ETV Bharat / bharat

PM Modi in Rajasthan: কংগ্ৰেছৰ একমাত্ৰ অৰ্থ হৈছে লুণ্ঠনৰ দোকান আৰু মিছাৰ বজাৰ; প্ৰধানমন্ত্ৰী

author img

By

Published : Jul 8, 2023, 10:28 PM IST

ৰাজস্থানত উপস্থিত হৈ অশোক গেহলট চৰকাৰক তীব্ৰ আক্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ ৰাজ্যখনত গেহলট চৰকাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৷

PM Modi in Rajasthan
PM Modi in Rajasthan

নেশ্যনেল ডেস্ক, 8 জুলাই: শনিবাৰে ৰাজস্থানৰ বিকানেৰ জিলা ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ জিলাখনৰ নৌৰংদেচাৰত এক জনসভা সম্বোধন কৰি কংগ্ৰেছৰ লগতে গেহলট চৰকাৰক তীব্ৰ আক্ৰমণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ একমাত্ৰ অৰ্থ হৈছে লুণ্ঠনৰ দোকান আৰু মিছাৰ বজাৰ ৷ কংগ্ৰেছে দিয়া ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতিবোৰ আঁৰত লুণ্ঠনৰ উদ্দেশ্য লুকাই আছে ৷

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘ৰাজস্থানৰ কৃষকসকল মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে গেহলটে ৷ ‘‘কৃষকসকলক 10 দিনৰ ভিতৰত ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতি দিছিল গেহলট চৰকাৰে ৷ কিন্তু কৃষকসকলক এতিয়া প্ৰতাৰণা কৰা হৈছে ৷’’

যি ৰাজ্যত ‘ডাৱল ইঞ্জিন’ৰ চৰকাৰক ৰাইজে কাম কৰাৰ সুযোগ প্ৰদান কৰিছে সেই ৰাজ্যত দ্ৰুত বিকাশ হৈছে বুলিও কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ আৰু কয় যে ৰাজস্থানত কংগ্ৰেছ চৰকাৰ শাসনলৈ অহাৰ পিচৰে পৰা সমগ্ৰ দল আৰু চৰকাৰে নিজৰ মাজত যুঁজ দি আহিছে । সকলোৱে ইজনে সিজনৰ ভৰি টানি আছে ।

মুখ্যমন্ত্ৰী গেহলটক আক্ৰমণ কৰি তেওঁ পুনৰ কয় যে ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল নিজৰ পুত্ৰৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে চিন্তা কৰি আছে ৷ ৰাজ্যখনৰ আন পুত্ৰ-কন্যাসকলৰ প্ৰতি কোনো দায়িত্ব নাই গেহলটৰ ৷ এনে লোকে ৰাজস্থানৰ ভাল কৰিব পাৰবি নে বুলি প্ৰশ্ন কৰি তেওঁলোকক পৰা ৰাজস্থানৰ কোনো উন্নয়ন আশা কৰিব নোৱাৰি বুলিও মন্তব্য প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে ৷

গেহলটৰ চৰকাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘"ৰাজস্থানত কংগ্ৰেছ চৰকাৰ শাসনলৈ অহাৰ পিচৰে পৰা দুৰ্নীতি, অপৰাধ আৰু লুণ্ঠন সংঘটিত হৈছে । সমগ্ৰ কংগ্ৰেছ চৰকাৰ শোষণত নিয়োজিত হৈ আছে । ৰাজস্থান অপৰাধ, মহিলাৰ ধৰ্ষণৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে । ৰক্ষকসকলেই এতিয়া ভক্ষক হৈ পৰিছে ৷’’

ৰাজস্থানত বিভিন্ন পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত সৰৱ হয় প্ৰধানমন্ত্ৰীগৰাকী ৷ তেওঁ কয় যে ৰাজস্থান চৰকাৰ প্ৰশ্নকাকত ফাদিলৰ উদ্যোগত পৰিণত হৈছে ৷ এতিয়ালৈকে, 17 টা মুখ্য পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে ৷ ফলত যুৱক-যুৱতীসকলৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে ৷ কংগ্ৰেছৰ লুণ্ঠনে আনকি শিক্ষানুষ্ঠানসমূহকো এৰি দিয়া নাই ৷’’ এনেদৰেই শনিবাৰে ৰাজস্থানত অশোক গেহলট চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

লগতে পঢ়ক: Bengal Panchayat Polls 2023: পশ্চিম বংগত নিৰ্বাচনী হিংসা; প্ৰহৃত হ’ল ইটিভি ভাৰতৰ সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.