নিউজ ডেস্ক, ২৭ জুন : ২০২৪ চনত অনুষ্ঠিত হ'বলগীয়া হাই-ভল্টেজ সাধাৰণ নিৰ্বাচনৰ এবছৰ পূৰ্বে ৰাজনৈতিক আলোচনাৰ এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ইউনিফৰ্ম চিভিল কোড তথা অভিন্ন নাগৰিক সংহিতা ।
দেশৰ সকলো নাগৰিকক সমান অধিকাৰ প্ৰদান কৰিব বুলি দাবী কৰি বিজেপিয়ে ইয়াক কাৰ্যকৰীকৰণৰ বাবে পৰিকল্পনা কৰিছে । আনহাতে, বিৰোধী শিবিৰে ইউনিফৰ্ম চিভিল কোডক লৈ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ।
মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশত দলৰ গুৰুত্বপূৰ্ণ 'মেৰা বুথ সবচে মজবুত' অভিযানত ইউনিফৰ্ম চিভিল কোডৰ বিষয়ত আগবঢ়োৱা বক্তব্যত আগন্তুক বৰ্ষত ইয়াক কাৰ্যকৰীকৰণৰ বিষয়ে দিয়া ইংগিতে এই বিষয়টোক পুনৰ এবাৰ চৰ্চালৈ আনিছে ।
ভূপালত দলৰ কৰ্মীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এখন দেশত কোনো দুখন আইন থাকিব নোৱাৰে । "যদি মানুহৰ বাবে দুটা পৃথক নিয়ম থাকে তেন্তে এটা পৰিয়ালে কাম কৰিব পাৰিবনে ? তেন্তে দেশ এখন কেনেকৈ চলিব ? আমাৰ সংবিধানেও সকলো লোকৰ সমান অধিকাৰৰ নিশ্চয়তা দিয়ে ।" প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে ভূপালত বিজেপিৰ 'মেৰা বুথ সবচে মজবুত' অভিযানত দলীয় কৰ্মীসকলক সম্বোধন কৰি কয় ।
ইউনিফৰ্ম চিভিল কোডৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ এই মন্তব্যই বিজেপি আৰু ইয়াৰ প্ৰতিদ্বন্দ্বী দলসমূহৰ মাজত বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাগৰিকসকলৰ বাবে এক সাৰ্বজনীন আইনৰ প্ৰতিশ্ৰুতি দিয়া অভিন্ন নাগৰিক সংহিতাক সমৰ্থন কৰা মন্তব্যই বিৰোধী দলসমূহক টিঙিৰি-তুলা কৰি তুলিছে । লগতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । মোদীৰ মন্তব্যৰ পিছত অকণো সময় পলম নকৰাকৈ এনে আইন বিভাজনকাৰী প্ৰকৃতিৰ আৰু গণতন্ত্ৰৰ বাবে ভাল নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
বিষয়টো সন্দৰ্ভত বক্তব্য ৰাখি কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয়, "তেওঁ (প্ৰধানমন্ত্ৰী) প্ৰথমে দেশত দৰিদ্ৰতা, মূল্যবৃদ্ধি আৰু নিবনুৱাৰ বিষয়ে উত্তৰ দিয়া উচিত । তেওঁ কেতিয়াও মণিপুৰ বিষয়ত কথা নকয়, গোটেই ৰাজ্যখন জ্বলি আছে । তেওঁ কেৱল এইবোৰ বিষয়ৰ পৰা মানুহক আঁতৰাই ৰাখি আছে ।"
অৱশ্যে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষি লেখীয়ে প্ৰস্তাৱিত আইনখনৰ সপক্ষে বক্তব্য ৰাখে । "দেশত ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰিব লাগে, যাতে মহিলাসকলে পৰিয়ালত তেওঁলোকৰ প্ৰাপ্য পদ লাভ কৰে । ভাৰত চৰকাৰে ইয়াৰ বাবে সম্ভৱপৰ সকলো কাম কৰিব । এখন দেশত দুখন আইন থাকিব নোৱাৰে ।" লেখীয়ে কয় ।
ইফালে বিতৰ্কিত বিষয়টো সন্দৰ্ভত অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডে গৰিহণা দিয়ে । "প্ৰধানমন্ত্ৰীয়ে মনত ৰাখিব লাগে যে তেওঁ ডঃ বি আৰ আম্বেদকাৰৰ দ্বাৰা প্ৰস্তুত কৰা সংবিধানৰ নামত শপত গ্ৰহণ কৰিছে । দেশৰ সংবিধানৰ ওপৰত সকলো শ্ৰেণীৰে বিশ্বাস আছে আৰু ইয়াক সলনি হ'বলৈ নিদিব ।" কংগ্ৰেছ নেতা তথা অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডৰ কাৰ্যবাহী সদস্য আৰিফ মাছুদে কয় ।
আনহাতে, এআইএমআইএমৰ মুৰব্বী আছদুদ্দিন ওৱেইচিয়েও নাগৰিক সংহিতাক লৈ বিজেপিক তীব্ৰ সমালোচনা কৰি কৈছে যে গেৰুৱা দলটোৱে এনে পদক্ষেপৰ বাবে নিৰ্বাচনত পৰিণাম ভোগ কৰিব । নাগৰিক সংহিতাৰ বাবে প্ৰদান কৰা হেঁচাৰ বাবে বিজেপিক সমালোচনা কৰি তেওঁ কয়, "বিজেপিক এই আইন আনিবলৈ দিয়ক । গেৰুৱা দলটোৱে কৰ্ণাটকত ভুগি থকাৰ দৰেই পৰিণামৰ মুখামুখী হ'ব ।"
লগতে পঢ়ক :Manipur violence: মণিপুৰৰ পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ