ETV Bharat / bharat

PM Modi Telangana visit : হায়দৰাবাদত বন্দে ভাৰত এক্সপ্ৰেছ মুকলি প্ৰধানমন্ত্ৰী - Chennai Airport New Terminal

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হায়দৰাবাদত উপস্থিত হৈ ছেকেন্দ্ৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে (Modi flagged off Vande Bharat express)। ১১,৩০০ কোটি টকাৰ আন্তঃগাঁথনিমূলক আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন । অনুষ্ঠানত উপস্থিত নাথাকিল তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও ।

PM Modi Telangana visit
হায়দৰাবাদত বন্দে ভাৰত এক্সপ্ৰেছ মুকলি
author img

By

Published : Apr 8, 2023, 6:23 PM IST

নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হায়দৰাবাদত শনিবাৰে ছেকেন্দ্ৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ শুভাৰম্ভ কৰে (Vande Bharat Express between Secunderabad Tirupati)। তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত তিনি মাহৰ ব্যৱধানত এয়া দ্বিতীয়খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ শুভাৰম্ভ (Vande Bharat Express flagged off)।

ইফালে প্ৰধানমন্ত্ৰী মোডীয়ে দুয়োখন তেলুগু ৰাজ্যৰ জনসাধাৰণক লাভান্বিত কৰিবলৈ ১১,৩০০ কোটি টকাৰ আন্তঃগাঁথনিমূলক আৰু উন্নয়নমূলক প্ৰকল্পৰো উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে । তেওঁ দুয়োখন তেলেগু ৰাজ্যৰ মাজত উন্নত যাতায়াতৰ লক্ষ্যৰে ৭,৮৫০ কোটি টকা ব্যয়েৰে পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প আৰু ১,৩৫০ কোটি টকা ব্যয়েৰে এইমছ বিবিনগৰৰ আধাৰশিলা স্থাপন কৰে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৭২০ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ হ'বলগীয়া ছেকেন্দ্ৰাবাদ ৰে'ল ষ্টেচনৰ পুননিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰিব । ইফালে মুকলি হোৱা চেকেন্দ্ৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছে তেলেংগানাৰ ৰাজধানী আৰু ধৰ্ম নগৰী তিৰুপতিৰ মাজত ভ্ৰমণৰ সময় চাৰে তিনি ঘণ্টা হ্ৰাস কৰিব (Modi flagged off Vande Bharat express)। দুয়োখন তেলুগু ৰাজ্যৰ মাজত প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ছেকেন্দ্ৰাবাদ আৰু বিশাখাপট্টনমৰ মাজত চলি আছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হায়দৰাবাদৰ পেৰেড গ্ৰাউণ্ডত এখন ৰাজহুৱা সভাও সম্বোধন কৰিব (Modi public meeting in Hyderabad)। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ৰে'ল প্ৰকল্প শুভাৰম্ভ কৰিব য'ত আছে চেকেন্দ্ৰাবাদ-মহাবুবনগৰ প্ৰকল্পৰ দ্বৈত আৰু বৈদ্যুতিকৰণ । ৮৫ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰা প্ৰকল্পটো প্ৰায় ১,৪১০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল ।

হায়দৰাবাদৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে তামিলনাডুলৈ ৰাওনা হ'ব য'ত তেওঁ কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । তেওঁ চেন্নাইত বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব (Chennai Airport New Terminal)। চেন্নাই-কইম্বাটুৰ বন্দে ভাৰত এক্সপ্ৰেছৰো শুভাৰম্ভ কৰিব আৰু চেন্নাইৰ শ্ৰী ৰামকৃষ্ণ মঠৰ ১২৫ তম বাৰ্ষিকী উদযাপনত তেওঁ অংশগ্ৰহণ কৰিব ।

উল্লেখ্য যে, তেলেংগানাৰ বিধানসভা নিৰ্বাচন সমাগত । তেনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে । নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰত থকা বিজেপি দলে তেলেংগানাত নিজৰ স্থিতি শক্তিশালী কৰাত অধিক গুৰুত্ব আৰোপ কৰিছে । লক্ষ্যণীয়ভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰকল্প উদ্বোধনৰ অনুষ্ঠানত উপস্থিত নাছিল তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা বিআৰএছ প্ৰধান কে চন্দ্ৰশেখৰ ৰাও ।

লগতে পঢ়ক : PM Modi Slammed Telangana govt : তেলেংগানা চৰকাৰে কেন্দ্ৰক সহযোগিতা নকৰাৰ অভিযোগ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.