক্ষী