ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডীৰ শাসনকালৰ মাইলৰ খুঁটিসমূহৰ চমু আভাষ...

author img

By

Published : Sep 17, 2021, 9:35 AM IST

Updated : Sep 17, 2021, 1:37 PM IST

আজি 71 বছৰত ভৰি দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(Prime Minister Narendra Modi) ৷ তেওঁৰ জন্মদিনটো ঐতিহাসিকৰূপে পালন কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে বিজেপিয়ে(BJP) । বিজেপিৰ লক্ষ্য অনুসৰি, প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনত দেশবাসীক সৰ্বাধিক ক’ভিড ভেকচিন(Covid Vaccine) প্ৰদান কৰা হ’ব ৷ লগতে 21 দিনীয়া ‘সেৱা আৰু সমৰ্পণ’ অভিযানো আৰম্ভ কৰিব বিজেপিয়ে ৷

PM Modi birthday
প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন

নিউজ ডেস্ক, 17 ছেপ্তেম্বৰ : আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi) 71 সংখ্যক জন্মদিন ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ ওপজা দিনটো ঐতিহাসিকৰূপে পালন কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় বিজেপিয়ে(BJP) ৷ প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনৰ শুভক্ষণত দেশবাসীক সৰ্বাধিক ক’ভিড ভেকচিন(Covid Vaccine) প্ৰদান কৰা হ’ব ৷ ইয়াৰ লগতে, 21 দিনীয়াকৈ ‘সেৱা আৰু সমৰ্পণ’ অভিযানো আৰম্ভ কৰিব বিজেপিয়ে ৷

1950 চনৰ 17 ছেপ্তেম্বৰত গুজৰাটৰ এখন সৰু চহৰত জন্মগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী মোডডীয়ে ৷ এটা দৰিদ্ৰ পৰিয়ালত ডাঙৰ-দীঘল হোৱা মোডীৰ জীৱনৰ প্ৰাৰম্ভিক কষ্টবোৰে তেওঁক কঠোৰ পৰিশ্ৰমৰ মূল্য শিকাইছিল । আৰম্ভণিতে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ(RSS) সৈতে কাম কৰিছিল ৷

  • देश के सर्वप्रिय नेता प्रधानमंत्री @narendramodi जी को जन्मदिन की शुभकामनाएं। ईश्वर से आपके उत्तम स्वास्थ्य व सुदीर्घ जीवन की कामना करता हूँ।

    मोदी जी ने न सिर्फ देश को समय से आगे सोचने और परिश्रम की पराकाष्ठा से संकल्प को सिद्ध करने की सोच दी बल्कि उसको चरितार्थ करके भी दिखाया।

    — Amit Shah (@AmitShah) September 17, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

তাৰ পাচত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত ভাৰতীয় জনতা পাৰ্টি সংগঠনৰ(BJP) সৈতে কাম কৰি ৰাজনীতিত যোগদান কৰিছিল । প্ৰধানমন্ত্ৰী মোডীয়ে গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল ।

প্ৰধানমন্ত্ৰী মোডীয়ে ‘প্ৰধানমন্ত্ৰী’ হিচাপে তেওঁৰ দ্বিতীয় কাৰ্যকালৰ তৃতীয়টো বছৰ কাৰ্যনিৰ্বাহ কৰি আছে ৷ তেওঁ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ৰ মূলমন্ত্ৰৰে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাচৰ পৰাই সামগ্ৰিক, উন্নয়নমুখী আৰু দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

2014 চনৰ পৰা 2019 চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰ কাৰ্যনিৰ্বাহ কৰাৰ পাচত 2019 চনৰ মে’ মাহত দ্বিতীয় কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে । 2001 চনৰ অক্টোবৰ মাহৰ পৰা 2014 চনৰ মে’ মাহলৈকে তেওঁ গুজৰাটৰ আটাইতকৈ দীঘলীয়া সময়ৰ মুখ্যমন্ত্ৰী হিচাপে পদত অধিষ্ঠিত হৈ আছিল ।

  • भारत के यशस्वी प्रधानमंत्री श्री @narendramodi को जन्मदिवस की हार्दिक शुभकामनाएँ। अपने निर्णय लेने की क्षमता, कल्पनाशीलता और दूरदृष्टि के लिए विख्यात मोदीजी ने भारत को एक ‘आत्मनिर्भर भारत’ का स्वरूप देने का जो संकल्प लिया है, वह उनके विज़न और प्रबल इच्छाशक्ति का प्रतीक है।

    — Rajnath Singh (@rajnathsingh) September 17, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে আগন্তুক 7 অক্টোবৰত তেওঁ অন্য এক সফলতা অৰ্জন কৰিব ৷ কিয়নো উক্ত দিনটোতেই ৰাইজৰ সেৱাত ব্ৰতী থকাৰ 20 টা বছৰ সম্পূৰ্ণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ 2014 আৰু 2019 চনৰ নিৰ্বাচনত তেওঁ ভাৰতীয় জনতা পাৰ্টীক(BJP) নেতৃত্ব দি দুবাৰকৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতা আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷

প্ৰধানমন্ত্ৰী মোডীৰ(PM Modi) অধীনত বিজেপি নেতৃত্বাধীন চৰকাৰে কেইবাটাও কল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰিছে । আয়ুষ্মান ভাৰত(Ayushman Bharat) হৈছে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্যসেৱা কাৰ্যসূচী, যিয়ে 50 কোটিতকৈও অধিক ভাৰতীয়ক সামৰি লৈছে । প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ(Pradhan Mantri Jan Dhan Yojana) অংশ হিচাপে 35 কোটিতকৈও অধিক জন ধন একাউণ্ট খোলা হৈছে, যাৰ লক্ষ্য হৈছে প্ৰতিগৰাকী ভাৰতীয়ক ধন লেন-দেনৰ সুবিধাৰ্থে বেংক একাউণ্টৰ সুবিধা প্ৰদান কৰা । সমাজৰ আটাইতকৈ দুৰ্বল শ্ৰেণীৰ বাবে বীমা আৰু পেঞ্চনৰ উপৰিও JAM trinity (Jan Dhan- Aadhaar- Mobile)য়ে দেশত স্বচ্ছতা অনাৰ লগতে আৰু দুৰ্নীতিৰ পৰিমাণ হ্ৰাস কৰিছে ।

  • Assam is forever blessed with your generosity & love. Your visionary leadership has given a new impetus to peace & prosperity in Assam, and the North East.

    On your birthday Adarniya Pradhan Mantri Sri @narendramodi, I wish you good health & many more years of service to nation. pic.twitter.com/WuIKKe63ZG

    — Himanta Biswa Sarma (@himantabiswa) September 17, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

মোডী চৰকাৰে বিভিন্ন শ্ৰেণীৰ বাবে পেঞ্চন আঁচনি প্ৰস্তুত কৰিছে । প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা(Pradhan Mantri Ujjwala Yojana) আঁচনিয়ে 7 কোটিৰো অধিক হিতাধিকাৰীক ধোঁৱামুক্ত পাকঘৰ প্ৰদান কৰিছে ৷ স্বাধীনতাৰ 70 বছৰৰ পাচত বিদ্যুৎ বিহীন প্ৰায় 18,000 খন গাঁৱত বিদ্যুৎ সংযোগ কৰা হৈছে । আগন্তুক 2022 চনৰ ভিতৰত ‘সকলোৰে বাবে গৃহ নিৰ্মাণ’ৰ লক্ষ্য হাতত লৈছে মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ৷

আনহাতে, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি(PM Kisan Samman Nidhi), মৃত্তিকা স্বাস্থ্য কাৰ্ড(Soil Health Cards), ই-এনএএমৰ(E-NAM) দৰে আঁচনিৰ জৰিয়তে কৃষিৰ ওপৰচ গুৰুত্ব প্ৰদান কৰা হৈছে । 2014 চনত প্ৰধানমন্ত্ৰী মোডীয়ে ২‘স্বচ্ছ ভাৰত Swachh Bharat Mission) আৰম্ভ কৰিছিল আৰু ইয়াৰ অন্তৰ্গত চেনিটাইজেশ্যন প্ৰক্ৰিয়া 2014 চনত 38 শতাংশৰ পৰা 99 শতাংশলৈ বৃদ্ধি পাইছে ।

  • राष्ट्रसेवा और जनहित को सर्वोपरि रखने वाले सच्चे कर्मयोगी, आदर्शवादी राजनेता और देश के यशस्वी प्रधानसेवक श्री नरेन्द्र मोदी जी को समस्त भाजपा परिवार की ओर से जन्मदिन की हार्दिक शुभकामनाएं। #HappyBdayModiji pic.twitter.com/AGprxFhktS

    — BJP (@BJP4India) September 16, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰোপৰি ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লপথ, আই-ৱে আৰু জলপথ নিৰ্মাণৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি প্ৰয়োগ কৰিছে । প্ৰধানমন্ত্ৰীৰ UDAN আঁচনিয়ে এই সংযোগ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে । প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা ‘মেক ইন ইণ্ডিয়া’(Make in India) উদ্যোগটোৱে দেশৰ উৎপাদনক দ্ৰুত গতিত আগুৱাই নিয়াত সদায় কৰিছে । মোডী চৰকাৰে ডিজিটেল লেনদেনক উৎসাহিত কৰিছে আৰু মুদ্ৰা যোজনাৰ(Mudra Yojana) জৰিয়তে পুঁজি যোগানত সহায় আগবঢ়াইছে ৷

বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিক সংস্কাৰ আৰু GST আৰম্ভ হোৱাৰ উপৰিও, মোডী চৰকাৰে ভাৰতৰ সমৃদ্ধ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতিও মনোযোগ দিছে । ভাৰতত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিমূৰ্তি ‘Statue of Unity’ আছে, য’ত চৰ্দাৰ বল্লৱভাই পেটেলক সমগ্ৰ দেশে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সুবিধা লাভ কৰিছে ।

প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ভাৰতে নৱীকৰণযোগ্য শক্তি সংৰক্ষণ কৰাত সহায় কৰিছে । এই অৱদানৰ বাবে ৰাষ্ট্ৰসংঘৰ দ্বাৰা ‘Champions of the Earth Award’ৰে সন্মানিত কৰা হৈছে প্ৰধানমন্ত্ৰীগৰাকীক । তেওঁ দুৰ্যোগ ব্যৱস্থাপনা, প্ৰযুক্তিৰ শক্তি আৰু মানৱ সম্পদৰ শক্তিক ব্যৱহাৰ কৰি দেশত এক নতুন দৃষ্টিভংগী আনিবলৈ চেষ্টা কৰিছে ।

প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ বৈদেশিক নীতিৰ ক্ষেত্ৰত গ্ৰহণ কৰিব পৰা পদক্ষেপৰ আভাস দি SAARC ৰাষ্ট্ৰসমূহৰ সকলো ৰাষ্ট্ৰপ্ৰধানৰ উপস্থিতিত প্ৰথমটো কাৰ্যকাল আৰম্ভ কৰে আৰু দ্বিতীয় কাৰ্যকালৰ আৰম্ভণিতে BIMSTEC নেতাসকলক আমন্ত্ৰণ জনায় ।

প্ৰধানমন্ত্ৰী মোডীক ৰজা আব্দুল আজিজৰ চৌদি আৰৱৰ সৰ্বোচ্চ অসামৰিক সন্মান(Saudi Arabia Sash of King Abdulaziz) সহ বিভিন্ন সন্মানেৰে সন্মানিত কৰা হয় ৷ তেওঁক ৰাছিয়া (The Order of the Holy Apostle Andrew the First), পেলেষ্টাইন (Grand Collar of the State of Palestine), আফগানিস্তান (Amir Amanullah Khan Award), ইউ এ ই (Zayed Medal) আৰু মালদ্বীপ (Rule of Nishan Izzuddeen)ৰ কেইবাটাও শীৰ্ষ বঁটা প্ৰদান কৰা হৈছে ।

2018 চনত প্ৰধানমন্ত্ৰীয়ে শান্তি আৰু উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সন্মানীয় ‘Seoul Peace Prize’ লাভ কৰে । নৰেন্দ্ৰ মোডীয়ে এটা দিনক ‘আন্তৰ্জাতিক যোগ দিৱস’(International Day of Yoga) হিচাপে চিহ্নিত কৰাৰ আহ্বানে ৰাষ্ট্ৰসংঘত এক অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল ।

অন্যতম প্ৰযুক্তি-জ্ঞানী নেতা হিচাপে পৰিচিত তেওঁ পৰিৱৰ্তনৰ ক্ষেত্ৰত নানা ধৰণৰ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে । কবিতাকে ধৰি ইতিমধ্যে কেইবাখনো কিতাপ লিখিছে প্ৰধানমন্ত্ৰী মোডীয়ে । মোডী চৰকাৰে সকলোৰে বাবে খোৱা পানী, ৰাস্তা, প্ৰতিখন গাঁৱলৈ ব্ৰডবেণ্ড সংযোগ আৰু সকলোৰে বাবে শিক্ষাৰ পৰিকল্পনা কৰিছে ।

মোডী চৰকাৰে গ্ৰহণ কৰা মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, স্কীল ইণ্ডিয়া, ফিট ইণ্ডিয়া আৰু আত্মনিৰ্ভৰশীল ভাৰতকে ধৰি বিভিন্ন পদক্ষেপৰ মূল লক্ষ্য হৈছে এখন নৱ ভাৰত গঢ়ি তোলা ।

লগতে পঢ়ক: মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব উনানী ঔষধ পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষ

Last Updated : Sep 17, 2021, 1:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.