ETV Bharat / bharat

PM Modi Egypt Visit : শনিবাৰে ইজিপ্ত ভ্ৰমণলৈ মোদী; ভ্ৰমণ কৰিব একাদশ শতিকাৰ আল হাকিম মছজিদ - PM Modi to visit 11th century Al Hakim Mosque

মছজিদটো মূলত আল-হাকিম বাই-আমৰ আল্লাৰ পিতৃ খলিফা আল-আজিজ বিল্লাহে দশম শতিকাৰ শেষৰ ফালে, ৯৯০ চনত নিৰ্মাণ কৰিছিল । তাৰ পিছত ১০১৩ চনত আল-হাকিমে সম্পূৰ্ণ কৰে ।

PM Modi Egypt Visit
PM Modi Egypt Visit
author img

By

Published : Jun 23, 2023, 8:04 PM IST

Updated : Jun 24, 2023, 8:17 AM IST

নিউজ ডেস্ক, ২৩ জুন : শনিবাৰৰ পৰা আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ইজিপ্ত ভ্ৰমণ । এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ১১ শতিকাৰ আল-হাকিম মছজিদ পৰিদৰ্শন কৰিব । প্ৰধানমন্ত্ৰী মোদীৰ ইজিপ্তৰ ৰাজধানী কাইৰোত তেওঁৰ দুদিনীয়া কাৰ্যসূচীৰ অন্তিম দিনটোত এই মছজিদ ভ্ৰমণ প্ৰথম অনুষ্ঠান হিচাপে নিৰ্ধাৰণ কৰা হৈছে ।

প্ৰধানমন্ত্ৰীয়ে আল-হাকিম মছজিদত প্ৰায় আধা ঘণ্টা অতিবাহিত কৰিব । ১৬ সংখ্যক ফাতিমিদ খলিফা আল-হাকিম বাই-আমৰ আল্লাৰ (৯৮৫-১০২১) নামেৰে নামকৰণ কৰা এই মছজিদটো হৈছে কায়ৰোৰ এক ঐতিহাসিক আৰু বিশেষ মছজিদ ।

মছজিদটো মূলত আল-হাকিম বাই-আমৰ আল্লাৰ পিতৃ খলিফা আল-আজিজ বিল্লাহে দশম শতিকাৰ শেষৰ ফালে, ৯৯০ চনত নিৰ্মাণ কৰিছিল । তাৰ পিছত ১০১৩ চনত আল-হাকিমে ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰে । মছজিদটোক আল-আনৱাৰ বুলিও জনা যায় । যাৰ অৰ্থ হৈছে আলোকিত । যিটো ফাটিমিডসকলে প্ৰতিষ্ঠা কৰা পূৰ্বৰ আল-আজহাৰ মছজিদৰ নামৰ দৰেই একে । এই মছজিদটো হৈছে কাইৰো চহৰৰ দ্বিতীয় সৰ্ববৃহৎ আৰু বিশ্বৰ চতুৰ্থ পুৰণি মছজিদ ।

মছজিদটো ইছলামিক কাইৰোৰ মাজভাগত অৱস্থিত । ই আল-মুইজ ষ্ট্ৰীটৰ পূবফালে আৰু বাব আল-ফুতুহৰ ঠিক দক্ষিণে অৱস্থিত (ফাতিমিদ কায়ৰোৰ উত্তৰ চহৰৰ দুৱাৰৰ এখন) ।

ইজিপ্তৰ ৰাজধানী কায়ৰোৰ মাজভাগত অৱস্থিত প্ৰায় ১০০০ বছৰ পুৰণি আন্তঃগাঁথনিৰ আল-হাকিম বাই-আমৰ আল্লা মছজিদটো এই বছৰৰ ২৭ ফেব্ৰুৱাৰীত পুনৰ মুকলি কৰা হয় । ইয়াৰ পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'বলৈ ছয় বছৰ সময় লাগে । উল্লেখ্য, প্ৰধানমন্ত্ৰী মোদীয়ে ২৪ আৰু ২৫ জুনত ইজিপ্ত ভ্ৰমণ কৰিব ।

ইয়াৰ পূৰ্বে বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই কয়, "ইয়াত উল্লেখ কৰিবলগীয়া যে এইটো প্ৰধানমন্ত্ৰীৰ প্ৰথম ইজিপ্ত ভ্ৰমণ হ'ব আৰু মই এইটোও উল্লেখ কৰোঁ যে ১৯৯৭ চনৰ পিছত এইটো হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ইজিপ্তলৈ প্ৰথম আনুষ্ঠানিক দ্বিপাক্ষিক ভ্ৰমণ ।"

উল্লেখ্য, প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ প্ৰথম ইজিপ্ত ভ্ৰমণৰ সময়ত প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইজিপ্তৰ হৈ যুঁজ দিয়া ভাৰতীয় সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে হেলিঅ'পলিছ ৱাৰ গ্ৰেভ সমাধিক্ষেত্ৰও পৰিদৰ্শন কৰিব ।

লগতে পঢ়ক :PM Modi in US congress : আমেৰিকাৰ কংগ্ৰেছৰ যুটীয়া অধিৱেশন সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ

Last Updated : Jun 24, 2023, 8:17 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.