ETV Bharat / bharat

PM Modi France Visit : ফ্ৰান্সত উপস্থিত প্ৰধানমন্ত্ৰী; পেৰিছ বিমানবন্দৰত ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এলিজাবেথৰ আদৰণি

author img

By

Published : Jul 13, 2023, 6:55 PM IST

পেৰিছ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এলিজাবেথ বৰ্ণে । উল্লেখ্য, দুদিনীয়া ভ্ৰমণসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে ১৪ এপ্ৰিলত ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱসৰ বাবে ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ সৈতে পেৰিছত সন্মানীয় অতিথি হিচাপে যোগদান কৰিব ।

PM Modi France Visit
PM Modi France Visit

ইণ্টাৰনেচনেল ডেস্ক, ১৩ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে গৈ ফ্ৰান্সত উপস্থিত হৈছে । ভাৰতৰ প্ৰধানমন্ত্ৰীক পেৰিছ বিমানবন্দৰত দেশখনলৈ আনুষ্ঠানিকভাৱে আদৰণি জনায় ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এলিজাবেথ বৰ্ণে । উল্লেখ্য, দুদিনীয়া ভ্ৰমণসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে ১৪ এপ্ৰিলত ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱসৰ বাবে ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ সৈতে পেৰিছত সন্মানীয় অতিথি হিচাপে যোগদান কৰিব ।

  • Landed in Paris. Looking forward to boosting India-France cooperation during this visit. My various programmes today include an interaction with the Indian community later in the evening. pic.twitter.com/2rBClUL0zJ

    — Narendra Modi (@narendramodi) July 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে ভাৰতীয় সেনাৰ তিনিওটা বাহিনীৰ এটা দলে বেষ্টিল দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব । আনহাতে, ভাৰতীয় বায়ুসেনাৰ বিমানে এই উপলক্ষে ফ্লাই-পাষ্ট প্ৰদৰ্শন কৰিব । এই বছৰটো হৈছে দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্বৰ ২৫ সংখ্যক বাৰ্ষিকী । ফ্ৰান্সলৈ উৰামৰাৰ পূৰ্বে দিয়া বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু ফ্ৰান্সে প্ৰতিৰক্ষা, মহাকাশ, অসামৰিক, পাৰমাণৱিক, নীল অৰ্থনীতি, বাণিজ্য, বিনিয়োগ, শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত ঘনিষ্ঠভাৱে সহযোগিতা আগবঢ়াই আহিছে ।

ইয়াৰ উপৰি এখন ফৰাচী বাতৰিকাকতক দিয়া এক সাক্ষাৎকাৰৰ সময়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ বিষয়টোতো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, "ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কেনেকৈ বিশ্বৰ হৈ কথা কোৱা বুলি দাবী কৰিব পাৰে, যেতিয়া বিশ্বৰ আটাইতকৈ জনবহুল দেশ আৰু সৰ্ববৃহৎ গণতন্ত্ৰয়ে ইয়াৰ স্থায়ী সদস্য নহয় ?" আনহাতে, এই ক্ষেত্ৰত ফ্ৰান্সৰ স্থিতিৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত প্ৰস্তাৱিত পৰিৱৰ্তনৰ সন্দৰ্ভত সকলো দেশৰ ভাষ্য শুনিব লাগিব ।

তেওঁ এই ভ্ৰমণক 'বিশেষভাৱে বিশেষ' বুলি অভিহিত কৰে । এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ ভাৰতীয় সম্প্ৰদায় আৰু আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলকো সাক্ষাৎ কৰিব ।

আনহাতে, ১৩-১৪ জুলাইলৈ ফ্ৰান্স ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ সৈতে আনুষ্ঠানিক আলোচনা কৰিব । মেক্ৰ'নে প্ৰধানমন্ত্ৰীৰ সন্মানত এক ৰাষ্ট্ৰীয় ভোজমেলৰ লগতে ব্যক্তিগত নৈশভোজনৰো আয়োজন কৰিব । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভ্ৰমণকালত দুয়োখন দেশৰ ভাৰতীয় প্ৰবাসী আৰু আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক সাক্ষাৎ কৰিব ।

লগতে পঢ়ক :PM Modi on UNSC Membership : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যপদক লৈ মোদীৰ গুৰুত্বপূৰ্ণ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.